ETV Bharat / state

প্ৰদ্যুৎ বৰদলৈ হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি - APCC president

এ আই চি চি(AICC)ৰ এক সুত্ৰই প্ৰকাশ কৰা মতে চলিত মাহতে নতুন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হ’ব । প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰূপে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নগাৱঁৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ (Pradyut Bordoloi)ক দেখা পোৱাৰ সম্ভাৱনা আছে ।

AICC
প্ৰদ্যুৎ বৰদলৈ হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি : এই মাহতে নিযুক্তি
author img

By

Published : Jun 12, 2021, 12:22 PM IST

গুৱাহাটী, ১২ জুন : সকলো ঠিকে ঠাকে থাকিলে চলিত মাহতে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰূপে দেখা পোৱা যাব জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নগাৱঁৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক । বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ লগতে নিজেও গহপুৰ সমষ্টিত মুখঠেকেচা খাবলগীয়া হোৱা দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা (Ripun Bora)ই নিৰ্বাচনী ফলাফল ওলোৱাৰ দিনাই পৰাজয়ৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ সভাপতি পদৰ পৰা ইস্তাফা দিছিল ।

দলৰ শীৰ্ষ নেতৃত্বই অৱশ্যে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি পৰৱৰ্তী এজন সভাপতি নিযুক্তি নিদিয়ালৈকে তেওঁকেই ভাৰপ্ৰাপ্ত হিচাপে সভাপতিৰ দায়িত্ব পালন কৰি যাবলৈ নিৰ্দেশ দিছিল । কিন্তু এতিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব (AICC) সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ এজন নতুন সভাপতি নিযুক্তি দিয়াৰ বাবে ।

এ আই চি চি(AICC)ৰ এক সুত্ৰই প্ৰকাশ কৰা মতে চলিত মাহতে নতুন সভাপতি নিযুক্তি দিয়া হ’ব । গতিকে স্বাভাৱিকতে এতিয়া কংগ্ৰেছৰ বাহিৰে ভিতৰে তুমূল চৰ্চা চলিছে কোন হ’ব পৰৱৰ্তী সভাপতি তাকে লৈ । কিয়নো নতুন সভাপতিয়েই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া পৌৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আদিৰ নেতৃত্ব বহন কৰিব লাগিব ।

প্ৰাৰম্ভিকভাৱে নতুন সভাপতি পদৰ বাবে সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi), এ আই চি চি(AICC)ৰ সম্পাদক ভূপেন বৰা (Bhupen Bora), বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (Debabrat Saikia), সাংসদ প্ৰদ্যুৎ বৰদলৈ (Pradyut Bordoloi) আদিৰ নাম চৰ্চালৈ আহিছিল যদিও ইতিমধ্যে বৰদলৈৰ বাহিৰে বাকীসকলৰ নাম এই চৰ্চাৰ পৰা আতৰিছে । কিয়নো গৌৰৱ গগৈ (Gaurav Gogoi) লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ আসনত অধিষ্ঠিত হৈ আছে ।

আনহাতে, ভূপেন বৰা (Bhupen Bora) নিজেই দ্বিতীয়বাৰৰ বাবে বিধানসভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ পৰা পৰাজিত হৈছে । দেৱব্ৰত শইকীয়া (Debabrat Saikia)ক ইতিমধ্যে হাইকমাণ্ডে পুণৰবাৰ বিধানসভাত বিৰোধী দলপতিৰ দায়িত্ব দিছে । গতিকে চলিত মাহৰ ভিতৰতে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে প্ৰদ্যুৎ বৰদলৈ (Pradyut Bordoloi)ৰ নাম আনুষ্ঠানিকভাৱে দলীয় নেতৃত্বই ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক : নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ: শিশু সেৱা আঁচনি মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.