ETV Bharat / state

Assam economic survey 2023: ৰাজ্যত ব্যাপক হাৰত হৈছে জনবিস্ফোৰণ; অৰ্থনীতি সমীক্ষাৰ তথ্যত উদ্বেগজনক তথ্য

author img

By

Published : Mar 19, 2023, 9:38 PM IST

ৰাজ্য চৰকাৰে বিধানসভাত দাখিল কৰা অসম অর্থনীতি সমীক্ষা ২০২২-২৩ ৰিপ’ৰ্টে উদঙাইছে ৰাজ্যখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ (Assam economic survey report) ৷ অধিকাংশ ক্ষেত্ৰতেই ৰিপ’ৰ্টত প্ৰকাশ পাইছে ৰাজ্যখনৰ নেতিবাচক ছবি ৷ ২০২১-২২ বৰ্ষত জিডিপি ৪ লাখ ১২ হাজাৰ ৬১২ কোটি টকালৈ বৃদ্ধি পায় যদিও প্ৰতিজন ব্যক্তিৰ ওপৰত থকা ঋণৰ বোজা বৃদ্ধি পাই ২৬,৭৭১ টকালৈ ৷ বৰ্ত্তমান সময়ত ইয়াৰ পৰিমাণ ৩৮ হাজাৰ টকালৈ বৃদ্ধি পাইছে ৷

Assam economic survey 2023
ৰাজ্যত ব্যাপক হাৰত হৈছে জনবিস্ফোৰণ

গুৱাহাটী,১৯ মাৰ্চ: চৰকাৰখনে কোৱাৰ দৰে সঁচাই ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ হৈছেনে ৷ স্বাভাৱিকতেই এই প্ৰশ্ন উত্থাপন হয় ৷ এই প্ৰশ্নৰ উত্তৰ দিছে ৰাজ্য চৰকাৰে বিধানসভাত দাখিল কৰা অসম অর্থনীতি সমীক্ষা ২০২২-২৩ ৰিপ’ৰ্টে ৷ অধিকাংশ ক্ষেত্ৰতেই এই ৰিপ’ৰ্টত প্ৰকাশ পাইছে ৰাজ্যখনৰ নেতিবাচক প্ৰতিচ্ছবি ৷

অর্থনৈতিক জৰীপৰ প্ৰতিবেদন অনুসৰি ৰাজ্যৰ জিডিপি বৃদ্ধি পাইছে ৷ কিন্তু জিডিপি বৃদ্ধি পাইছে যদিও সমান্তৰালভাৱে জনমূৰি ঋণৰ পৰিমাণো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ ২০১৭-১৮ চনত ৰাজ্যৰ জিডিপিৰ পৰিমাণ আছিল ২ লাখ ৮৩ হাজাৰ ১৬৫ কোটি টকা ৷ ইয়াৰ বিপৰীতে উক্ত বৰ্ষত ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰ মূৰত ঋণৰ বোজা আছিল ১৩,৫২১ টকা ৷ সেইদৰে ২০১৮-১৯ চনত ৰাজ্যৰ জিডিপি ৩,০৯,৩৩৬ কোটিৰ বিপৰীতে জনমূৰি ঋণৰ পৰিমাণ আছিল ১৬,০৪১ টকা (Assam economic survey report) ৷

আনহাতে ২০২১-২২ বৰ্ষত জিডিপি ৪ লাখ ১২ হাজাৰ ৬১২ কোটি টকালৈ বৃদ্ধি পায় যদিও প্ৰতিজন ব্যক্তিৰ ওপৰত থকা ঋণৰ বোজাও ২৬,৭৭১ টকালৈ বৃদ্ধি পায় (GDP of Assam) ৷ ইফালে শেহতীয়া তথ্য মতে ৰাজ্যখনৰ প্ৰতিগৰাকী লোকৰ ওপৰত ধাৰৰ বোজা ৩৮ হাজাৰলৈ বৃদ্ধি পাইছে ৷ সেইদৰে চৰকাৰখনৰ ঋণৰ পৰিমাণ ১ লাখ ৩১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে (Assam govt in debt) ৷

অৱশ্যে ৰাষ্ট্ৰীয় অর্থনৈতিক বিকাশৰ হাৰ ৮.৭ শতাংশ হোৱাৰ বিপৰীতে ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ হাৰ হয়গৈ ২০২১-২২ বিত্তীয় বৰ্ষত ৮.১ শতাংশ ৷ অর্থনৈতিক জৰীপে প্ৰকাশ কৰা আন এক উদ্বেগজনক তথ্য হ’ল কৃষিখণ্ডৰ মন্থৰ উন্নয়ন ৷ অসমৰ দৰে এখন কৃষিপ্ৰধান ৰাজ্যত ধানৰ উৎপাদন চলিত বিত্তীয় বৰ্ষত উদ্বেগজনকভাৱে হ্ৰাস পাইছে (Rice production in Assam) ৷

২০২০-২১ বৰ্ষত ৰাজ্যত ৫২ লাখ ১৩ হাজাৰ ৮৫২ টন ধান উৎপাদন হোৱাৰ বিপৰীতে ২০২১-২২ বিত্তীয় বৰ্ষত এই পৰিমাণ ৪৩ লাখ ৮ হাজাৰ ২৬৯ টনলৈ হ্ৰাস পাইছে। ৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে কৃষিৰ উৎপাদন হ্ৰাস পোৱাৰ সমান্তৰালভাৱে ৰাজ্যত কৃষিভূমিৰ পৰিমাণো হ্ৰাস পাইছে আৰু ঘেঁহু-কুঁহিয়াৰৰ উৎপাদনো উল্লেখনীয়ভাৱে কমিছে ৷ অর্থনৈতিক জৰীপত প্ৰকাশ পোৱা মতে সামগ্ৰিকভাৱে শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে (Health sector development in Assam) ৷

কিন্তু সাধাৰণ শ্ৰেণীৰ লোকক এতিয়াও ৰাজ্যৰ স্বাস্থ্যখণ্ডই আশানুৰূপভাৱে সকাহ দিব পৰা নাই ৷ জৰীপ মতে ৰাজ্যখনৰ চিকিৎসালয়ত এতিয়া প্ৰতি ১ লাখ লোকৰ বিপৰীতে আছে মাত্ৰ ৬১খন বিছনা ৷ ঠিক সেইদৰে ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমত এতিয়াও প্ৰসূতিৰ মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে উচ্চ হৈ আছে ৷ ২০১৭-১৯ বৰ্ষত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ আছিল ক্ৰমে ২০৫ (Pregnancy death in Assam) ৷ ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ আছিল ১০৩ ৷

সেইদৰে অর্থনৈতিক জৰীপে ৰাজ্যৰ শিক্ষাৰ মন্থৰ উন্নয়নৰ স্বৰূপটো প্ৰকাশ কৰিছে ৷ বিগত বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষত ৰাজ্যত বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাইছে ৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে ২০১৯-২০ বৰ্ষত আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ ৪.৩ হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষত এই হাৰ ৬.০২লৈ বৃদ্ধি পায় ৷ অর্থনৈতিক জৰীপে ৰাজ্যখন যে জনসংখ্যা বিস্ফোৰণত জৰ্জৰিত হৈছে, সেই কথাও প্ৰকাশ কৰিছে (Population of Assam) ৷

জৰীপৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য মতে ২০০১-২০১১ চনৰ ভিতৰত ৰাষ্ট্ৰীয় জনসংখ্যা বৃদ্ধিৰ হাৰ ১৭.৬৮ শতাংশ হোৱাৰ বিপৰীতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হ’ল ১৭.০৭ শতাংশ ৷ চৰকাৰে ৰাজ্যখনৰ বিকাশৰ ঢাক-ঢোল বজালেও কিন্তু বাস্তৱ স্বৰূপটো অসম অর্থনীতি সমীক্ষা ২০২২-২৩ ৰিপ’ৰ্টত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: Assam govt in debt: ২২ মাহতে বিজ্ঞাপনত ১৩১ কোটি টকা ব্যয় কৰি অভিলেখ শৰ্মা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.