ETV Bharat / state

পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Oct 4, 2020, 4:42 PM IST

পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগৰ সন্মুখীন হৈছে গুৱাহাটী মহানগৰীৰ এক নং ৱাৰ্ডবাসী ৷ দেওবাৰে এই পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ৷ স্থানীয় লোকৰ বহু আবেদন-নিবেদনে স্পৰ্শ কৰিব পৰা নাই স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক ৷

poor road condition in guwahati assam etv bharat news
পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

গুৱাহাটী,4 অক্টোবৰ: মহানগৰ নহয় যেনিবা কোনো জকাইচুকহে ৷ মহানগৰত বাস কৰিও যেন বহু যোজন আঁতৰত গুৱাহাটীৰ ১নং ৱাৰ্ডবাসী ৷ চৰকাৰী উন্নয়নৰ আঁচনিয়ে যেন এতিয়াও ঢুকি পোৱা নাই অঞ্চলটোক । স্থানীয় লোকৰ বহু আবেদন-নিবেদন, কাকুতি-মিনতি একোৱে স্পৰ্শ কৰিব পৰা নাই স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক ।

পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত এই ৱাৰ্ডটোৰ প্ৰায় সংখ্যক পথৰে অৱস্থা এতিয়া জৰাজীৰ্ণ হৈ পৰিছে । বিশেষকৈ বেজপাৰা-কবৰস্থান সংযোগী পথৰ অৱস্থা যথেষ্ঠ শোচনীয়, যাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈ পৰিছে পথচাৰীসকল ৷ বিগত সময়ছোৱাত অৰ্থাৎ 2006 চনত পথচোৱাৰ সামান্য মেৰামতি কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত পথৰ মেৰামতিৰ নামত এচপৰা মাটিও পথটোত পৰা নাই ৷ যাৰ বাবে দেওবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । প্ৰতিবাদী ৰাইজে বিধায়ক কলিতাকো সকিয়নী প্ৰদান কৰি শীঘ্ৰে পথছোৱা মেৰামতি কৰি দিবলৈ আহ্বান জনায় ৷ নহ’লে পৰৱৰ্তী নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে অঞ্চলবাসীয়ে ৷

লগতে চাওকঃ বৰপেটা-নলবাৰী জিলাৰ সীমান্তত 'ৰাইজৰ দল'ৰ নেতাক আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.