গুৱাহাটী, ১১জুন : গুণোৎসৱৰ চমক সৃষ্টিৰ পাছতো সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ চৰকাৰী বিদ্য়ালয়ে উন্নত ফলাফল প্ৰদৰ্শনত ব্য়ৰ্থ হৈছে(Bad result of govt. school in hslc)। ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে আধিপত্য বিস্তাৰ কৰিছে (Good result of private school)। শীৰ্ষ দহটা স্থান লাভ কৰা ৫৫ গৰাকী ভিতৰত ৪৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত খণ্ড আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ । চৰকাৰী বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ৪৫.৬১ শতাংশ(govt school pass rate 45.61) ।
গুণোৎসৱৰ চমক সৃষ্টিৰ পাছতো চৰকাৰী বিদ্যালয়ে ভাল ফলাফল দেখুৱাব নোৱাৰাকলৈ ৰাইজৰ মাজত চৰ্চা হৈছে । শিক্ষকৰ অভাৱ, নিয়মানুৱর্তিতাৰ অভাৱ নে আন্তঃগাঁথনিৰ অভাৱ তাক লৈও চৰ্চা চলিছে। চৰকাৰী বিদ্যালয়সমূহত ভাল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি নকৰা বাবে এই বিদ্যালয়ৰ ফলাফল আশাব্যঞ্জক নহয় বুলি একাংশ শিক্ষকে মন্তব্য কৰিছে । তদুপৰি আন্ত:গাঁথনিৰ অভাৱৰ বাবেও চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী নাহে । সেয়েহে আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ কৰণীয় আছে বুলি বহুজনে মন্তব্য কৰিছে ।
ইপিনে,গুৱাহাটী মহানগৰীৰ অতি পুৰণি চৰকাৰী বিদ্যালয়ৰ ফলাফল আশাব্যঞ্জক নহ'ল । মহানগৰীৰ ১৮৮ বছৰ গৰকা ঐতিহ্যমণ্ডিত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সুনাম ধৰি ৰখাত ৰখাত ব্যৰ্থ হৈছে । শিক্ষানুষ্ঠানখনৰ পৰা ৩১ গৰাকীকৈ শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে । মুঠ ৫৭গৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ২৬ গৰাকীয়েহে উত্তীৰ্ণ হৈছে । ৪৫.৬১ শতাংশ উত্তীৰ্ণৰ হাৰ লৈয়ে ক্ষান্ত থাকিবলগীয়া হৈছে ।
![poor performance of government schools in HSLC exam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15530483_1064_15530483_1654927479719.png)
ইপিনে,গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এইবাৰ উত্তীৰ্ণৰ হাৰ ৭৩.৯১ শতাংশ । আনহাতে ,বিভিন্ন সমস্যাৰ মাজতো আশাব্যঞ্জক ফলাফল দেখুৱাইছে ঐতিহ্যমণ্ডিত তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়(টি চি স্কুল)। ৰাজ্যৰ ভিতৰত সপ্তম স্থান দখল কৰি নিশা শৰ্মাই বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । বিদ্যালয়খনৰ পৰা মুঠ ৮৬গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষা অৱতীৰ্ণ হৈছিল আৰু ৫৯ গৰাকী উত্তীৰ্ণ হৈছে । উত্তীৰ্ণৰ হাৰ ৬৯.৫ শতাংশ ।
উল্লেখ্য় যে ১০ বছৰৰ পিছত ১০ শীৰ্ষ স্থানৰ ভিতৰত নিশা শৰ্মাই সপ্তম স্থান দখল কৰিছে। আনহাতে,মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অধ্যয়ন কৰা কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল আশাব্যঞ্জক । বিদ্য়ালয়খনৰ ৯৫.৭৫ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । এইবাৰ মুঠ ৪৭ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰ ভিতৰত ৪৫গৰাকী উত্তীৰ্ণ হৈছে ।
লগতে পঢ়ক:HSLC পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা ভুয়সী মেধিক ৰঙিয়াত সম্বৰ্ধনা