ETV Bharat / state

Multilevel automated parking: ধোঁৱাচাঙত মহানগৰীৰ বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা - উত্তৰ পূৱৰ প্ৰথমটো বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা

ধোঁৱাচাঙত উঠিল মহানগৰীত অৱস্থিত উত্তৰ পূৱৰ প্ৰথমটো বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা (Poor condition of Multilevel Automated Car Parking system) ৷ মহানগৰবাসীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা এই স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থাটো ব্যৱহাৰৰ অভাৱত জহিখহি গৈছে ৷

ধোঁৱাচাঙত মহানগৰীৰ বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা

author img

By

Published : Jul 15, 2022, 8:27 PM IST

গুৱাহাটী, ১৫ জুলাই : বগাহাতীত পৰিণত হৈছে মহানগৰীৰ শ্ৰদ্ধাজ্ঞলি কাননৰ সমীপত থকা বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং (Multilevel Automated Car Parking in Guwahati)। সম্প্ৰতি বিকল হৈ পৰিছে পাৰ্কিং স্থানৰ ওপৰৰ মহলাসমূহ । ব্যৱহাৰ নকৰাৰ ফলত বিকল হৈছে পাৰ্কিং স্থানটো (Poor condition of Multilevel Automated Car Parking system) ।

Multilevel Automated Car Parking in Guwahati
স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা

জু-ৰোডৰ যানজঁট হ্ৰাস কৰাৰ উদ্দেশ্যে জি এম ডি এই প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল উত্তৰ পূৱৰ প্ৰথমটো বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ৷ এই স্থানটো তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সেইসময়ৰ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০১৭ চনৰ ১০ অক্টোবৰত ৰাইজৰ বাবে মুকলি কৰি দিছিল । কিন্তু পাৰ্কিঙৰ অভাৱ আৰু জি এম ডি এৰ অনিহাৰ বাবে বিকল হৈ পৰিছে পাৰ্কিং স্থানটো ।

ধোঁৱাচাঙত মহানগৰীৰ বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা

পাৰ্কিং স্থানটোৰ কৰ্মচাৰীয়ে জনোৱা মতে, দিনত প্ৰায় ৪০ খনহে গাড়ী পাৰ্কিং হয় । বৰ্তমান পাৰ্কিঙৰ সংখ্যা একেবাৰেই কম । কেৱল শ্ৰদ্ধাজ্ঞলি কাননলৈ অহা লোকেহে পাৰ্কিং কৰে । বাহিৰৰ লোকে পাৰ্কিং কৰিবলৈ নাহে । বহুতে পাৰ্কিঙৰ মাচুল দিব লাগে বাবেও এই স্থানলৈ গাড়ী পাৰ্কিং কৰিবলৈ নাহে । সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং স্থানটোত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে ৷

লগতে পঢ়ক : ধোঁৱাচাঙত চৰকাৰী আঁচনি: 3 বছৰ পৰ্যন্ত সম্পূৰ্ণ নহ'ল সৌৰশক্তি চালিত পাম্প

কৰ্মচাৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, চাৰিচকীয়া বাহন পাৰ্কিং মাচুল প্ৰথম দুই ঘন্টাত ২০ টকা আৰু তাৰ পিছত প্ৰতি ঘন্টাত ১০ টকাকৈ বাঢ়ি যায় ৷ ইয়াৰ বিপৰীতে দুচকীয়া বাহনত প্ৰথম দুঘন্টাত ১০ টকা আৰু তাৰ পিছত প্ৰতি ঘন্টাত ৫ টকাকৈ হয় । ইফালে পাৰ্কিঙটোত ৩০০ খন চাৰিচকীয়া বাহন আৰু ১৫০ খন দুচকীয়া বাহন পাৰ্কিং কৰিব পৰা ব্যৱস্থা আছে যদিও অধিকাংশ সময় পাৰ্কিং স্থানটো খালী হৈ থাকে ।

ব্যৱহাৰৰ অভাৱত জহিখহি গৈছে স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা

তদুপৰি পাৰ্কিং স্থানটো ওপৰৰ মহলাসমূহ ব্যৱহাৰৰ অভাৱত বিগত দুবছৰ ধৰি বিকল হৈ পৰি ৰৈছে । এই ক্ষেত্ৰত জি এম ডি এই কোনো ব্যৱস্থা কৰা নাই । আনহাতে, কিছুদিন পূৰ্বে মহানগৰীত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ১৭ দিন পাৰ্কিং স্থানটোত নাছিল বিদ্যুৎ ৷ যাৰ বাবে ১৭ দিনে বন্ধ হৈ আছিল পাৰ্কিং স্থানটো ৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যাৰ ভিতৰত এটা প্ৰধান সমস্যা হৈছে যানজঁট । মহানগৰীৰ পথসমূহৰ বহন ক্ষমতাৰ বিপৰীতে তুলনামূলকভাৱে বেছি যান-বাহন চলা চল কৰে৷ য'তে-ত'তে গাড়ী পাৰ্কিং, বাছ আস্থানৰ বিপৰীতে যিকোনো স্থানতে চিটিবাছকে ধৰি অন্যান্য যাত্ৰীবাহী গাড়ীসমূহ ৰখোৱা দেখা যায় ৷ ফলত মহানগৰীত নিতৌ বৃদ্ধি পাব ধৰিছে যানজঁটৰ সমস্যা । অৱশ্যে এই সমস্যাৰ পৰা মহানগবাসীয়ে কেতিয়া লাঘৱ পাব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Protest against price hike : স্মৃতিলৈ স্মৃতি শক্তি বৃদ্ধিৰ দৰব প্ৰেৰণ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.