ETV Bharat / state

হোটেলৰ লগতে চিকিৎসালয়লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰি - etv bharat assam

অতিশীঘ্ৰেই যদি জাননী প্ৰেৰণ কৰা উদ্যোগৰ লগতে হোটেল ৰেস্তোৰা আৰু চিকিৎসালয় সমূহে প্ৰাথমিক পৰ্যায়ৰ বৰ্জিত পানী আৰু নলা পৰিশোধন প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সেই সমূহৰ অনুজ্ঞা পত্ৰ বাতিল হ'ব বুলি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সচিব গৰাকীয়ে জানিবলৈ দিয়ে ।

হোটেলৰ লগতে চিকিৎসালয়লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰি
author img

By

Published : Jul 5, 2019, 10:14 AM IST

গুৱাহাটী,৫ জুলাই :বৃহস্পতিবাৰে অসমৰ কেইবাখনো হোটেলৰ লগতে চিকিৎসালয়লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে নিৰ্দেশনা জাৰি কৰে। বৰ্জিত পানী আৰু নলা পৰিশোধন ব্যৱস্থা নথকা চিকিৎসালয়ৰ লগতে হোটেল ৰেস্তোৰা সমূহলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাননী জাৰি কৰে।

হোটেলৰ লগতে চিকিৎসালয়লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰি

অসমৰ প্ৰতি খন জিলাৰ মুঠ 448খন চিকিৎসালয়ৰ লগতে 361 খন হোটেল ৰেস্তোৰা আৰু বিবাহভৱন বন্ধ কৰাৰ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে। ইয়াৰোপৰিও প্ৰাথমিক পৰ্যায়ৰ যি সা-সুবিধা হোটেল ৰেস্তোৰা,বিবাহভৱন আৰু চিকিৎসালয় সমূহত নাথাকে সেই সমূহে প্ৰতিদিনে 7000 টকাৰ জৰিমনা ভৰিব লাগিব বুলি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সচিব ধ্বজেন্দ্ৰ নাথ দাসে জানিবলৈ দিলে। তদুপৰি অতিশীঘ্ৰেই যদি জাননী প্ৰেৰণ কৰা উদ্যোগৰ লগতে হোটেল ৰেস্তোৰা আৰু চিকিৎসালয় সমূহে প্ৰাথমিক পৰ্যায়ৰ বৰ্জিত পানী আৰু নলা পৰিশোধন প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সেই সমূহৰ অনুজ্ঞা পত্ৰ বাতিল হ'ব বুলিও জানিব দিয়ে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সচিব গৰাকীয়ে। এতিয়া কেৱল জাননী প্ৰেৰণ কৰিয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দায়িত্ব সামৰিব নে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেইয়া কাৰ্যকৰী হ'ব সেয়া অনাগত দিনত হে দেখা যাব ।

Intro:প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰি অসমৰ প্ৰায় কেইখন হোটেলৰ লগতে চিকিৎসালয় সমূহলৈও । বৰ্জিত পানী আৰু নলা পৰিশোধন ব্যৱস্থা নথকা চিকিৎসালয়ৰ লগতে হোটেল ৰেস্তোৰালৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জাননী জাৰি। কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে অসমৰ মুঠ 448 খন হোটেল ৰেস্তোৰা আৰু চিকিৎসালয়লৈ লগতে 361 খন হোটেল ৰেস্তোৰা , বিবাহভৱন আৰু চিকিৎসালয়লৈ বন্ধ কৰাৰ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । অসমৰ প্ৰতি খন জিলাৰ হোটেল ৰেস্তোৰা , বিবাহভৱন আৰু চিকিৎসালয়লৈ এই জাননী প্ৰেৰণ কৰিছে ইতিমধ্যেই অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে।

Body:প্ৰাথমিক পৰ্য্যায়ৰ যি সা সুবিধা হোটেল ৰেস্তোৰা , বিবাহভৱন আৰু চিকিৎসালয়ত নাথাকে সেই সমূহত প্ৰতিদিনে 7000 টকাৰ জৰিমনা ভৰিব লাগিব বুলি জানিবলৈ দিলে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সচিব ধ্বজেন্দ্র নাথ দাসে।
Bite:-ধ্বজেন্দ্র নাথ দাস।

Conclusion:অতিশীঘেই যদি জাননী প্ৰেৰণ কৰা উদ্যোগৰ লগতে হোটেল ৰেস্তোৰা আৰু চিকিৎসা লয় সমূহে প্ৰাথমিক পৰ্য্যায়ৰ বৰ্জিত পানী আৰু নলা পৰিশোধন প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জৰিমনা আৰু অনুজ্ঞা পত্ৰ বাতিল হব সেইসমূহৰ। এতিয়া অনাগত দিনত দেখা যাব কেৱল জাননী প্ৰেৰণ কৰিয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দায় সাৰিব নে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেইয়া কাৰ্যকৰী হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.