ETV Bharat / state

ৰাজনৈতিক নেতা আৰু সাংবাদিকক হোম কোৱাৰেন্টাইনৰ পৰা ৰেহাই - assembly election result

হোম কোৱাৰেন্টাইনত থাকিব নালাগে ৰাজ্যৰ স্বীকৃত ৰাজনৈতিক দল সমূহৰ নেতা আৰু স্বীকৃত সাংবাদিক সকল ৷ অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৷

political leaders and accredited journalists exempted from undergoing compulsorily home quarantine
ৰাজনৈতিক নেতা আৰু সাংবাদিকক হোম কোৱাৰেন্টাইনৰ পৰা ৰেহাই
author img

By

Published : May 2, 2021, 8:10 AM IST

Updated : May 2, 2021, 9:40 AM IST

নিউজ ডেস্ক, 2 মে' : অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বাহিৰৰ পৰা আহিলেও হোম কোৱাৰেন্টাইনত থকাৰ প্ৰয়োজন নাই ৰাজনৈতিক নেতা আৰু সাংবাদিকৰ ৷ দেওবাৰে এক নিৰ্দেশনা জাৰি কৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এই কথা সদৰী কৰে ৷

political leaders and accredited journalists exempted from undergoing compulsorily home quarantine
ৰাজনৈতিক নেতা আৰু সাংবাদিকক হোম কোৱাৰেন্টাইনৰ পৰা ৰেহাই

নিৰ্দেশনাটোত উল্লেখ থকা মতে, অসম বিধানসভা নিৰ্বাচন কেন্দ্ৰ কৰি ৰাজ্যৰ বাহিৰৰ পৰা বিমান আৰু ৰে'লযোগে অহা স্বীকৃত ৰাজনৈতিক দল সমূহৰ নেতা আৰু স্বীকৃত সাংবাদিক সকলক সাতদিনীয়া বাধ্যতামূলক হোম কোৱাৰেন্টাইনৰ পৰা ৰেহাই দিয়া হৈছে ৷

অৱশ্যে, অসমত আহি উপস্থিত হোৱাৰ পাচত তেওঁলোকে বাধ্যতামূলকভাৱে ক'ভিড পৰীক্ষা কৰিব লাগিব আৰু RT PCR পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি ঘোষণা নোহোৱা পৰ্যন্ত তেওঁলোক আইচ'লেশ্যনত থাকিব লাগিব ৷

উল্লেখনীয়ভাৱে, 1 মে' ৰ দিনটোত অসমত মুঠ 3453 গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হয় ৷ ইয়াৰ ভিতৰত কেৱল কামৰূপ মহানগৰ জিলাত 1417 গৰাকী লোক এই অতিমাৰীত আক্ৰান্ত হৈছে ৷ 1 মে' ৰ দিনটোত অসমত মুঠ 91,126 গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰা তথ্য অনুযায়ী ৰাজ্যখনত বৰ্তমান 4,32,770 প্ৰতিষেধক উপলব্ধ অৱস্থাত আছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত মুঠ 25,66,157 লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক:2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ সাম্ভাব্য ফলাফল...

Last Updated : May 2, 2021, 9:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.