ETV Bharat / state

Conflict between BJP and NPP: বিজেপিৰ পৰা নিজকে ৰক্ষাৰ চেষ্টা কনৰাড চাংমাৰ - Conrad Sangma on BJP

মঙলবাৰে মেঘালয়ৰ শাসকীয় এনপিপিৰ এজনকে ধৰি চাৰিজন বিধায়কক নিজৰ দলত দিল্লীত যোগদান কৰাই শক্তি বৃদ্ধি কৰিলে বিজেপিয়ে (Meghalaya MLAs joined in BJP) ৷ এই যোগদানৰ আঁৰৰ মানুহজন আছিল NEDAৰ সমন্বয়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ পিছতে স্বাভাৱিকতে প্ৰসংগ উৎথাপন হয়, মেঘালয়ত শক্তি বৃদ্ধিত ব্যস্ত হৈছে বিজেপি (Conflict between BJP and NPP) ৷

Conflict between BJP and NPP
Conflict between BJP and NPP
author img

By

Published : Dec 15, 2022, 7:50 PM IST

গুৱাহাটী, 15 ডিচেম্বৰ: মেঘালয়ৰ শীতৰ আচ্ছাদন আৰু বৰদিনৰ উলাহৰ মাজতে চেৰীফুলবোৰ এতিয়া ধুনীয়াকৈ ফুলিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত (Cherry blossom in Meghalaya) ৷ কিন্তু শীতৰ মাজতো ৰাজনীতিৰ কফিকাপ গৰম হৈ আছে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৷ অহা বছৰৰ আৰম্ভণিতে হ’বলগীয়া মেঘালয়ৰ বিধানসভা নিৰ্বাচনক লৈ শক্তি আহৰণৰ কচৰৎ আৰম্ভ হৈছে ৰাজ্যখনত (Meghalaya assembly poll 2023) ৷ মেঘালয়ৰ শেহতীয়া ৰাজনৈতিক ঘটনাৱলীয়ে ইংগিত দিছে উত্তৰ-পূবৰ ৰাজনীতিৰ নতুন সমীকৰণৰ ৷ বিজেপিৰ আগ্ৰাসনৰ পৰা পৰা মুক্ত হোৱাৰ চেষ্টা চলাইছে মেঘালয়ৰ বিজেপিৰ মিত্ৰদল নেশ্যনেল পিপলচ পাৰ্টী চমুকৈ এনপিপিয়ে ৷

হিমন্ত বিশ্ব শৰ্মাৰে সংঘাত বৃদ্ধি কনৰাড চাংমাৰ:
মঙলবাৰে মেঘালয়ৰ শাসকীয় এনপিপিৰ এজনকে ধৰি চাৰিজন বিধায়কক নিজৰ দলত দিল্লীত যোগদান কৰাই শক্তি বৃদ্ধি কৰিলে বিজেপিয়ে (Meghalaya MLAs joined in BJP) ৷ এই যোগদানৰ আঁৰৰ মানুহজন আছিল NEDAৰ সমন্বয়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ পিছতে স্বাভাৱিকতে প্ৰসংগ উৎথাপন হয়, মেঘালয়ত শক্তি বৃদ্ধিত ব্যস্ত হৈছে বিজেপি ৷

কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত আৰম্ভ হৈছে নেকি সংঘাত ? কিয়নো কনৰাড চাংমাক ওফৰাবলৈকে হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত মেঘালয়ত বিজেপিৰ শক্তি আহৰণেৰে ৪ বিধায়কৰ যোগদান পৰ্ব (Political conflicts in Meghalaya) ৷ সেয়ে, বিজেপি ক্ৰমাৎ এন পি পিৰ পৰা যে আঁতৰি গৈছে সেয়া একপ্ৰকাৰ স্পষ্ট হৈছে ৷ এনপিপিৰ মূৰব্বী কনৰাড চাংমায়ো ইতিমধ্যে স্পষ্টকৈ একাধিকবাৰ মন্তব্য কৰিছে যে, আগন্তুক বিধানসভা নিৰ্বাচন অকলেই খেলিব এনপিপিয়ে ৷

দিল্লীত এই সপ্তাহতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন NEDAৰ অংশীদাৰ হ’বলৈ অস্বীকাৰ কৰিছিল কনৰাড চাংমাই (Conrad Sangma refused to go with NEDA) ৷ এক কথাত, ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব মানি ল’বলৈ প্ৰকাৰন্তৰে অস্বীকাৰ কনৰাড চাংমাৰ ৷ সেয়ে, কনৰাড চাংমাক ওফৰাবলৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ পাশাখেলত খেলিছে নতুন খেল ৷ যাৰ প্ৰাৰম্ভিক ফলাফলত ৪ জন বিধায়কক বিজেপিত যোগদান কৰোৱা হ’ল শুকুৰবাৰে ৷

লগতে পঢ়ক: Meghalaya MLA joins BJP: মেঘালয়ৰ ৰাজনীতিত পট পৰিৱৰ্তন, চাৰি বিধায়কে যোগ দিলে বিজেপিত

এতিয়া উত্তৰ-পূবৰ ৰাজনীতি নিয়ন্ত্ৰণৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত NEDA ভংগ নাইবা দুৰ্বল হ’ব নেকি কনৰাড চাংমাৰ অবিহনে ? উত্তৰ-পূৱক লৈ কি হ’ব বিজেপিৰ সমীকৰণ ? সেয়া পৰৱৰ্তী দিনবোৰত লক্ষণীয় হ’ব ৷

চৰকাৰী আঁচনিৰ ধনক লৈ বিজেপি-কনৰাড চাংমাৰ মুকলি সংঘাত:

বিজেপিয়ে বিপথে পৰিচালিত কৰিছে মেঘালয়ৰ ৰাইজক, কনৰাড চাংমাৰ শেহতীয়া মুকলি অভিযোগ এয়া (Conrad Sangma on BJP)৷ মেঘালয়ৰ শাসকীয় মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সৰ মিত্ৰ বিজেপিয়ে যোৱা সপ্তাহত অভিযোগ উত্থাপন কৰিছিল যে, অহা বছৰৰ আৰম্ভণিতে হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৃষকক এন পি পিৰ কনৰাড চাংমা চৰকাৰে দিয়া ৫ হাজাৰ টকা আচলতে ঋণ আৰু হিতাধিকাৰীসকলে বেংকক ঘূৰাই দিব লাগিব ।

মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত কৃষকক দিয়া ধন ঋণ নহয় বুলি ঘোষণা কৰি তেওঁ অভিযোগ কৰে যে, বিজেপিয়ে ৰাজ্যখনৰ হিতাধিকাৰীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আহিছে । মেঘালয় চৰকাৰে দিয়া ৫০০০ টকা ধন ঋণ নহয়, এককালীন সাহাৰ্যহে ৷ এই আঁচনিৰ অধীনত কৃষকৰ গোটত পঞ্জীয়ন কৰিলে বাৰ্ষিক ৪.৫ লাখ কৃষক ৫০০০ টকাৰ অনুদানেৰে উপকৃত হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী চাংমাই ৷

৪ বিধায়কৰ বিজেপিত যোগদান আৰু ৫০০০ টকাৰ হিতাধিকাৰীৰ ঘটনাৰ পৰাও স্পষ্ট হয়, মেঘালয়ত এতিয়া মুকলি সংঘাতত নামি পৰিছে শাসকীয় কনৰাড চাংমাৰ এনপিপি আৰু বিজেপি ৷ বিজেপিৰ আগ্ৰাসনৰ পৰা ওলাই আহিবলৈ দৃঢ়তাৰে আগবাঢ়িছে কনৰাড চাংমা ৷ ইয়াৰ বিপৰীতে, কনৰাড চাংমাক ওফৰাবলৈ শক্তি আহৰণত নামি পৰিছে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গেৰুৱা দল বিজেপি ৷ ইয়াৰ স্পষ্ট ছবিখন অতিশীঘ্ৰেই উন্মোচিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

লগতে পঢ়ক: Assamese people in Meghalaya: অস্তিত্বৰ সংকটত মেঘালয়ৰ 10 খন অসমীয়াভাষী গাঁৱৰ বাসিন্দা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.