ETV Bharat / state

আৰক্ষীৰ ৰদবদলত নিৰ্বাচন আয়োগৰ স্থগিতাদেশ - নিৰ্বাচন আয়োগ

আৰক্ষীৰ ৰদবদলত স্থগিতাদেশ নিৰ্বাচন আয়োগৰ ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নহ’ব অসম আৰক্ষীৰ ৰদবদল প্ৰক্ৰিয়া ৷ শনিবাৰে স্থগিতাদেশ জাৰি নিৰ্বাচন আয়োগৰ ৷

আৰক্ষীৰ ৰদবদলত নিৰ্বাচন আয়োগৰ স্থগিতাদেশ

author img

By

Published : Feb 28, 2021, 6:37 AM IST

Updated : Feb 28, 2021, 8:15 AM IST

গুৱাহাটী,28 ফেব্ৰুৱাৰী: আৰক্ষীৰ ৰদবদলত স্থগিতাদেশ জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷ নিৰ্বাচন আয়োগে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কৰিব নোৱাৰিব অসম আৰক্ষীৰ ৰদবদল প্ৰক্ৰিয়া ৷

আৰক্ষীৰ ৰদবদলত নিৰ্বাচন আয়োগৰ স্থগিতাদেশ
আৰক্ষীৰ ৰদবদলত নিৰ্বাচন আয়োগৰ স্থগিতাদেশ

উল্লেখ্য যে, শুকুৰবাৰে নিৰ্বাচন আয়োগে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ সাল-সলনিৰ এক নিৰ্দেশ জাৰি কৰিছিল । এই নিৰ্দেশ মৰ্মে কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক, বিশেষকৈ ১২ গৰাকী আইপিএছ বিষয়া আৰু ৬ গৰাকী এপিএছ বিষয়াক বদলিৰ নিৰ্দেশনা জাৰি কৰা হৈছিল ৷ ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে নিৰ্বাচন আয়োগে ২৬ ফেব্ৰুৱাৰীৰ এই ৰদবদল কৰাৰ সাল-সলনি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰিছে ।

লগতে পঢ়কঃ "মহাজোঁট"ত চামিল হ'ব বিপিএফঃ টুইট যোগে ঘোষণা হাগ্ৰামাৰ

Last Updated : Feb 28, 2021, 8:15 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.