ETV Bharat / state

অনলাইনৰ জৰিয়তে ফৰেনচিক বিজ্ঞানাগাৰৰ প্রতিবেদন লাভৰ ব্যৱস্থা মুকলি - অনলাইনৰ মাধ্যমেৰে আৰক্ষীয়ে ফৰেনচিকৰ প্রতিবেদন লাভ কৰাৰ এই ব্যৱস্থা দেশৰ ভিতৰতে প্রথম

এতিয়াৰে পৰা অনলাইন মাধ্যমত আৰক্ষীয়ে লাভ কৰিব ফৰেনচিক বিজ্ঞানাগাৰৰ প্রতিবেদন (Police to Get forensic report online) । মঙলবাৰে এই ব্যৱস্থাটো অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰে । এই নতুন ব্যৱস্থাই গোচৰৰ তদন্ত ক্ষিপ্ৰ কৰাৰ লগতে বিচাৰ প্রক্রিয়া ত্বৰান্বিত কৰাতো সহায় কৰিব ।

online downloading fsl report for police
অনলাইনৰ জৰিয়তে ফৰেনচিক বিজ্ঞানাগাৰৰ প্রতিবেদন লাভৰ ব্যৱস্থা মুকলি
author img

By

Published : Mar 29, 2022, 10:23 PM IST

গুৱাহাটী,২৯ মাৰ্চ: অনলাইনৰ মাধ্যমেৰে ফৰেনচিক বিজ্ঞানাগাৰৰ প্রতিবেদন জিলা আৰক্ষীয়ে সংগ্রহ কৰিব পৰা এক ব্যৱস্থা মঙলবাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষী মুখ্য কার্যালয়ত শুভাৰম্ভ কৰে । অনলাইন মাধ্যমেৰে আৰক্ষীয়ে ফৰেনচিকৰ প্রতিবেদন লাভ কৰাৰ এই ব্যৱস্থা দেশৰ ভিতৰতে প্রথম (Police to Get forensic report online)। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (CID) এই ব্যৱস্থা গঢ়ি তুলিছে ।

online downloading fsl report for police
অনলাইনৰ মাধ্যমেৰে আৰক্ষীয়ে ফৰেনচিকৰ প্রতিবেদন লাভ কৰাৰ এই ব্যৱস্থা দেশৰ ভিতৰতে প্রথম

এতিয়াৰে পৰা মহানগৰ আৰক্ষী আৰু জিলা আৰক্ষীয়ে এই ব্যৱস্থাৰে বিভিন্ন গোচৰ সন্দৰ্ভত ফৰেচিক বিশেষজ্ঞসকলৰ প্রতিবেদন সংগ্রহ কৰিব পাৰিব । ফৰেনচিক বিশেষজ্ঞসকলে তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰি প্রতিবেদনখন ই-এফ এছ এল (e-FSL) মডিউল’ত নির্দিষ্ট জিলাখন বাচনি কৰি ‘আপলোড’কৰিব । ইয়াৰ পিছত নির্দিষ্ট জিলাৰ আৰক্ষীৰ ‘ডেছ ব’র্ড’ত ফৰেনচিকৰ প্রতিবেদনখন ‘আপলোড’ কৰাৰ সংকেট আহিব ।

অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ এগৰাকী ন’ডেল বিষয়াক এক নির্দিষ্ট আই ডিৰ জৰিয়তে এই প্রতিবেদন ডাউনলোড কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে । প্রতিবেদনৰ গোপনীয়তা ৰক্ষাৰ বাবে তিনি তৰপীয়া ‘অ’ টি পি’ জেনেৰেট কৰাৰো ব্যৱস্থা কৰা হৈছে । প্রক্রিয়াটোৱে নিজাববীয়াকৈ জেনেৰেট কৰা এনে ‘অ’ টি পি’ ন'ডেল বিষয়াৰ বিভাগীয় ম'বাইল তথা বিভাগীয় ই-মেইল ‘আই ডি’লৈ প্ৰেৰণ কৰা হ'ব ।

এই নতুন ব্যৱস্থাই সময়মতে ফৰেনচিকৰ প্রতিবেদন জিলা আৰক্ষী নাইবা মহানগৰ আৰক্ষীয়ে লাভ কৰাটো নিশ্চিত কৰিব । বর্তমান সময়ত ফৰেনচিকৰ প্রতিবেদন প্রস্তুত হোৱাৰ পিছত ফৰেনচিক বিজ্ঞানাগাৰে সংশ্লিষ্ট জিলা আৰক্ষীলৈ এনে প্রতিবেদন সংগ্ৰহ কৰাৰ বাবে বার্তা প্ৰেৰণ কৰে ।

ইয়াৰ পিছত জিলাৰ পৰা এগৰাকী আৰক্ষী ফৰেচিক বিজ্ঞানাগাৰলৈ আহি প্রতিবেদন সংগ্রহ কৰিব লাগে । এই প্রক্রিয়াত যথেষ্ট সময়ৰ প্রয়োজন হয় । কেতিয়াবা সঠিক সময়ত বার্তা নোপোৱা বাবে ফৰেনচিকৰ প্রতিবেদন বিজ্ঞানাগাৰতেই পৰি থাকে । ইয়াৰ ফলত গোচৰৰ অভিযোগনামা দাখিলত বিলম্ব হয় আৰু অভিযুক্তই জামিন লাভ কৰাত সফল হয় । এতিয়াৰে পৰা ফৰেনচিকৰ প্রতিবেদন সংগ্ৰহৰ এই নতুন ব্যৱস্থাই গোচৰৰ তদন্ত ক্ষিপ্ৰ কৰাৰ লগতে বিচাৰ প্রক্রিয়া ত্বৰান্বিত কৰাতো সহায় কৰিব ।

লগতে পঢ়ক: প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.