ETV Bharat / state

কর্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন অসম আৰক্ষীৰ - আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্ত

কাহিলিপাৰাস্থিত চতুর্থ অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্রীয়ভাৱে আয়ােজন কৰা “স্মৃতি দিৱস"ত উপস্থিত থাকি মুখ্য সচিব জিষ্ণু বৰুৱাই “শ্বহীদ স্মৃতিসৌধ” ত পুষ্পাঞ্জলি অর্পণ কৰে আৰু শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷

Police Commemoration Day
স্মৃতি দিৱস
author img

By

Published : Oct 21, 2021, 10:14 PM IST

গুৱাহটী, 21 অক্টোবৰ : ২০২০ বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰা চলিত বছৰৰ ৩১ আগষ্ট পর্যন্ত কর্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া দেশৰ ৰাজ্যসমূহৰ আৰক্ষী, কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী আৰু কেন্দ্রীয় আৰক্ষী সংস্থাসমূহৰ শ্বহীদসকলৰ পবিত্ৰ সোঁৱৰণত বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসম আৰক্ষীৰ উদ্যোগতাে “স্মৃতি দিৱস” পালন কৰা হয় । কাহিলিপাৰাস্থিত চতুর্থ অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্রীয়ভাৱে আয়ােজিত এই “স্মৃতি দিৱস’’ ত উপস্থিত থাকি মুখ্য সচিব জিষ্ণু বৰুৱাই “শ্বহীদ স্মৃতিসৌধ”ত পুস্পাঞ্জলি অর্পণ কৰে আৰু শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

Police Commemoration Day
স্মৃতি দিৱস

আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্ত, অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বার্মা, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ক্ৰমে কে ভি সিং দেউ, জি পি সিং, ড° এল আৰ বিষ্ণৈ আৰু এছ এন সিঙকে ধৰি অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে বিভিন্ন বৰ্গৰ বিষয়া আৰু জোৱান আদিয়েও ‘স্মৃতিসৌধ’ত পুষ্পাঞ্জলি নিবেদন কৰে । অনুষ্ঠানৰ আৰম্ভণিতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই “স্মৃতি দিৱস”ৰ তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা আগবঢ়াই বীৰ শ্বহীদ সকলৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰে ।

Police Commemoration Day
স্মৃতি দিৱস

এই অনুষ্ঠানতে দেশৰ বীৰ শ্বহীদসকলৰ নাম সমূহাে পাঠ কৰা হয় । এইসকলৰ ভিতৰত অসমৰ মুঠ ৫০ গৰাকী শ্বহীদ আছে আৰু ইয়াৰে ৪৩ গৰাকীয়ে ক’ভিড মহামাৰীৰ প্ৰথম আৰু দ্বিতীয় ঢৌত প্রথম শাৰীৰ যােদ্ধা হিচাপে কর্তব্য পালনৰ সময়ত ক’ৰণাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল । আন ৭ গৰাকী শ্বহীদ ক্রমে উপ-পৰিদৰ্শক স্বপন কুমাৰ ৰয়, হাবিলদাৰ শ্যাম সুন্দৰ দুচাড, কনিষ্টবল লিটন শুক্লবৈদ্য, কনিষ্টবল চামচুজামান বৰভূঞা, কনিষ্টবল মজৰুল হক বৰভূঞা, কনিষ্টবল ৰবেন দাস আৰু কনিষ্টবল মঃ নজমুল হুছেইন । স্মৃতি পেৰেডত অংশ গ্রহণ কৰা আৰক্ষী জোৱানসকলে টোপ ধ্বনিৰে বীৰ শ্বহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰে ।

Police Commemoration Day
কর্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন অসম আৰক্ষীৰ

লগতে পঢ়ক : সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰীৰ ঐক্যতাই নিৰ্ণয় কৰিব থাওৰাৰ ভৱিষ্যত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.