ETV Bharat / state

Cyber crime Bust in Guwahati: মহানগৰীৰ ভুৱা কল চেন্টাৰ; মূল অভিযুক্ত তছদিকুৰ ৰহমানক বিচাৰি ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 8:30 PM IST

চাইবাৰ কাণ্ডৰ মুখ্য মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমানক বিচাৰি অভিযান ক্ৰাইম ব্ৰাঞ্চৰ ৷ তছদিকুৰ ৰহমানৰ মহানগৰীৰ গান্ধী বস্তিৰ বাসগৃহত ক্ৰাইম ব্ৰাঞ্চে বুধবাৰে অভিযান চলায় ৷

Police bust fake call centre in Guwahati
অপৰাধ অনুসন্ধান শাখাৰ অভিযান
তছদিকুৰ ৰহমানক বিচাৰি অভিযান ক্ৰাইম ব্ৰাঞ্চৰ

গুৱাহাটী, 27 ছেপ্টেম্বৰ : মহানগৰীত পুনৰ অপৰাধ অনুসন্ধান শাখাৰ অভিযান ৷ প্ৰাক্তন IAS আতিকা ৰহমানৰ পুত্ৰ তথা চাইবাৰ কাণ্ডৰ মুখ্য মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমানক বিচাৰি অভিযান ক্ৰাইম ব্ৰাঞ্চৰ ৷ অভিযুক্ত তছদিকুৰ ৰহমানৰ মহানগৰীৰ গান্ধী বস্তিৰ বাসগৃহত ক্ৰাইম ব্ৰাঞ্চে বুধবাৰে অভিযান চলায় ৷

গান্ধীবস্তিৰ শুভম এলীট এপাৰ্টমেন্টৰ E-2 ব্ল'কৰ প্ৰথম মহলাত উপস্থিত হৈ এই অভিযান চলায় অপৰাধ অনুসন্ধান শাখাই ৷ ইতিমধ্যে অভিযানত জব্দ কৰা হৈছে তছদিকুৰৰ এখন বিলাসী থাৰ বাহন ৷ ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই ছীল কৰিছিল তছদিকুৰৰ কেইবাটাও অবৈধ ক'ল চেন্টাৰ ৷ বৰ্তমানেও পলাতক অৱস্থাত থকা চাইবাৰ কাণ্ডৰ প্ৰধান অভিযুক্ত তছদিকুৰ ৰহমানৰ পৰিয়ালবৰ্গক জেৰা অব্যাহত ৰাখিছে ক্ৰাইম ব্ৰাঞ্চে ৷

উল্লেখ্য যে মহানগৰ আৰক্ষীয়ে ভুৱা কল চেন্টাৰ চলাই প্ৰৱঞ্চনাৰে কোটি কোটি ধন লুট কৰা ৮ টাকৈ অবৈধ কল চেন্টাৰত অভিযান চলায় মূল অভিযুক্তসহ 191 টা অপৰাধীক আটক কৰিছিল ৷ 200 তকৈ অধিক আৰক্ষীয়ে 15 জনীয়া দল গঠন কৰি একে সময়তে মহানগৰীৰ ৮ টাকৈ স্থানত অভিযান চলায় ভুৱা কল চেন্টাৰৰ লগত জড়িত থকা 191 টা অপৰাধীক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : Bihu Controversy : বিহুক বিকৃতকৰণ সন্দৰ্ভত গোচৰ ৰুজু

আৰক্ষীৰ এই অভিযানত 164 ডেক্সটপ কম্পিউটাৰ, 90 টা লেপটপ, 26 ম’বাইল আৰু চাইবাৰ অপৰাধৰ লগত জড়িত আন বহু সামগ্ৰী জব্দ কৰিছিল ৷ ঘটনা সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি ইতিমধ্যে আৰক্ষীয়ে তাৰ ভিতৰত 52 টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ৷ এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড প্ৰাক্তন IAS আতিকা ৰহমানৰ পুত্ৰ তছদিকুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : AASU Protest in Tinsukia : অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.