ETV Bharat / state

Waliul Islam case : অবৈধভাৱে তুলি লোৱা কন্যাক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল চিকিৎসক ডাঃ ৱালিউল ইছলাম - dr sangeeta dutta

অবৈধভাৱে তুলি লোৱা কন্যাক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল চিকিৎসক ডাঃ ৱালিউল ইছলাম ৷ পলাতক চিকিৎসক পত্নী সংগীতা দত্ত ৷ শিশুটিৰ দেহত আঘাটৰ চিন স্পষ্ট (doctor couple accused of assault minor daughter) ৷

Waliul Islam case
গ্ৰেপ্তাৰ হ’ল চিকিৎসক ডাঃ ৱালিউল ইছলাম
author img

By

Published : May 6, 2023, 8:33 PM IST

গ্ৰেপ্তাৰ হ’ল চিকিৎসক ডাঃ ৱালিউল ইছলাম

গুৱাহাটী, ৬ মে’ : সভ্য সমাজক লজ্জানত কৰা চিকিৎসক দম্পতীৰ কৰ্মই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । অবৈধভাৱে তুলি লোৱা কন্যা সন্তানক নিৰ্যাতন চলায় গ্ৰেপ্তাৰ হ’ল চিকিৎসক ডাঃ ৱালিউল ইছলাম । আনহাতে পলাতক ডাঃ সংগীতা দত্ত । তিনি বছৰীয়া তোলনীয়া কন্যাক চলাই আহিছিল নাৰকীয় নিৰ্যাতন ।

পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত মণিপুৰী বস্তিৰ ৰোমা এনক্লেভৰ বাসিন্দা চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামে শুকুৰবাৰে ছাদৰ ওপৰত প্ৰখৰ ৰ’দত কন্যাজনীক বান্ধি ৰাখিছিল । এই দৃশ্য ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছিল । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰা লগতে চিকিৎসক ৱালিউল ইছলামক আটক কৰিছিল । ইয়াৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ।

দীৰ্ঘদিন ধৰি ৩ বছৰীয়া কন্যাজনীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছিল চিকিৎসক দম্পত্তীয়ে । শিশুটিৰ দেহত স্পষ্ট হৈ আছে আঘাতৰ চিন । সংগীতা দত্তৰ নিৰ্দেশত স্বামীয়ে তালিবানীৰ দৰে নিৰ্যাতন চলাইছিল শিশুটিক । বৰ্ণনা কৰিব নোৱাৰা নিৰ্যাতন চলাইছিল শিশুটিৰ ওপৰত সংগীতা দত্ত আৰু স্বামীয়ে । শৰীৰৰ গোপন অংগত আঘাত কৰিছিল শিশুটিক ।

স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে শিশুটিৰ দেহত কিহেৰে আঘাত কৰা হৈছিল আৰু এই আঘাতৰ চিন কিমান দিনৰ পুৰণি সেয়া স্পষ্ট হ’ব । ঘটনাটোৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা ডাঃ সুনীতা চাংকাকতিয়ে কয়, ‘‘ঘটনাটোৰ সন্দৰ্ভত শিশু অধিকাৰ সুৰক্ষা আয়োগে 75/ Juvenile Justice (Care and Protection of Children) Act, 2015 অধীনত গোচৰ ৰুজু কৰিছে । এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ আৰক্ষী আয়ুক্তক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে (doctor couple accused of assault minor daughter)।’’

ডাঃ সুনীতা চাংকাকতিয়ে লগতে কয় যে চিকিৎসক ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বতেও শিশু নিৰ্যাতনৰ গোচৰ শিশু সুৰক্ষা আয়োগে ৰুজু কৰিছিল । চিকিৎসক ডাঃ ৱালিউল ইছলামে প্ৰথমা পত্নীৰ সন্তানক নিৰ্যাতন চলাইছিল । কিন্তু আইনৰ সুৰুঙা লৈ চিকিৎসক ডাঃ ৱালিউল ইছলাম দোষ মুক্ত হৈছিল ।’’ তেওঁ লগতে কয় - এইবাৰৰ ঘটনাৰ ক্ষেত্ৰত আয়োগে কঠোৰ ভূমিকা গ্ৰহণ কৰিব । শিশুটিক child adaption আইন আনুযায়ী adapt কৰা হোৱা নাছিল । এই ক্ষেত্ৰত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰা হৈছে (Dr Waliul Islam case)।

আনহাতে চিকিৎসক দম্পতীৰ ঘৰত থকা বনকৰা মহিলা লক্ষ্মী ৰায়ক পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । লক্ষ্মীয়ে সংবাদ মাধ্যমৰ আগত, ‘মোক মেডামে বান্ধিব দিয়াৰ বাবেহে বান্ধি থৈছিলো’ বুলি মন্তব্য কৰে । চিকিৎসক দম্পতী ক্ষমতাশালী লোকৰ অতি ঘনিষ্ঠ । ইফালে শুকুৰবাৰে সন্ধিয়া ডাঃ সংগীতা দত্তই কন্যাৰ ওপৰত চলা এনে নিৰ্যাতনৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ ঘটনাটো কাৰোবাৰ পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত কৰি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Dr Sangeeta Dutta) ।

ইপিনে শুকুৰবাৰে নিশা আৰক্ষীৰ জিন্মাত থকা অৱস্থাতে ডাঃ ৱালিউল ইছলামে শ্লিপিং টেবলেট খাইছিল । উল্লেখ্য যে আৰক্ষীয়ে 307/325/341/34 of IPC & RW sec75 Juvenile Justice Act ধাৰাৰ অধীনত ১৯৩/২৩ নম্বৰত গোচৰ ৰুজু কৰি চিকিৎসক ডাঃ ৱালিউল ইছলাম আৰু বনকৰা মহিলা লক্ষ্মী ৰায়ক জেৰাৰ অন্তত দুয়োকে শনিবাৰে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে আজি দুয়োকে লগত লৈ বাসগৃহত অভিযান চলোৱাৰ পিছত আদালত হাজিৰ কৰে । চিকিৎসক ডাঃ ৱালিউল ইছলাম ৭ দিনৰ আৰক্ষীৰ জিম্মাত লৈছে ।

লগতে পঢ়ক : যৌন নির্যাতনৰ বলি শিশুৰ পৰিচয় প্রকাশৰ বিৰুদ্ধে আৰক্ষীৰ সতর্কতা জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.