গুৱাহাটী, ২৪ নৱেম্বৰ: তিনিদিন অতিক্ৰম কৰাৰ পাছতো ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল মহানগৰ আৰক্ষী । উল্লেখ্য যে ২১ নৱেম্বৰৰ দিনা পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক দিন-দুপৰতে পাঞ্জাবাৰীৰ ৰাজপথত গুলীয়াই হত্যা কৰা হৈছিল । কিন্তু ৭২ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো এই লোমহর্ষক ঘটনাত জড়িত অপৰাধীক এইপর্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে ।
ঘটনাৰ তদন্তত ‘ক্লু’ লাভ কৰা বুলি দাবী কৰা আৰক্ষীয়ে এতিয়ালৈকে তদন্তৰ নামত কেৱল ঘটনাস্থলীৰ সমীপৰ ৰেস্তোৰাঁৰ দুজন কৰ্মচাৰীক থানালৈ আনি জেৰা কৰিছে । আনহাতে ঘটনাস্থলীৰ আশে-পাশে থকা সকলো চিচি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰিছে দিছপুৰ থানাৰ আৰক্ষীয়ে । চিচি কেমেৰাৰ ফুটেজ আৰু অন্যান্য প্ৰযুক্তিগত দিশৰ ওপৰত নিৰ্ভৰ কৰিয়েই আগবাঢ়িছে আৰক্ষীৰ তদন্ত (Purabi Dairy Distributor Ranjit Bora murder case) ।
আৰক্ষীয়ে যথেষ্ট 'ক্লু' লাভ কৰা বুলি দাবী কৰিছিল যদিও অৱশেষত ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিবলগীয়া হ’ল ।মহানগৰ আৰক্ষীয়ে এতিয়াও বিচাৰি পোৱা নাই ৰঞ্জিত বৰাৰ হত্যাকাৰীক । সেয়েহে এইবাৰ মহানগৰ আৰক্ষীয়ে এই পদক্ষেপ লৈছে । হত্যাকাৰীক বিচাৰি মহানগৰ আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে । ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক দিয়া হ’ব ২ লাখ টকাৰ পুৰস্কাৰ (reward for information on Ranjit Bora killed) ।
উল্লেখ যে সোমবাৰে পাঞ্জাবাৰীত দিন দুপৰতে এই হত্যাকাণ্ডটো সংঘটিত হৈছিল আৰু তেওঁৰ পৰা আঢ়ৈ লাখ কাঢ়ি লৈ গৈছিল দুৰ্বৃত্ত দুটাই । তাৰ পিছৰে পৰা আৰক্ষীয়ে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে যদিও বৰ্তমানলৈকে হত্যাকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই । সেয়েহে এইবাৰ হত্যাকাৰীক খবৰ দিওতালৈ পুৰস্কাৰ আগবঢ়োৱা হৈছে । অৱশ্যে সন্ধান দিওতাৰ নাম গোপনে ৰখাৰ প্ৰতিশ্ৰুতিও দিছে মহানগৰ আৰক্ষীয়ে । আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান দিবৰ বাবে এটা WhatsApp নম্বৰ মুকলি কৰি দিছে । এই হোৱাটচ আপ নম্বৰটো হৈছে ৬০২৬৯০১২৪৭ ।
উল্লেখ যে ৰাজধানী চহৰখনত টকাৰ মোনা কাঢ়ি নিয়া একাংশ অপৰাধী বিহাৰ, পশ্চিমবংগৰ । এনে দুই-এটা অপৰাধী পূৰ্বতে মহানগৰ আৰক্ষীৰ এনকাউণ্টাৰৰো সন্মুখীন হৈছে । এনেক্ষেত্ৰত ৰঞ্জিত বৰাৰ হাতৰ পৰা টকাৰ মোনা কাঢ়ি নিয়াৰ বাবে তেওঁক গুলীয়াই হত্যা কৰা অপৰাধী দুটা বহিঃৰাজ্যৰ নে অসমৰে কোনো অঞ্চলৰ, সেই দিশসমূহো চালি-জাৰি চাইছে আৰক্ষীয়ে ।
কিন্তু পৰিতাপৰ বিষয় এয়ে যে ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সম্পূৰ্ণ তিনি দিন উকলি যোৱাৰ পিচতো আৰক্ষীয়ে এই ঘটনাৰ তদন্তত বিশেষ সফলতা লাভ কৰিব পৰা নাই । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডই ৰাজধানী চহৰখনৰ নিৰাপত্তাহীন পৰিস্থিতিটো প্ৰতিফলিত কৰাৰ সমান্তৰালভাৱে আৰক্ষীৰ ব্যৰ্থতাৰ ছবিখনো দাঙি ধৰিছে ।
লগতে পঢ়ক: Assam Meghalaya Conflict: অসম আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন: মুখ্যমন্ত্ৰী