ETV Bharat / state

মহীশূৰত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান

author img

By

Published : May 24, 2022, 8:48 PM IST

২১ জুনত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান কর্ণাটকৰ মহীশূৰত অনুষ্ঠিত হ'ব । যোগ দিৱসৰ মুখ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে সেইদিনা যোগ প্ৰদৰ্শনৰ সমূহীয়া কাৰ্যসূচীৰ নেতৃত্ব বহন কৰিব ৷

মহীশূৰত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান
মহীশূৰত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান

গুৱাহাটী, 24 মে': অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য কাৰ্যসূচীত সমূহীয়া যোগ প্ৰদৰ্শনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মহীশূৰত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান । দেশৰ ৭৫ টা ঐতিহাসিক স্থানত মুঠ ২৫ কোটি লোকে এই যোগ প্ৰদর্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । ২৭ মে'ত হায়দৰাবাদত যোগ দিৱসৰ ২৫ দিনীয়া গণনা অনুষ্ঠান পালন কৰা হ'ব ৷

২১ জুনত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান কর্ণাটকৰ মহীশূৰত অনুষ্ঠিত হ'ব । যোগ দিৱসৰ মুখ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে সেইদিনা যোগ প্ৰদৰ্শনৰ সমূহীয়া কাৰ্যসূচীৰ নেতৃত্ব বহন কৰিব ৷

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Central minister Sarbananda Sonowal) মঙলবাৰে নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা ঘোষণা কৰি কয় যে মহীশূৰক অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত সমূহীয়া যোগ প্ৰদৰ্শনৰ মুখ্য স্থান হিচাপে নিৰ্বাচিত কৰা হৈছে (International yoga divas at Mysore) ।

যিহেতু এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস "আজাদী কা অমৃত মহোৎসৱ" বৰ্ষত উদযাপিত হ'ব, সেয়েহে আয়ুষ মন্ত্ৰণালয়ে সমগ্ৰ দেশৰ ৭৫ টা ঐতিহাসিক স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠান পালনৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিশ্বব্যাপী ভাৰতৰ ব্ৰেণ্ডিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

চলিত যোগ উৎসৱৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এই ৭৫ টা স্থানত মুঠ ২৫ কোটি লোকে যোগ প্ৰদর্শন কৰাটো নিশ্চিত হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ইয়াৰ পূৰ্বে কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে আৰু ২৭ মে'ত হায়দৰাবাদত যোগ দিৱসৰ ২৫ দিনীয় গণনা অনুষ্ঠান পালন কৰা হ'ব, য'ত প্ৰায় ১০ হাজাৰ যোগ উৎসাহীয়ে যোগ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: যোৰহাটত শীৰ্ষ আৰক্ষী বিষয়াৰে ডি জি পি মহন্তৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.