নিউজ ডেস্ক,27 অক্টোবৰঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শনিবাৰে সদ্যসমাপ্ত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ নেতাগৰাকীয়ে ৰাজ্য দুখনৰ নিৰ্বাচনী ফলাফলে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে বৰ্দ্ধিত প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তা বৰ্তমান সময়ত হ্ৰাস পোৱা টোকেই সূচাইছে বুলি মন্তব্য কৰে ৷ তেওঁ কয়,"হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফলে এইটো কথা স্পষ্ট কৰিলে যে নৰেন্দ্ৰ মোডীৰ দল আৰু চৰকাৰ অপ্ৰতিদ্বন্দী নহয় ৷" তেওঁ লগতে কয়,"নৰেন্দ্ৰ মোডীয়ে এতিয়া জনপ্ৰিয়তা হেৰুৱাইছে ৷ গতিকে তেওঁ এতিয়া ৰাইজক আৱেগিক কৰি মূৰ্খ সাজিব নোৱাৰে ৷"
আনহাতে সম্পন্ন হোৱা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰদৰ্শন সম্পৰ্কত পূৰ্বৰ লোকসভা নিৰ্বাচনৰ তুলনাত দলে ভাল ফল দেখুৱাইছে বুলি মত ব্যক্ত কৰে ৷
ৰাজ্যৰ ডিটেনছন কেম্পত ক্ৰমাগতভাৱে 2 জনকৈ ব্যক্তিৰ মৃত্যু হোৱা ঘটনাত উদ্বিগ্নতা ব্যক্ত কৰি তেওঁ কয়,"এইয়া যথেষ্ট দুখজনক ৷ কেৱল মাত্ৰ চৰকাৰৰ হেমাহিৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৷ এইয়া এক মানৱাধিকাৰৰ চৰম উলংঘন ৷"
ইফালে ডিটেনছন কেম্পত বন্দীত্বৰ জীৱন কটাই থকা সকলক অতি শীঘ্ৰেই মুক্ত কৰি দিয়াৰো পোষকতা কৰে কংগ্ৰেছৰ বৰ্ষীয়ান নেতাগৰাকীয়ে ৷
আৰু পঢ়ক কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত মিত্ৰতাৰ প্ৰধান অন্তৰায় মই আছিলোঃ তৰুণ গগৈ