গুৱাহাটী, 8 মাৰ্চ : অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মেঘালয় আৰু নাগালেণ্ড ভ্ৰমণৰ পিছত মংগলবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছিল নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মংগলবাৰে সন্ধিয়া প্ৰায় 5 বজাত নাগালেণ্ডৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে অৱতৰণ কৰিছিল ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমান বন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় । বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীক গান, নৃত্য, সংগীতেৰে আদৰণি জনোৱা হয় । মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীৰ আগমণকলৈ বৰঝাৰ বিমানবন্দৰ সজাই পৰাই তোলা হৈছিল ।
অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মংগলবাৰে পুৱা প্ৰায় 10.15 মিনিটত বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীৰ বিশেষ বিমানেৰে অৱতৰণ কৰিছিল (Narendra Modi Assam visit) । প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে বৰঝাৰ বিমান বন্দৰৰ পৰাই শ্বিলঙলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোডী । তিনিখন বিশেষ হেলিকাপ্টাৰেৰে এচক’ট দি নিয়া হৈছিল তেওঁক ।
শ্বিলঙৰ ৰাজভৱনত কনৰাড চাংমাৰ নেতৃত্বাধীন নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ পিছত দিনৰ ডেৰ বজাত কহিমাৰ ৰাজধানী সাংস্কৃতিক প্ৰকল্প চৌহদত হোৱা নেফিউ ৰিঅ'ৰ নেতৃত্বাধীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী (Narendra Modi North East visit ) । দুয়োটা অনুষ্ঠানতে অংশ লোৱাৰ পিছত পুনৰ গুৱাহাটীলৈ উভতি আহে প্ৰধানমন্ত্ৰী মোডী ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশাটো কটায় । নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সকলৰ লগত বৈঠকত মিলিত হয় (Narendra Modi meeting with Cabinet Ministers) । বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে । চৰকাৰী পক্ষই বৈঠকত আলোচনা কৰা বিষয় ৰাজহুৱা কৰা নাই । জানিব পৰা মতে বৈঠকত অসম চৰকাৰৰ উন্নয়নমূলক কাম কাজ, চৰকাৰী আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত আলোচনা হয় (PM Modi holds meeting with Assam cabinet) ।
ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ভ্ৰমণকলৈ গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৈ গঢ়ি তোলা দেখা গৈছে । গুৱাহাটীত দ্ৰোন উলিওৱা নিষিদ্ধ কৰা হৈছে । ইপিনে গুৱাহাটীত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । যানবাহন আৰক্ষীৰ দ্বাৰা গধুৰ যানবাহন চলাচল আৰু পাৰ্কিঙৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
লগতে পঢ়ক : Jan Aushadhi Diwas 2023: জন ঔষধি দিৱসত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল