ETV Bharat / state

Dr Sangeeta Dutta case :সংগীতা দত্তৰ বাহন ফ্লেটৰ চাবি মোকলাই দিয়াৰ আবেদন আত্মীয়ৰ - Sangeeta Dutta arrested in child Abuse Case

ডাঃ সংগীতা দত্তৰ মাৰ্চিডিজ বাহন মোকলাই দিয়াৰ বাবে আদালতত আত্মীয়ৰ আবেদন । ৰোমা এনক্লেভৰ ফেল্টত মূল্যবান সামগ্ৰী থকা বাবে ঘৰটোৰ চাবি বিচাৰি জনাইছে আবেদন ।

Sangeeta Dutta arrested in child Abuse Case
ডাঃ সংগীতা দত্ত
author img

By

Published : Jul 18, 2023, 8:03 PM IST

গুৱাহাটী, ১৮ জুলাই: শিশু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চিকিৎসক ডাঃ সংগীতা দত্তৰ বাহন মোকলাই দিয়াৰ বাবে আদালতত আবেদন দাখিল । POSCO আইনৰ বিশেষ ন্যায়াধীশৰ আদালতত ডাঃ সংগীতা দত্তৰ আত্মীয়ই আবেদন দাখিল কৰে । তোলনীয়া পুত্ৰ-কন্যাক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক দম্পতীক। ইয়াৰ সমান্তৰালভাৱে জব্দ কৰিছিল এ এছ ০১ অ ডব্লুউ ৭৮৭৯ নম্বৰৰ মাৰ্চিডিজ বাহনখন ।

বাহনখনৰ লগতে পল্টনবজাৰৰ ৰোমা এনক্লেভৰ ফ্লেটৰ চাবি বিচাৰিও আদালতত আবেদন দাখিল কৰিছে সংগীতা দত্তৰ আত্মীয়ই । পল্টনবজাৰৰ ফ্লেটটোত মূল্যবান সামগ্ৰী থকাৰ বাবে ঘৰটোৰ চাবি বিচাৰি আবেদন জনাইছে আত্মীয়ই । এই আবেদন মৰ্মে POSCO আইনৰ বিশেষ ন্যায়াধীশৰ আদালতে তদন্তৰ প্রয়োজন নহ’লে বিলাসী বাহনৰ চাবি সংগীতা দত্তৰ আত্মীয়ক ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে । উল্লেখ্য যে তোলনীয়া সন্তানক নিৰ্যতন চলাই গ্ৰেপ্তাৰ হৈছিল চিকিৎসক দম্পতী । সম্প্ৰতি কাৰাগাৰত আছে চিকিৎসক দম্পতী ।

লগতে পঢ়ক:Central Jail guards suspended : কয়দীক ড্ৰাগছ যোগানৰ অপৰাধত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুই প্ৰহৰীক নিলম্বন

উল্লেখ্য় যে মনোৰোগ বিশেষজ্ঞগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । স্বামী ডাঃ ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাচৰে পৰা পলাতক হৈ আছিল তেওঁ । উল্লেখ্য যে, মহানগৰীৰ মাজমজিয়াত সংঘটিত চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতন কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ পিচতে সকলোৱে সৰৱ হৈ পৰিছে । শিশুটিয়েও চিকিৎসক পিতৃ-মাতৃয়ে ঘৰৰ ছাদত বান্ধি থোৱা বুলি দিছিল বিস্ফোৰক স্বীকাৰোক্তি। দীৰ্ঘদিন ধৰি ৩ বছৰীয়া কন্যাগৰাকীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই আহিছিল চিকিৎসক দম্পতীটোৱে । এই ঘটনাটোৰ সন্দৰ্ভত শিশু অধিকাৰ সুৰক্ষা আয়োগে 75/ Juvenile Justice (Care and Protection of Children) Act, 2015 অধীনত গোচৰ ৰুজু কৰিছিল ।

লগতে পঢ়ক:Construction work of pucca drains in Majuli: বিধায়ক ভুৱন গামৰ ধমক ঠিকাদাৰ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.