ETV Bharat / state

বটদ্ৰৱা কাণ্ড সন্দৰ্ভত পাকিস্তান-বাংলাদেশ সমৰ্থকৰ প্ৰসংগ পীযুষ হাজৰিকাৰ মুখত - বটদ্ৰৱা থানাত অগ্নি সংযোগৰ ঘটনাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিক্ৰিয়া

নগাঁৱৰ বটদ্ৰৱাৰ থানাত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সম্প্ৰতি উত্তেজনা অব্যাহত আছে বটদ্ৰৱা অঞ্চলত (Tense Situation at Batadrava)। বটদ্ৰৱা থানাত অগ্নি সংযোগৰ ঘটনাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Tense Situation at Batadrava
বটদ্ৰৱা থানাত অগ্নি সংযোগৰ ঘটনাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিক্ৰিয়া
author img

By

Published : May 22, 2022, 5:40 PM IST

Updated : May 22, 2022, 6:13 PM IST

গুৱাহাটী, 22 মে’ : ‘‘বটদ্ৰৱা ঘটনাৰ লগত জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব ৷ দোষীয়ে শাস্তি পাবই ৷ থানা জ্বলাবলৈ দুঃসাহস কৰা লোকক কঠোৰতম শাস্তি বিহা হ’ব ৷ ৰাজ্যৰ কোনো স্থানতে থানা আক্ৰমণৰ ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ দিয়া নহ’ব (Mob torches police station at Batadrava) । থানা আক্ৰমণৰ ঘটনা এইটোৱেই অন্তিম ঘটনা হ’ব’’ ৷ দেওবাৰে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Piyush Hazarika reacts on Batdrava violence) ৷

তেওঁ লগতে কয় যে, কিছুমান লোকৰ চোৰ, ডকাইত, দগাবাজি এইবাৰো তেজতেই থাকে । সেই স্থানত চোৰ-ডকাইতে বাস কৰে । আনকি সেই স্থানত পূৰ্বতে পাকিস্তানৰো পতাকা উৰুৱা দেখা গৈছিল । এনে দুৰ্বৃত্তৰ বিৰুদ্ধে উচ্ছেদ চলিবই (Police raids house of accused in batadrava police outpost arson)। এনে অঞ্চলতে পাকিস্তান, বাংলাদেশৰ সমৰ্থক, সমাজ বিদ্বেষী, দেশ বিদ্বেষী আৰু দেশৰ সাৰ্বভৌমত্ব অমান্য কৰা লোক থাকে বুলি অভিযোগ কৰে মন্ত্ৰী হাজৰিকাই ।

বটদ্ৰবা কাণ্ড সন্দৰ্ভত পাকিস্তান-বাংলাদেশ সমৰ্থকৰ প্ৰসংগ পীযুষ হাজৰিকাৰ মুখত

লগতে পঢ়ক : বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া অপৰাধীৰ বাসগৃহ উচ্ছেদ

তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত থানা আক্ৰমণৰ দৰে ঘটনা নিত্য নৈমিত্তিক আছিল । তেওঁ ৰহা সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়ত কছুৱা, জুৰীয়া, ধিংঙত এনে ঘটনা ঘটা বহুবাৰ দেখিছে ।

এই অঞ্চলৰ একাংশ লোকৰ অপৰাধ প্ৰৱণতা সহজাত প্ৰবৃত্তি বুলি মন্ত্ৰী হাজৰিকাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এনে ঘটনা ৰোধ হৈছে । চৰকাৰে অপৰাধী, ড্ৰাগছ সৰবৰাহকাৰী, ধৰ্ষণকাৰী, ভূ-মাফিয়াৰ বিৰুদ্ধে কোঠৰ স্থিতি লৈছে । যাৰ বাবে এইবোৰৰ লগত জড়িত লোকসকল পিছ হোঁহোকিছিল । কিন্তু শনিবাৰে সুযোগ বুজি এনে দুৰ্বৃত্তই থানা আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিলে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : থানা জ্বলোৱাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব : পীযুষ হাজৰিকা

Last Updated : May 22, 2022, 6:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.