ETV Bharat / state

কৰ’ণাক লৈ সষ্টম ৰাজ্য চৰকাৰ - কৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা

বৰ্তমানলৈকে অসমত কৰ‘ণাত আক্ৰান্ত হোৱা নাই এজনো ব্যক্তি ৷ ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ চৰকাৰী চিকিৎসালয়ৰ লগতে ব্যক্তিগত চিকিৎসালয়তো ব্যৱস্থা কৰা হৈছে আইচ'লেচন বেডৰ ৷

piyush hazarika press meet on corona virus in guwahati
কৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা
author img

By

Published : Mar 7, 2020, 2:50 PM IST

গুৱাহাটী , 7 মাৰ্চঃ ক'ৰণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে সম্পূৰ্ণৰূৰে সষ্টম হৈ উঠিছে ৰাজ্য চৰকাৰ। বৰ্তমানলৈকে অসমৰ এজনো এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই যদিও কৰ’ণা ভাইৰাছৰ সৈতে যুঁজিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ক'ৰণাত আক্ৰান্ত ব্যক্তিসকলৰ বাবে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত প্ৰস্তুত কৰা হৈছে সুকীয়া কোঠা । শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৷ বৰ্তমানলৈকে অসমত এজনো ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই ৷ ৰাজ্যৰ বিমানবন্দৰ সমূহত বৰ্তমানলৈকে 585 গৰাকী লোকৰ পৰীক্ষা কৰা হৈছে ৷ 585 গৰাকীৰ ভিতৰত 112 গৰাকী বিদেশৰ পৰা অসমলৈ আহিছিল বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷

কৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা

ৰাজ্যৰ স্বাস্থ্য বিভাগে ৮ গৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছে । ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকল ক'ৰণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে নে নাই চিনাক্তকৰণ কৰিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ভূটানত ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা পৰ্যটক গৰাকী অসমৰ পৰা ভুটানলৈ যোৱা বুলি প্ৰকাশ কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই কয় যে পৰ্যটক গৰাকীয়ে গুৱাহাটীত থকা হোটেলখন সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হৈছে ৷ পৰ্যটক গৰাকী থকা হোটেলখনৰ মহলটো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৷ পৰ্যটক গৰাকী কাজিৰঙাত যিখন ৰিজৰ্টলৈ আছিল সেই ৰিজৰ্টখনৰ লগতে তেওঁ ভ্ৰমণ কৰা বিলাসী জাহাজখনো চেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ বৰ্তমান যোৰহাটত থকা জাহাজখনৰ কৰ্মচাৰীসকলক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জনসাধাৰণক ক'ৰণা ভাইৰাছক লৈ আতংকিত নহ'বলৈ আহ্বান জনাইছে। বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তহে কৰ’ণা ভাইৰাছ পৰীক্ষাৰ ব্যৱস্থা আছে যদিও দেওবাৰৰ পৰা ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষাৰ ব্যৱস্থা আৰম্ভ কৰা হ'ব। চৰকাৰী চিকিৎসালয় সমূহৰ লগতে ব্যক্তিগত চিকিৎসালয় সমূহতো বৰ্তমান আইচ'লেচন বেডৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বতে এতিয়া কৰ’ণা ভাইৰাছে সৃষ্টি কৰিছে বিভীষিকাৰ। বৰ্তমানলৈকে বিশ্বৰ ৯৩খন দেশৰ প্ৰায় ১ লাখ লোক আক্রান্ত হৈছে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা । ভাৰতবৰ্ষতো শিপা পেলাইছে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা এই ভাইৰাছে। ভাৰতবৰ্ষত বৰ্তমালৈকে ৩১ গৰাকীকৈ লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ ।

লগতে পঢ়কঃশিৱসাগৰত চফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.