গুৱাহাটী, 30 ডিচেম্বৰঃ জাগীৰোডৰ শান্তি সমদলক লৈ ওলোৱা বিভিন্ন অপপ্ৰচাৰ সন্দৰ্ভত সোমবাৰে এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ জাগীৰোডৰ শান্তি সমদলত কোনো ভাড়াতীয়া সমৰ্থক নাছিল ৷ 250 টকাত মানুহ অনা বুলি যি অপপ্ৰচাৰ চলিছে সেইয়া মধ্য অসমৰ ৰাইজৰ বাবে দুখজনক বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, কাৰ্বি আংলঙৰ পৰা মানুহ বাছত আহিছিল বুলি মন্তব্য কৰে তুলিৰাম ৰংহাঙে ৷ কাৰ্বি আংলঙত বিজেপিৰ চৰকাৰ আছে ৷ গতিকে বিজেপিৰ মিটিঙত কাৰ্বি আংলঙৰ পৰা বিজেপিৰ মানুহ আহিছিল ৷ আমি ভাগ হ’ব নিবিচাৰো, আমি বৰ অসম গঢ়িব বিচাৰো বুলিও কয় ৰংহাঙে ৷
সমান্তৰালকৈ, ঘটনা সন্দৰ্ভত হৰেন সিং বেয়ো উক্ত সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বিজেপিৰ মিটিঙলৈ যোৱাটো মোৰ দায়িত্ব আৰু কৰ্তব্য ৷ যিসকলক লোকে ইয়াক লৈ হৈ চৈ কৰিছে তেঁওলোকে কাৰ্বি আংলঙক অসমৰ অংশ বুলি গণ্য নকৰে বুলি কয় হৰেণ সিং বে’ই ৷
লগতে পঢ়ক-CAA বিৰোধী আন্দোলনত কাৰাৰুদ্ধসকলক আইনী সহায় আগবঢ়াব কংগ্ৰেছে