গুৱাহাটী,26 মাৰ্চঃ তলাবন্ধৰ মাজতে গুৱাহাটী মহানগৰীৰ কেইবাখনো ডিপাৰ্টমেন্টেল ষ্ট'ৰত উপস্থিত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ৷ প্ৰতিষ্ঠানকেইখনত উপস্থিত হৈ সামাজিক দূৰত্বৰ বিষয়টো কেনেদৰে মানি চলা হৈছে সেইয়া পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰথমেই মন্ত্ৰীগৰাকীয়ে ছয়মাইলস্থিত নয়নতৰা চুপাৰ মাৰ্কেটত উপস্থিত হৈ নিজেই তদাৰক কৰি দোকানৰ ভিতৰে বাহিৰে প্ৰতি এক মিটাৰ ব্যৱধানত চিহ্ন আঁকি দিয়ে যাতে গ্ৰাহকসকল সেই ব্যৱধান নিয়ন্ত্ৰণ কৰিব পাৰে ।
কেৱল নয়নতৰাই নহয়, ৰাধাগোবিন্দ বৰুৱা পথত থকা এন আৰ এলৰ ডিপাৰ্টমেন্টেল ষ্ট'ৰকে ধৰি আন কেইবাখনো দোকানত নিজেই এই কাৰ্যৰ তদাৰক কৰে মন্ত্ৰীগৰাকীয়ে ৷ সামাজিক দুৰত্ব বজাই ৰখাটোৱেই ক'ৰণাৰ পৰা ৰক্ষা পৰাৰ অন্যতম উপায় বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷
লগতে পঢ়ক-পৰিবহণ আৰু বিতৰণৰ সঠিক সময় পৰ্যবেক্ষণৰ বাবে দিল্লীত স্থাপন নিৰীক্ষণ কক্ষ