ETV Bharat / state

জনতা ভৱনত মন্ত্রী পীয়ুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক

জনতা ভৱনত জনসংযোগ মন্ত্রী পীয়ুষ হাজৰিকাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত সাংবাদিক সকলৰ বিয়োগৰ পাছত পৰিয়াললৈ এককালীন সাহাৰ্য, সাংবাদিক পেঞ্চন আদি বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আলোচনাৰ মাধ্যমেৰে গ্ৰহণ কৰা হয় ।

author img

By

Published : May 20, 2021, 10:45 PM IST

piyush hazarika meeting regarding journalist pension
জনতা ভৱনত মন্ত্রী পীয়ুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, ২০ মে' : বৃহস্পতিবাৰে জনতা ভৱনত জনসংযোগ মন্ত্রী পীয়ুষ হাজৰিকাৰ পৌৰোহিত্যত অসম বাৰ্তাজীৱী সংঘ, আপকু, জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম, আছাম ফটো জাৰ্নেলিষ্ট এছ'চিয়েছন আৰু ইলেকট্ৰনিক মিডিয়া ফ'ৰাম, অসমৰ প্ৰতিনিধিৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় । জনসংযোগ বিভাগৰ সঞ্চালক প্ৰমুখ্যে বিভাগটোৰ শীৰ্ষ পদাধিকাৰী সকল উপস্থিত থকা বৈঠকত সাংবাদিক সকলৰ হিতাৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই ।

বৈঠকত সাংবাদিক সকলৰ বিয়োগৰ পাছত পৰিয়াললৈ এককালীন সাহাৰ্য, সাংবাদিকৰ পেঞ্চন আদি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আলোচনাৰ মাধ্যমেৰে গ্ৰহণ কৰা হয় । ইয়াৰ ভিতৰত সাংবাদিক পেঞ্চনৰ পৰিমাণ প্ৰতিমাহে আঠ হাজাৰ টকাৰ পৰা দহ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোবা হয় । এতিয়াৰে পৰা অকালতে মৃত্যুবৰণ কৰা সাংবাদিকৰ পৰিয়ালে স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰটো পাব এককালীন সাহাৰ্য । এই সাহাৰ্য এক লাখৰ পৰা তিনি লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সাংবাদিক পৰিয়াল কল্যাণ আঁচনিখনৰ কাৰ্যকৰীকৰণ আৰু হিতাধিকাৰী বাচনিৰ প্ৰসংগত আলোচনা কৰা হয় ।

উল্লেখ্য যে, অসম বাৰ্তাজীৱী সংঘই ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ প্ৰতি আদৰণি জনাইছে । ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ বিবেচনাধীন হৈ থকা সাংবাদিক জীৱন বীমা আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে ।

লগতে পঢ়ক : ডিফুত অক্সিজেন উৎপাদন প্ৰকল্প মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.