গুৱাহাটী, 10 এপ্ৰিল : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে গুৱাহাটী বশিষ্ঠস্থিত অসম জল ভৱনত বাৰিষাৰ সময়ত বান প্ৰতিৰোধৰ বাবে বিভাগীয় প্ৰস্তুতি বিষয়ক এখন পৰ্যালোচনা বৈঠকত অংশ লয় (Pijush Hazarika's review meeting with the water resources department) । বৈঠকত বান আৰু খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ড৹ জীৱন বি আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে অধীক্ষক অভিযন্তা তথা সকলো জিলাৰ কাৰ্যবাহী অভিযন্তাৰ পৰা জিলাভিত্তিত বানৰ সময়ৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ বিষয়ে বুজ লয় ।
![Pijush Hazarikas review meeting with the water resources department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-minister-piyush-hazarika-at-the-review-meeting-of-water-resources-department-7209925_09042022183111_0904f_1649509271_576.jpg)
আগন্তুক বাৰিষাৰ বাবে প্ৰতিখন জিলাৰে স্পৰ্শকাতৰ অঞ্চলসমূহৰ বিষয়ে বুজ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই (Assam Water Resources Minister Piyush Hazarika) বিভাগক এই স্পৰ্শকাতৰ অঞ্চলসমূহত ক্ষীপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ আগন্তুক সময়খিনিত বিভাগৰ সকলোকে সকলো সময়তে সজাগ হৈ থাকি কাম কৰিবলৈও আহ্বান জনায় ৷
বিভাগীয় ঠিকাদাৰসকল উপস্থিত থকা পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি সদৰি কৰি সকলো ঠিকাদাৰকে কৰি থকা কামসমূহ সোনকালে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।
আনহাতে, স্পৰ্শকাতৰ মথাউৰিৰ অংশ পৰ্যবেক্ষণ অথবা বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাধাৰণ জনসাধাৰণৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক পঞ্চায়ত পৰ্যায়ত সাধাৰণ ৰাইজৰ লগত মথাউৰি ব্যৱস্থাপনা সমিতি গঠন কৰি মথাউৰি নিৰীক্ষণৰ কাম সূচাৰুৰূপে চলাবলৈ নিৰ্দেশ দিয়ে । অভিযন্তাসকলক মথাউৰি যাতে নাভাঙে, সেয়া সুনিশ্চিত কৰিবলৈ এতিয়াৰ পৰা কেইমাহমানলৈ মথাউৰিৰ সুৰক্ষাক প্ৰাধান্য দিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
![Pijush Hazarikas review meeting with the water resources department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-minister-piyush-hazarika-at-the-review-meeting-of-water-resources-department-7209925_09042022183111_0904f_1649509271_833.jpg)
ইয়াৰ লগতে বানৰ সময়ত প্ৰয়োজন হোৱা জিঅ’ বেগ, পলিয়েষ্টাৰ বেগ তথা পাৰ্কুপাইন আদি যাতে স্পৰ্শকাতৰ অঞ্চলসমূহৰ ওচৰে-পাজৰে থাকে, সেয়া সুনিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে । সভাতে একাংশ ঠিকাদাৰে বিগত ডেৰ-দুই বছৰে কাম শেষ কৰিব নোৱাৰা কথাটো জানিব পাৰি মন্ত্ৰীগৰাকীয়ে সময়ত কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰ আৰু কামত আপোচ কৰা ঠিকাদাৰৰ বিপক্ষে প্ৰয়োজন সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অভিযন্তাসকলক কঠোৰ নিৰ্দেশ দিয়ে ।
বানে ৰাজ্যখনৰ দুখীয়া মানুহকহে সাধাৰণতে বেছিকৈ সমস্যাত পেলায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ঠিকাদাৰসকলক সাধাৰণ মানুহৰ জীৱনৰ লগত হেতালি নেখেলিবলৈ সকিয়াই দিয়ে । মন্ত্ৰীগৰাকীয়ে বিভাগীয় সকলো অভিযন্তাকে আগন্তুক বাৰিষাৰ সময়ত যাতে এটাও মথাউৰি নাভাঙে, সেয়া সুনিশ্চিত কৰিবলৈ সকলো সময়তে মথাউৰিসমূহৰ ওপৰত নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়ে । সভাত উত্তৰ-পূৱ মহাকাশ প্ৰায়োগিক কেন্দ্ৰ (NESAC) ৰ সঞ্চালক ড৹ এছ পি আগৰৱালা আৰু অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সঞ্চালক পি এল এন ৰাজুৱে পৰীক্ষামূলকভাৱে অসমৰ পাঁচটা দলনি অঞ্চলক নিকটতম নদীৰে সংযোগ কৰাৰ বিষয়ে এটা উপস্থাপন দিয়ে ।
উল্লেখ্য যে, বিগত নিৰ্বাচনত গৃহমন্ত্ৰী অমিত শ্বাহে অসমক বানমুক্ত কৰিবৰ বাবে একাংশ হ্ৰদ, দলনি তথা আন বিলৰ দৰে জলাধাৰ নদীৰ সৈতে সংযুক্ত কৰি নদীৰ পানী সোমোৱাই আনি বান কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় নেকি সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ পোষকতা কৰিছিল । গৃহমন্ত্ৰী গৰাকীৰ তেনে চিন্তাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ পাঁচটামান স্থানত বিল অথবা দলনিক পৰীক্ষামূলকভাৱে নিকটতম নদীৰ সৈতে সংযোগ কৰিব পৰাকৈ জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল ।
লগতে পঢ়ক : দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰোধিতা অসম সাহিত্য সভাৰ