ETV Bharat / state

নগাঁও লোকসভা সমষ্টিক লৈ এশ এবুৰি চিন্তা মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pradyut Bordoloi MP

কলিয়াবৰৰ ৬ টাকৈ সমষ্টি এতিয়াৰ কাজিৰঙাত থাকি যোৱা স্বত্বেও গৌৰৱ গগৈ ব্যস্ত নগাঁৱক লৈহে ৷ গৌৰৱ গগৈৰ নগাঁও লোকসভা সমষ্টিৰ ব্যস্ততাক লৈ প্ৰশ্ন মন্ত্ৰী পীযুষৰ ৷

Lok Sabha election candidature
Pijush Hazarika slams Gaurav Gogoi
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 8:21 PM IST

গুৱাহাটী, ১১ ডিচেম্বৰ: নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব কোন ? বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ ? কলিয়াবৰ সমষ্টি বিলুপ্ত হোৱাৰ পিছত ক’ৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে ? নগাঁও নে যোৰহাট ? এতিয়াও ধূসৰ এই ছবি ৷ কিন্তু নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজৰ যুঁজ চাবলৈ অপেক্ষা বিজেপিৰ ৷

বিশেষকৈ গগৈ-বৰদলৈৰ মাজৰ সমষ্টিকেন্দ্ৰিক এই ৰণখন চাবলৈ বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বিজেপিৰ এগৰাকী মন্ত্ৰী পীযুষ হাজৰীকাই ৷ নগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব আৰু সক্ৰিয়তাক লৈ শেহতীয়াকৈ প্ৰায়ে সমালোচনাত মুখৰ হৈ আহিছে মন্ত্ৰী পীযুষ হাজৰীকা ৷ সোমবাৰেও এই প্ৰসংগত মুখৰ হৈ পৰে মন্ত্ৰীগৰাকী ৷

সামাজিক মাধ্যমযোগে মন্ত্ৰী পীযুষে কয়, “প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে বাৰে বাৰে নিজৰ কৰ্মৰ মাজেৰে নিজৰ চৰিত্ৰ উদঙাই আহিছে । অসমত লোকসভাৰ ১৪ খন আসন । কিন্তু কংগ্ৰেছ ব্যস্ত এটা নিৰ্দিষ্ট সমষ্টিক লৈ । কংগ্ৰেছৰ ভ্ৰাম্যমান, পেৰাচুট নেতা সকলোকে লাগে নগাঁও সমষ্টি ! নিৰ্লজ্জভাৱে এতিয়া প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত নগাঁও সমষ্টি লৈ চলিছে টনা-আঁজোৰা । মেকুৰীৰ চকু পিঠাত থকাৰ দৰে কংগ্ৰেছীৰ চকু নগাঁও সমষ্টিত । কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁৱত অন্তৰ্ভুক্ত হৈছে বটদ্ৰৱা, ৰূপহী, চামগুৰি, লাহৰিঘাটৰ দৰে সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোটাৰৰে ভৰি থকা সমষ্টি ।”

তেওঁ লগতে কয়, “সন্দেহযুক্ত বাংলাদেশী ভোটাৰ থকাৰ বাবেই পূৰ্বৰ সমষ্টি কলিয়াবৰ, এতিয়াৰ কাজিৰঙাত ৬ টাকৈ সমষ্টি থাকি যোৱা স্বত্বেও গৌৰৱ গগৈ ব্যস্ত নগাঁৱক লৈহে । কাৰণ আজিৰ তাৰিখত কংগ্ৰেছে সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোট নোহোৱাকৈ জিকাটো বাদেই জিকাৰ কথা ভাবিবও নোৱাৰে । গৌৰৱ গগৈৰ বাবে কলিয়াবৰ, বোকাখাত, গোলাঘাট, সৰুপথাৰ, খুমতাইৰ থলুৱা ভোটাৰতকৈ বটদ্ৰৱা, ৰূপহী, চামগুৰি,লাহৰিঘাটৰ সন্দেহযুক্ত ভোটাৰ বহুত বেছি গুৰুত্বপূৰ্ণ ।’’

‘‘কংগ্ৰেছীৰ থলুৱাৰ প্ৰতি কোনো দায়বদ্ধতা নাই , গুৰুত্ব নাই, মৰম নাই ! কংগ্ৰেছীৰ বাবে থলুৱা দ্বিতীয় শ্ৰেণীৰ নাগৰিক, কংগ্ৰেছৰ মন মগজুত সোমাই আছে কেৱল বাংলাদেশী মূলৰ সন্দেহযুক্ত ভোটাৰ । গৌৰৱ গগৈয়ে সন্দেহযুক্ত বাংলাদেশীক সেনাবাহিনী হিচাপে লৈ আৰু সেনাপতি পাতি নগাঁৱত নিৰ্বাচন খেলিলেও আমি লাচিতৰ দেশৰ থলুৱা যোদ্ধাই অসম মাতৃক ৰক্ষা কৰাৰ বাবে বদ্ধপৰিকৰ হৈ আছোঁ । এই যুদ্ধ হ'ব থলুৱা বনাম সন্দেহযুক্ত বাংলাদেশীৰ যুদ্ধ, এই যুদ্ধ হ'ব দেশ ৰক্ষা বনাম দেশ বিক্ৰীৰ যুদ্ধ ।” লগতে এই মন্তব্য কৰিছে মন্ত্ৰী হাজৰীকাই ৷

উল্লেখযোগ্য যে বিলুপ্ত হোৱা কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট আৰু নগাঁও দুয়োটা সমষ্টিতে নিজৰ ব্যস্ততা অব্যাহত ৰাখিছে । দেখা গৈছে যে শেহতীয়া কিছুদিন ধৰি নগাঁও লোকসভা সমষ্টিক লৈ কংগ্ৰেছক সমালোচনা কৰাৰ লগতে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত প্ৰাৰ্থিত্বৰ বাবে টনা-আঁজোৰা হৈ থাকিব বুলি মন্তব্য কৰি আহিছে মন্ত্ৰী হাজৰীকাই ৷ ইফালে নগাঁৱত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ সেয়ে মন্ত্ৰী হাজৰীকাৰ নগাঁও লোকসভাক লৈ বিশেষ তৎপৰতা লক্ষণীয় হৈ পৰিছে ।

লগতে পঢ়ক: ধিং-ৰূপহীৰ সংখ্যালঘু ৰাইজৰ মোহ এৰিব নোৱাৰে গৌৰৱ গগৈয়ে: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.