ETV Bharat / state

Pijush Hazarika viral video with AIUDF MLA : সঁচাকৈ মন্ত্ৰী পীযুষ হাজৰীকা 'AIUDFৰ মেইন মানুহ' নেকি ?

author img

By

Published : May 5, 2023, 12:52 PM IST

BJPৰে গোপন সম্পৰ্কৰ দীৰ্ঘদিনীয়া অভিযোগক যেন উদঙাই দেখুৱালে AIUDFৰ বিধায়ক নিজামুদ্দিনে (Pijush Hazarika viral video with AIUDF MLA)। বিধায়গৰাকীয়ে ক'লে "আপুনিটো আমাৰ মেইন মানুহ, আমিটো আপোনাৰ মানুহ ন' !" অস্বস্তিত মন্ত্ৰী পীযুষ হাজৰীকা । সমালোচনাৰ উৎস বাঢ়িল বিৰোধীৰ ৷

Pijush Hazarika viral video with AIUDF MLA
সঁচাকৈ মন্ত্ৰী পীযুষ হাজৰীকা 'AIUDFৰ মেইন মানুহ' নেকি

গুৱাহাটী, ৫ মে’ : "আপুনিটো AIUDFৰ মেইন মানুহ" ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী পীযুষ হাজৰীকাক এইদৰে মুকলিকৈ কৈছে এআইইউডিএফৰ এগৰাকী দুবাৰৰ বিধায়কে ৷ এইআইইউডিএফৰ বিধায়কগৰাকীয়ে এইদৰে কোৱা মন্তব্যই এতিয়া জোকাৰি গৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ (Pijush Hazarika and AIUDF MLA conversation video)৷ ৰাজ্যৰ ৰাজনীতিত শাসকীয় বিজেপি আৰু এ আই ইউ ডি এফৰ গোপন সম্পৰ্ক আছে বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন আৰু চৰ্চা চলি আহিছে ।

বিশেষকৈ লোকসভাই হওঁক, বিধানসভা নাইবা নিগম-নিকায় বা পঞ্চায়ত নিৰ্বাচন, যিয়েই নহওঁক যিকোনো নিৰ্বাচন আহিলেই এ আই ইউ ডি এফয়ে বিজেপিৰ সহায়ক হোৱাকৈ ভোট বিভাজন কৰি আহিছে বুলি অভিযোগ উত্থাপন হয় । ৰাজ্যবাসীক দেখুৱাই বিজেপিয়ে এ আই ইউ ডি এফক আক্ৰমণ আৰু এ আই ইউ ডি এফ দলে বিজেপিক আক্ৰমণ-প্ৰত্যাক্ৰমণ কৰি আহিছে । বিৰোধী কংগ্ৰেছ,ৰাইজৰ দল,অসম জাতীয় পৰিষদ আদিয়েও এ আই ইউ ডি এফ বিজেপিৰ 'বি' টীম বুলি অভিযোগ কৰি আহিছে (BJP and AIUDF relation in Assam)।

বিগত ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফৰ ভূমিকাক লৈয়ো সকলোৱে সন্দেহৰ আঙুলি উঠাই আহিছে । উক্ত নিৰ্বাচনত বিজেপিক যে দলটোৱে আওপকীয়াকৈ সহায় কৰিছিল সেই কথা পৰৱৰ্তী সময়তো মুকলিকৈ সমালোচিত হৈছিল । এ আই ইউ ডি এফৰ বিজেপিৰে থকা গোপন সম্পৰ্কৰ বাবেই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰা কংগ্ৰেছে পাছত মিত্ৰতা ভংগ কৰিবলৈ বাধ্য হৈছিল (Congress AIUDF alliance)।

উল্লেখ্য যে বিজেপিয়ে হিন্দুত্ববাদক লৈ ৰাজনীতি কৰাৰ বিপৰীতে এ আই ইউ ডি এফ দলে মুছলমানক লৈ ৰাজনীতি কৰি অহাৰ অভিযোগ উত্থাপন কৰি আহিছে আন বিৰোধী দলসমূহে । অভিযোগ অনুসৰি দুয়োটা দলেই নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে লাভালাভ উঠায় । দুয়োটা দলৰ যে গোপন সম্পৰ্ক আছে সেই কথা এইবাৰ যেন স্পষ্ট কৰি দিছে যে এ আই ইউ ডি এফৰ এগৰাকী বিধায়কে ।

উল্লেখ্য যে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিক্ৰহাওৰ অঞ্চলত বৰাক নদীৰ মথাউৰিৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিছিল (Pijush Hazarika visits Hailakandi)। বৰাক নদীৰ বাওঁকাষে প্ৰায় ১৫.৩ কোটি টকা ব্যয়েৰে নিৰ্মীয়মান বান নিয়ন্ত্ৰণ তথা মথাউৰি নিৰ্মাণ আঁচনি আৰু নদীয়ে ছিগা অংশৰ পুনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় । এই আঁচনিৰ বুজ ল'বলৈ যাওঁতে মন্ত্ৰীগৰাকীক সংগ দিয়ে আলগাপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে ।

এই পৰিদৰ্শন কালতে মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে বিধায়ক নিজামুদ্দিনৰ কথোপকথনৰ এটা ভিডিঅ'ই ৰাজ্যৰ ৰাজনীতিত খলকনি তুলিছে (Viral video of Pijush Hazarika and AIUDF MLA)৷ মন্ত্ৰীগৰাকীক বিধায়কগৰাকীয়ে আদৰি নিওঁতে মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰে, "AIUDFৰ সমষ্টিতো আমি কাম কৰিম ৷" ৰাজ্যৰ এগৰাকী অন্যতম প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে বিধায়ক নিজামুদ্দিন চৌধুৰীৰ স্পষ্ট মন্তব্য, "আপুনিটো AIUDFৰ মেইন মানুহ ।"

AIUDF বিধায়কগৰাকীৰ এনে মন্তব্যত অস্বস্তিত পৰা মন্ত্ৰী পীযুষ হাজৰিকাৰ পুনৰ মন্তব্য, "AIUDFৰ সমষ্টিতো কাম কৰিম ।" মন্ত্ৰীগৰাকীক এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে পুনৰ কয়, "আমিটো আপোনাৰ মানুহ হয় ন !" AIUDFৰ বিধায়কগৰাকীৰ এনে মন্তব্য এতিয়া বাৰুকৈয়ে চৰ্চাৰ বিষয় হৈ পৰিছে । স্বাভাৱিকতে এতিয়া ৰাজ্যৰ আন বিৰোধীয়ে বিজেপি আৰু AIUDFৰ গোপন সম্পৰ্ক আছে বুলি সমালোচনা কৰিবলৈ আৰু এটা উৎস বাঢ়িল ৷

অৱশ্যে এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছত আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে মন্তব্য কৰিছে যে এয়া তেওঁ ধেমেলীয়াভাৱেহে মন্ত্ৰীগৰাকীক উদ্দেশ্য কৰি কৈছিল ৷ এতিয়া চৰ্চা হৈছে যে ইয়াকেই কয় হয়তো, "আনকে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা ৷"

লগতে পঢ়ক :Srinkhal Chaliha issue : শৃংখল চলিহাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.