গুৱাহাটী, ২৩ মাৰ্চ : ৭ এপ্ৰিলত প্ৰায় ১২৫ খন পিয়ানোৰ মধুৰ গুঞ্জনেৰে মুখৰিত হৈ উঠিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগন(Piano concert to be held at Sankaradeva Kalakshetra) । অসমৰ আগশাৰীৰ পিয়ানো শিক্ষাৰ প্ৰতিষ্ঠান "পিয়ানো কিডচ"ৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠানৰ । বিগত দুটা বছৰ ক'ভিডকালীন পৰিস্থিতিৰ বাবে প্ৰতিষ্ঠানটোৱে বৰ্ষপূৰ্তিৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাছিল যদিও এইবাৰ দুগুণ উৎসাহেৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
স্মৰ্তব্য যে "পিয়ানো কিডচ" নামৰ এই শৈক্ষিক প্ৰতিষ্ঠানটো মূলতঃ পৰিচালিত হয় দক্ষিণ ভাৰতৰ ত্ৰিবান্দ্ৰমৰ পৰা । উল্লেখ্য যে, গুৱাহাটীৰ উপৰিও বেংগালুৰু, ত্ৰিবান্দ্ৰম আৰু জলন্ধৰত অৱস্থিত "পিয়ানো কিডচ"ৰ এই চাৰিখন শৈক্ষিক প্ৰতিষ্ঠানে ইতিমধ্যে দেশক কেইবাগৰাকীও সুদক্ষ পিয়ানো বাদক উপহাৰ দিছে । আজিৰ পৰা প্ৰায় ষোল্ল বছৰ পূৰ্বে ফাডাৰ জে উইলিয়ামছে জন্ম দিছিল এই "পিয়ানো কিডচ"(Founder of Piano Kid's Father J. Williams) ।
এইগৰাকী মহান পিয়ানো বাদকৰ অধীনতেই পিয়ানো শিক্ষা গ্ৰহণ কৰিছিল অসমৰ কুশলকৃষ্ণ দেৱগোস্বামীয়ে, যি কেৱল এগৰাকী সংগীত শিল্পীয়েই নহয়, অসমৰ অপেচাদাৰী নাট্যগোষ্ঠী সমূহৰ মাজত অতিকে জনপ্ৰিয় এগৰাকী বিশিষ্ট নাট্যকাৰো । প্ৰায় ১২ বছৰ ফাডাৰ জে উইলিয়ামচৰ ওচৰত পিয়ানোৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত দেৱগোস্বামীয়ে গুৱাহাটীত স্থাপন কৰে "পিয়ানো কিডচ" ৰ এটা শাখা । ইয়াৰ পিছতেই ত্ৰিবান্দ্ৰমত মূল বিদ্যালয়খন থকা "পিয়ানো কিডচ" ৰ একোটাকৈ শাখা জলন্ধৰ আৰু বেংগালুৰুতো স্থাপন কৰে ফাডাৰ জে উইলিয়ামচে ।
অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে, গুৱাহাটীৰ "পিয়ানো কিডচ"ৰ মূল গুৰু কুশলকৃষ্ণ দেৱগোস্বামীয়ে ইতিমধ্যে অসমৰ বিয়া নাম, আই নাম, জ্যোতি সংগীত, বনগীত, বিষ্ণু ৰাভা সংগীত আদি থলুৱা প্ৰায় আঢ়ৈ শতাধিক গীতৰ পশ্চিমীয়া সুৰ চানেকী বা ষ্টাফ ন'টেশ্বনৰ কাম সম্পূৰ্ণ কৰিছে । যাৰ ফলত বিশ্বৰ যিকোনো চুকত থাকিও এইসমূহ অসমীয়া থলুৱা গীত যিকোনো দেশৰ শিল্পীয়ে পৰিবেশন কৰাৰ প্ৰক্ৰিয়া সহজ হৈ উঠিছে ।
সম্প্ৰতি গুৱাহাটীৰ "পিয়ানো কিডচ"ত সংগীত শিক্ষা গ্ৰহণ কৰি থকা প্ৰায় ১২৫ গৰাকী শিক্ষাৰ্থীক ৭ এপ্ৰিলৰ এই বিশেষ অনুষ্ঠানটোৰ বাবে সাজু কৰি তুলিবলৈ এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে শিল্পী কুশলকৃষ্ণ দেৱগোস্বামী । সেই ব্যস্ততাৰ মাজতে ই টিভি ভাৰতৰ জৰিয়তে তেওঁ কয় যে- " ফাডাৰ জে উইলিয়ামচৰ ওচৰত 12 বছৰ পিয়ানো বাদনৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত গুৱাহাটীত আমি এই "পিয়ানো কিডচ" মুকলি কৰিছিলো । মূলতঃ লণ্ডনৰ ত্ৰিনিটী কলেজ অৱ মিউজিকৰ দ্বাৰা স্বীকৃত জন থমচনৰ পাঠ্যক্ৰম আমি ব্যৱহাৰ কৰো আৰু সেই পাঠ্যক্ৰমৰ আধাৰতে আমাৰ শিক্ষাৰ্থী সকলক পিয়ানোৰ শিক্ষা প্ৰদান কৰা হয় ।"
উল্লেখযোগ্য যে, ৭ এপ্ৰিলৰ সন্ধিয়া ৬.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত "পিয়ানো কিডচ"ৰ গুৱাহাটীৰ শিক্ষাৰ্থী সকলৰ পাঁচটা দলে গুৰু কুশলকৃষ্ণ দেৱগোস্বামীৰ তত্বাৱধানত অনুষ্ঠান পৰিবেশন কৰিব । তেনে একোটা দলত থাকিব ২৫ গৰাকীকৈ পিয়ানো শিল্পী । অৰ্থাৎ কলাক্ষেত্ৰত ৭ এপ্ৰিলৰ সন্ধিয়া গুঞ্জৰিত হ'ব ১২৫ খন পিয়ানোৰ সমলয় ।
লগতে পঢ়ক : Threat to handloom weavers: বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ