ETV Bharat / state

গ্ৰীষ্ম বন্ধ বাতিলৰ সিদ্ধান্তক আদৰণি বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

author img

By

Published : Apr 18, 2020, 7:47 PM IST

শিক্ষাৰ্থীৰ বাবে কিছু ব্যৱস্থা ল'বলৈ কৰ্তৃপক্ষক আহ্বান স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰৰ ৷

PG student union of Guwahati university welcome authority about Sumar vacation
গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ গ্ৰীস্ম বন্ধ বাতিলৰ সিদ্ধান্তক আদৰণি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

গুৱাহাটী,18 এপ্ৰিল: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা জুলাই মাহৰ গ্ৰীষ্ম বন্ধ বাতিলৰ সিদ্ধান্তক আদৰণি জনাইছে বিশ্ববিদ্যালয় খনৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱহতা শাম কাটিলেই সু-পৰিকল্পিতভাৱে শিক্ষাৰ্থীৰ বাবে কিছু ব্যৱস্থা ল'বলৈ কৰ্তৃপক্ষক আহ্বান জনাই গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে ৷ লগতে সাধাৰণ সম্পাদকগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, "শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যত নষ্ট নহ'বলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিছু ব্যৱস্থা হাতত লোৱা উচিত ৷

গ্ৰীষ্ম বন্ধ বাতিলৰ সিদ্ধান্তক আদৰণি বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

ইয়াৰ উপৰিও সাধাৰণ সম্পাদক গৰাকীয়ে মন্তব্য কৰে যে,কেৱল অনলাইন পাঠদানে সকলো সমস্যা সমাধান নক'ৰে ৷ কিয়নো অসমৰ বহু ঠাইত ইন্টাৰনেটৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে ৷ গতিকে তেওঁলোকৰ ক্ষেত্ৰতো গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে মুন তালুকদাৰে ৷ ইফালে লক ডাউন শেষ হোৱাৰ পিছতেই যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব তাৰ বাবে সকলো শিক্ষাৰ্থীকে প্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনাই সাধাৰণ সম্পাদক মুন তালুকদাৰে ৷

লগতে পঢ়কঃ গুহাৰ ভিতৰত লুকাই থকা অৱস্থাত তামিলনাডুত উদ্ধাৰ চীনা নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.