ETV Bharat / state

PFI ৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান: অসমত গ্ৰেপ্তাৰ হ’ল PFI ৰ ২৫ নেতা-কৰ্মী - NIA ED conduct raids against PFI

সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলাকে ধৰি ২৫ জন PFI ৰ নেতা-সদস্য (Raids against PFI)। আঠখন জিলাত চলোৱা অভিযানত গ্ৰেপ্তাৰ PFI ৰ ২৫ জন নেতা-কৰ্মী ।

PFI leaders arrested Across all Assam
PFIৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান : অসমত পুনৰ গ্ৰেপ্তাৰ PFIৰ ২৫ নেতা-কৰ্মী
author img

By

Published : Sep 27, 2022, 12:23 PM IST

Updated : Sep 27, 2022, 7:59 PM IST

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ: ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান । অসমতো অব্যাহত আছে ব্যাপক অভিযান । অসমত পুনৰ ২৫ জন পি এফ আই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে । সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলাকে ধৰি ২৫ জন PFI ৰ নেতা-সদস্য (PFI leaders arrested Across all Assam)।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নতুনকৈ গ্ৰেপ্তাৰ কৰা পি এফ আইৰ ২৫ জন সদস্যৰ ভিতৰত আছে কামৰূপ ৫ জন, গোৱালপাৰাৰ ১০ জন, কৰিমগঞ্জৰ এজন, ওদালগুৰিৰ এজন, দৰঙৰ এজন, ধুবুৰীৰ ৩ জন, বৰপেটাৰ দুজন আৰু বাক্সাৰ দুজন । আঠখন জিলাত চলোৱা অভিযানত পি এফ আইৰ ২৫ জন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হয় ।

উল্লেখ্য যে, বৃহস্পতিবাৰে দেশজুৰি চলিছিল পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (Popular Front of India) চমুকৈ PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ ইতিমধ্যে সংস্থা দুটাই দেশৰ কেইবাখনো ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে শতাধিক PFIৰ নেতা-সদস্য ৷ NIA আৰু ED য়ে অভিযান চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু পুডুচেৰী (PFI leaders arrested by NIA) ৷

NIA ৰ প্ৰায় 200 গৰাকী বিষয়াই দেশজুৰি চলাইছে PFI ৰ বিৰুদ্ধে এই অভিযান ৷ সন্ত্ৰাসবাদী সংগঠনক ধন যোগান, দেশ বিৰোধী কাৰ্য-কলাপ, প্ৰশিক্ষণ শিৱিৰৰ আয়োজন, মানুহক PFI ত যোগ দিবলৈ জোৰ দিয়া আদি বিভিন্ন কাৰ্যত জড়িত থকা লোকসকলৰ ঘৰত চলোৱা হৈছে এই অভিযান (NIA ED conduct raids against PFI) ৷

সেই অনুসৰি অসমৰো কেইবাখনো জিলাত বৰ্তমান পৰ্যন্ত সংস্থা দুটাৰ বিষয়াই অভিযান অব্যাহত ৰাখিছে (NIA raids against PFI in Assam) ৷ বৰ্তমানলৈকে অসমত গ্ৰেপ্তাৰ কৰা হৈছে বহুকেইজন PFI সদস্য ৷

লগতে পঢ়ক: বৰপেটাৰ পৰা মহিলাসহ ৭ গৰাকী PFI কৰ্মীক গ্ৰেপ্তাৰ

Last Updated : Sep 27, 2022, 7:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.