গুৱাহাটী,23 জানুৱাৰী: শনিবাৰে পুনৰ বৃদ্ধি হ’ল পেট্ৰল-ডিজেলৰ মূল্য ৷ পেট্ৰ’লিয়াম বিপনন কোম্পানীয়ে এই সপ্তাহত চতু্ৰ্থ বাৰৰ বাবে বৃদ্ধি কৰিছে খাৰুৱা তেলৰ মূল্য । পেট্ৰ’লিয়াম বিপনন কোম্পানীৰ অধিসূচনা অনুসৰি শনিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ২৫ পইচাকৈ বৃদ্ধি পাইছে ।
সমান্তৰালকৈ দিল্লী আৰু মুম্বাইটো বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য ৷ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮৫.৭০ টকা আৰু মুম্বাইত প্ৰতি লিটাৰত ৯২.২৮ টকালৈ বৃদ্ধি পাইছে । আনহাতে ৰাজধানীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭৫.৮৮ টকা আৰু মুম্বাইত প্ৰতিলিটাৰত ৮২.৬৬ টকা হৈছেগৈ ।
অৱশ্যে ৰাষ্ট্ৰীয় বিক্ৰী কৰ আৰু বৰ্ধিত মূল্য কৰৰ বাবে বিভিন্ন ৰাজ্যত যান-বাহন ইন্ধনৰ মূল্য পৃথক পৃথক । উল্লেখ্য যে, বৰ্তমান দেশৰ ইন্ধন মূল্য সৰ্বকালৰ ভিতৰতে অধিক । কেন্দ্ৰীয় পেট্ৰৱলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইয়াৰ পূৰ্বে চলিত সপ্তাহত যান-বাহন ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে চৌদি আৰৱৰ কেঁচাতেল উৎপাদনত প্ৰক্ৰিয়া দায়ী বুলি অভিহিত কৰিছিল ।
লগতে পঢ়ক-পদে পদে মৃত্যুৰ ক্ষণ গণিছে ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পই