ETV Bharat / state

President Kovind in Assam : অসমত উপস্থিত ৰাষ্ট্ৰপতি

শুকুৰবাৰে পুৱা অসমত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ram Nath Kovind's Assam Visit) ৷ ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণক লৈ ব্যস্ত হৈ পৰিছে চৰকাৰ-প্ৰশাসন । বৰঝাৰৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব জানো আহক...

author img

By

Published : Feb 25, 2022, 12:12 PM IST

Ram Nath Kovinds Assam Visit
অসমত উপস্থিত ৰাষ্ট্ৰপতি

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী : তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে পুৱা অসমত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ram Nath Kovind's Assam Visit)। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় ৰাষ্ট্ৰপতিগৰাকীক । ৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীত উপস্থিত হৈয়ে বিমান বন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ যাব । মা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজভৱনলৈ যাব আৰু তাতে তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ।

ৰাষ্ট্ৰপতিগৰাকীৰ ৰাজভৱনতেই কিছু সময় ৰাজভৱনতে জিৰণি লৈ তেওঁ বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বিয়লি 5 বাজি 30 মিনিটৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে কলাক্ষেত্ৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । কলাক্ষেত্ৰত তেখেত এঘণ্টা সময়ৰ বাবে থাকিব আৰু তাতে ৰাষ্ট্ৰপতিগৰাকীয়ে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । সেই অনুষ্ঠানৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলি আলাবৈ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ নতুনকৈ সজাই তুলিব খোজা সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব ।

কলাক্ষেত্ৰতে চৰকাৰে আয়োজন কৰা চাহ মেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকী ৰাজভৱনলৈ ঘূৰি যাব । সেইদিনা ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজভৱনতে নৈশ যাপন কৰিব ।২৬ ফেব্ৰুৱাৰীৰ পুৱা ৰাজভৱনত পুৱাৰ আহাৰ গ্ৰহণ কৰি বৰঝাৰলৈ যাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । বৰঝাৰৰ পৰা বিমানেৰে ৰাষ্ট্ৰপতিগৰাকী তেজপুৰলৈ যাব । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব(Ramnath Kovind to visit Tezpur university) । দিনৰ ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশ গ্ৰহণ কৰিব । ইয়াৰ পাছত কাজিৰঙাৰ ৰিজৰ্টত গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ (President Ram Nath Kovind to visit Kaziranga) । সিদিনাই বিয়লি ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙাত জীপ চাফাৰী কৰিব ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতিক আপ্যায়ণৰ দায়িত্ব পাঁচ মন্ত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.