ETV Bharat / state

গুৱাহাটীত অসম মানৱ অধিকাৰ আয়োগৰ স্থায়ী কাৰ্যালয় মুকলি - গুৱাহাটীত অসম মানৱ অধিকাৰ আয়োগৰ স্থায়ী কাৰ্যালয়

অসম মানৱ অধিকাৰ আয়োগৰ স্থায়ী কাৰ্যালয় ভৱন মুকলি (Assam Human Rights Commission building inauguration)। গুৱাহাটীৰ ৰূপনগৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে কাৰ্যালয়ৰ ৪ মহলীয়া অট্টালিকাটো । অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াও উপস্থিত ।

CM
গুৱাহাটীত অসম মানৱ অধিকাৰ আয়োগৰ স্থায়ী কাৰ্যালয় মুকলি
author img

By

Published : Sep 3, 2022, 6:31 PM IST

গুৱাহাটী,৩ ছেপ্টেম্বৰ : গুৱাহাটীত শুভ উদ্বোধন কৰা হয় অসম মানৱ অধিকাৰ আয়োগৰ স্থায়ী কাৰ্যালয় (Human Rights Commission building inauguration)। শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে ৰূপনগৰস্থিত ৪ মহলীয়া অট্টালিকাৰ অসম মানৱ অধিকাৰ আয়োগৰ মুখ্য কাৰ্যালয়টো (Assam CM inaugurates AHRC Guwahati building)। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ আৰ এম ছায়া উপস্থিত থাকে । কাৰ্যালয়টো মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ২৬ বছৰ ধৰি অস্থায়ী কাৰ্যালয়ৰ পৰা কাম চলাই অহা মানৱ অধিকাৰ আয়োগৰ এই নতুন ভৱনে আয়োগৰ কাম কাজৰ এক বিশেষ গতি লাভ কৰিব ।

গুৱাহাটীত অসম মানৱ অধিকাৰ আয়োগৰ স্থায়ী কাৰ্যালয় মুকলি

নতুন স্থায়ী কাৰ্যালয়ে বিভাগটোক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও আশাবাদী মুখ্যমন্ত্ৰীগৰাকী । তেওঁ কয় যে ১৯৯৬ চনত অসম মানৱ অধিকাৰ আয়োগ গঠন হৈছিল । মানৱ অধিকাৰ উলংঘনৰ বিভিন্ন অভিযোগৰ বিচাৰ প্ৰক্ৰিয়াত লোৱা ভূমিকাই জনমানসত সুকীয়া ভাৱমূৰ্তি গঢ়ি তুলিবলৈ সক্ষম হৈছে । প্ৰায় ১০ হাজাৰ গোচৰ নিষ্পত্তি কৰিছে মানৱ অধিকাৰ আয়োগে ।

উল্লেখ্য যে ২০১৯ চনৰ ১৪ জুলাইত লোকনিৰ্মাণ বিভাগে ভৱনটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । স্থায়ী কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশ টি ভাইফেইকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :লখিমপুৰকে ধৰি ৰাজ্যৰ চাৰিখন চিকিৎসালয়ত সামুহিকভাৱে ৰক্ত পৃথকীকৰণ কেন্দ্র উদ্বোধন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.