ETV Bharat / state

Damage road in Guwahati: অসাৰ হ’ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি

author img

By

Published : Aug 6, 2022, 4:27 PM IST

স্মাৰ্ট চিটিৰ ফোপোলাস্বৰূপ উদঙাইছে গুৱাহাটী মহানগৰীৰ বিধ্বস্ত বাট-পথে(Devastated roads of Guwahati city) । অসাৰ প্ৰতিপন্ন হ'ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি । কেবাটাও জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে মহানগৰবাসীক (Damage road in Guwahati) ।

so many damage road in ghy city
মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি হ'ল অসাৰ প্ৰতিপন্ন

গুৱাহাটী,৬ আগষ্ট: বিজেপি নেতৃত্বাধীন পৰিৱৰ্তনকামী চৰকাৰখনত এজনৰ পিছত আন এজন মন্ত্ৰী আহিল আৰু গ’ল যদিও কোনোধৰণৰ পৰিৱৰ্তন অহা দেখা পোৱা নগ’ল গুৱাহাটী মহানগৰীৰ ৷ গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিভাগীয় কাৰ্যালয় সমূহত তথা কৰ্তব্যৰতভাৱে নিযুক্ত হৈ থকা লোকসকলৰো কাম-কাজত কোনো পৰিবৰ্তন দেখা পোৱা নগ’ল ৷

শেহতীয়াভাৱে গুৱাহাটীৰ কেবাটাও মুখ্য পথ যাতায়তৰ অনুপোযোগী হৈ পৰিছে(Devastated roads of Guwahati city) । মনকৰিবলগীয়া যে, গুৱাহাটীৰ কেইটামান বিশেষ ব্যস্ত পথ দীৰ্ঘ সময় ধৰি মেৰামতি নকৰাৰ ফলত পথসমূহ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে (Damage road in Guwahati) । গুৱাহাটীৰ অন্যতম ব্যস্ত পথ হিচাপে চিহ্নিত গুৱাহাটীৰ পানবজাৰ উৰণীয়া সেঁতুৰ ওচৰৰ পৰা আঠগাঁও হৈ ভৰলুমুখলৈ যোৱা এ টি ৰোড এছোৱা অংশই বিধ্বস্ত ৰূপ ধাৰণ কৰিছে । এই পথটো এতিয়া হৈ পৰিছে গুৱাহাটীৰ সবাতোকৈ বিধ্বস্ত পথ ৷

so many damage road in ghy city
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰতিশ্ৰুতি অসাৰ

উল্লেখযোগ্য যে, পানবজাৰ উৰণীয়া সেঁতুৰ ওচৰৰ পৰা আঠগাঁও হৈ ভৰলুমুখলৈ যোৱা এ টি ৰোডছোৱা পথটোৰ(Dilapidated AT Road) কাষবোৰ খহি যোৱা আৰু মাজে মাজে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ ফলত প্ৰতিদিনেই বাইক আৰু চাইকেল আৰোহী সকলৰ দুই এক দুৰ্ঘটনা সংগঠিত হৈ আহিছে ৷ কেৱল যে বাইক, চাইকেল আৰোহী সকলৰ বাবে যে এই পথছোৱা বিপদজনক এনে নহয়,চাৰিচকীয়া বাহনসমূহৰ বাবেও বিপদজনক হৈ পৰিছে এই পথছোৱা ৷

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি লোক নিৰ্মাণ বিভাগৰ কিছুমান মানুহে বছৰত তিনি চাৰি বাৰ মান আহি পথৰ গাঁতবোৰত বালি আৰু শিল পেলাই যোৱাৰ বাহিৰে একো নকৰে যদি তেওঁলোকে খহিপৰা পৰা পথসমূহৰ লগে লগে মেৰামতি কৰিলে হয় এনেদৰে দুৰ্ঘটনা হোৱাৰ আশংকা কৰিবলগীয়া নহ’ল হেতেন ৷ ৰাইজে প্ৰতিবাদ কৰিলেও কাণসাৰ নিদিয়ে বিভাগটোৰ বৰমুৰীয়াসকলে ৷

so many damage road in ghy city
স্মাৰ্ট চিটিৰ ফোপোলাস্বৰূপ উদঙাইছে গুৱাহাটী মহানগৰীৰ বিধ্বস্ত বাট-পথে

মনকৰিবলগীয়া যে, মহানগৰীৰ অন্যতম বাণিজ্য কেন্দ্ৰ হিচাপে জনাজাত এই পথত কেবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় আছে । ইপিনে এই পথত থকা আঠগাঁও উৰণীয়া সেঁতুৰ নামনিত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে । উল্লেখ্য যে, এই সমগ্ৰ পথছোৱা যোৱা 10-12 বছৰ ধৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা নাই । মনকৰিবলগীয়া যে, যোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বি জে পিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, বিজেপিয়ে পৌৰ নিগম গঠন কৰিলে চৰকাৰে পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ ৰাস্তা ঘাট, বিজুলী বাতি আদিৰ উন্নয়নৰ বাবে 600 কোটিকৈ ধন মুকলি কৰি দিব ।

বিজেপিয়ে পৌৰ নিগম দখল কৰাৰ দুমাহ পাৰ হ'ল, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক: Fir against Jadav Kunwar: টাই আহোম ছাত্ৰ সন্থাৰ নেতা যাদৱ কোঁৱৰৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.