গুৱাহাটী, ৬ জুন : আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল বিগত দহ বছৰৰ ভিতৰত নিম্নগামী হৈছে । বিগত দহ বছৰৰ তুলনাত এইবাৰ তিনিওটা শাখাত উত্তীৰ্ণৰ হাৰ এইবাৰে কম (Pass percentage in HS exam 2023)। ২০১৪ বৰ্ষৰ পৰা যদি চোৱা যায় সেই বছৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৭৩.৯১ শতাংশ । কিন্তু এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৭০.১২ শতাংশ ।
২০১৪ চনত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭২.১৯ শতাংশ হোৱাৰ বিপৰীতে ২০১৫ চনত ৭৪.০৭ শতাংশ, ২০১৬ চনত ৭৯.৯২ শতাংশ, ২০১৭ চনত ৭৩.১৬ শতাংশ, ২০১৮ চনত ৭৪.৬৮ শতাংশ, ২০১৯ চনত ৭৫.১৪ শতাংশ, ২০২০ চনত ৭৮.২৮ শতাংশ, ২০২১ চনত ৯৮.৯০ শতাংশ আৰু ২০২২ চনত ৮৩.৪৮ শতাংশ আছিল (HS exam 2023)।
পূৰ্বৰ বছৰসমূহৰ তুলনাত এইবাৰ উত্তীৰ্ণ হাৰ যথেষ্ট হ্ৰাস পালে । আনহাতে, বিজ্ঞান শাখাতো বিগত ১০ বছৰৰ ভিতৰত এইবাৰেই উত্তীৰ্ণৰ হাৰ কম । এইবাৰ উত্তীৰ্ণৰ হাৰ বিজ্ঞান শাখাত ৮৪.৯৬ শতাংশ । ইয়াৰ বিপৰীতে উত্তীৰ্ণৰ হাৰ ২০১৪ চনত ৮৫.৩১ শতাংশ, ২০১৫ চনত ৮৬.৭৬ শতাংশ, ২০১৬ চনত ৯০.৯৬ শতাংশ, ২০১৭ চনত ৮৬.২৪ শতাংশ, ২০১৮ চনত ৮৫.৭৪ শতাংশ, ২০১৯ চনত ৮৬.৫৯ শতাংশ, ২০২০ চনত ৮৮.০৬ শতাংশ, ২০২১ চনত ৯৯.০৬ শতাংশ আৰু ২০২২ চনত ৯২.১৯ শতাংশ আছিল ।
সেইদৰে বাণিজ্য শাখাতো বিগত ১০ বছৰৰ তুলনাত উত্তীৰ্ণৰ হাৰ এইবাৰেই কম । এইবাৰ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৭৯.৫৭ শতাংশ । ২০১৪ চনত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮২.৭০ শতাংশ । সেইদৰে উত্তীৰ্ণৰ হাৰ ২০১৫ চনত ৮১.৮২ শতাংশ, ২০১৬ চনত ৮৬.০১ শতাংশ, ২০১৭ চনত ৮২.৭২ শতাংশ, ২০১৮ চনত ৮৪.৬৪ শতাংশ, ২০১৯ চনত ৮৭.৫৯ শতাংশ, ২০২০ চনত ৮৮.১৮ শতাংশ, ২০২১ চনত ৯৯.৫৭ শতাংশ, ২০২২ চনত ৮৭.২৭ শতাংশ আছিল ।
উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ৩ লাখ ২৯ হাজাৰ ৯০১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ৰাজ্যৰ মুঠ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা । কলা শাখাত ২ লাখ ৭২ হাজাৰ ৫২৯, বিজ্ঞান শাখাত ৪৭ হাজাৰ ৪৬৫, বাণিজ্য শাখাত ২০,৯০৭ আৰু বৃত্তিগত শাখাত ১,৯৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ।
লক্ষণীয় বিষয় যে, ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ২,০৫,৬২৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে এইবাৰ ৩,২৯,৯০১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । এইবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত বহু বেছি আছিল । উল্লেখ্য যে, এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে ২০২১ চনত ক’ভিড মহামাৰী বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ মূল্যায়নৰ ভিত্তিত উত্তীৰ্ণ হৈছিল ।
লগতে পঢ়ক : Assam HS result 2023: 490 নম্বৰ লাভ কৰি কলা শাখাত প্ৰথম স্থানত উজ্জ্বলিছে সংকল্পজিৎ শইকীয়া