ETV Bharat / state

আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা জীৱন মৰাণৰ মৃত্যুত শোক প্ৰকাশ পৰেশ বৰুৱাৰ

জীৱন নাট সামৰিলে জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণে (ULFA Leader Jibon Moran passes away) ৷ সংযুক্ত মুক্তি বাহিনী অসমৰ (স্বাধীন) জ্যেষ্ঠ নেতা জীৱন মৰাণ ওৰফে গুণত ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আলফাৰ (স্বা) সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ (ULFA Leader Paresh Baruah) ৷

author img

By

Published : Aug 28, 2022, 1:41 PM IST

আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা জীৱন মৰাণৰ মৃত্যুত শোক প্ৰকাশ পৰেশ বৰুৱাৰ
ULFA Press release on jibon moran passes away

গুৱাহাটী,২৮ আগষ্ট: সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ জ্যেষ্ঠ নেতা জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আলফা (স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ (Paresh Baruah grieves at Jibon Moran death) ৷ সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱলৈ আগবঢ়োৱা অৱদানক সন্মান জনাই আলফা (স্বাধীন) ৰ তৰফৰ পৰা "অমৰ মৃতক" ঘোষণা কৰে নেতাগৰাকীক (ULFA Leader Jibon Moran passes away) ৷

১৯৮৪ চনত আলফা (স্বা)ৰ দ্বিতীয়টো সামৰিক গোটৰ প্ৰশিক্ষণৰ আগমূহুৰ্তত বিপ্লৱৰ পথাৰত ভৰি দি জাতীয় মুক্তি বিপ্লৱখন আগুৱাই নিয়াত জীৱনৰ দীৰ্ঘ সময় উচ্ছৰ্গা কৰে জীৱন মৰাণে ৷ আলফা (স্বাধীন)ৰ অধিকাংশ শীৰ্ষ নেতাই তথা-কথিত আলোচনাৰ নামত সংগঠনটোক দলনিত পোনা মেলি বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়াৰ সময়তে আলফা (স্বাধীন)ক ন-কৈ শক্তিশালী কৰাত মনোনিৱেশ কৰিছিল জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াই ৷

জীৱন মৰাণৰ এনে বলিষ্ঠ অৱদানৰ বাবে প্ৰতিগৰাকী নেতা, বিষয়া, সদস্য-সদস্যা চিৰকৃতজ্ঞ হৈ ৰ'ব বুলি আলফা (স্বাধীনে) এক প্ৰেছ বিবৃতিযোগে সদৰী কৰে (Press release by Ulfa) ৷

স্বাধীন অসমৰ সপোন দেখি আলফা (স্বাধীন)ত যোগদান কৰা কিছুদিনৰ পিছত আলফা (স্বাধীন)ৰ বিত্ত সম্পাদকৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰে জীৱন মৰাণক । জীৱন মৰাণে নিজৰ দায়িত্ব, কৰ্তব্যসমূহ সদায় নিষ্ঠা আৰু সততাৰে সমাপন কৰি গৈছিল । এনেবোৰ গুণৰ বাবে সকলোৰে মাজত প্ৰিয়ভাজন হৈ পৰিছিল জীৱন মৰাণ ।

কিন্তু বয়সৰ লগে লগে শাৰীৰিক অসুস্থতাৰ বাবে সকলো দায়িত্বৰ পৰা অব্যাহতি লৈ ২০২১ত ওপজা ঘৰখনলৈ উভতনি যাত্ৰা কৰে জীৱন মৰাণে ৷ উল্লেখ্য যে, প্ৰাক্তন আলফা (স্বা) সংগঠনৰ প্ৰাক্তন নেতা তথা বিত্ত সম্পাদক মেজৰ জেনেৰেল জীৱন মৰাণ অসম উচ্চ ৰক্তচাপ, বৃক্ক আৰু যকৃতজনিত একাধিক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা এমাহ ধৰি চিকিৎসাধীন হৈ আছিল ।

ইয়াৰোপৰি শেহতীয়াকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈ শাৰীৰিকভাৱে দ্ৰুত অৱনতি ঘটে । যোৱা ইং ২৭ আগষ্ট তাৰিখে জীৱন মৰাণক প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICU ত ভৰ্তি কৰোৱা হয় । ইয়াৰ পিছতে এপল' চিকিৎসালয়লৈ হস্তান্তৰ কৰা হয় যদিও শনিবাৰে নিশা ৮:৪৫ বজাত ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জীৱন মৰাণে ৷

লগতে পঢ়ক: জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ শেষ নিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.