ETV Bharat / state

গেৰুৱা হল ড৹ পৰমান্দ ৰাজবংশী সহিতে ৰূপেশ গোৱালা

author img

By

Published : Mar 6, 2021, 9:38 PM IST

শনিবাৰে বিজেপি অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কার্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বিজেপি দলত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম গণ পৰিষদৰ অন্যতম জ্যেষ্ঠ নেতা ড৹ পৰমান্দ ৰাজবংশীৰ লগতে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই ৷ দলৰ নৱাগত সদস্য দুজনক বিজেপিৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷

paramananda-rajbonshi-and-rupesh-gowala-joined-bjp
গেৰুৱা হল ড৹ পৰমান্দ ৰাজবংশী সহিতে ৰূপেশ গোৱালা

গুৱাহাটী,6 মার্চ: বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত ৰাজ্যত সঘনে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপত৷ শেহতীয়াকৈ বহু প্ৰতাপী নেতাই মূহুৰ্ততে দল সলাই নতুন দলত যোগদান কৰি ভোটৰ ৰাইজৰ মাজত চমক সৃষ্টি কৰি আহিছে ৷ ইয়াৰ মাজতে শনিবাৰে বিজেপি অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কার্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম গণ পৰিষদৰ অন্যতম জ্যেষ্ঠ নেতা ড৹ পৰমান্দ ৰাজবংশীৰ লগতে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই ৷ দলৰ নৱাগত সদস্য দুজনক বিজেপিৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহূর্তত দুয়োজন ব্যক্তিৰ বিজেপিত যোগদানে ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিব ৷

ভাষণ প্ৰসংগত ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে, ভাৰতীয় জনতা পাৰ্টি ক্ষমতাৰ বাবে শাসনলৈ নাহে,ভাৰতীয় জনতা পাৰ্টি শাসনলৈ আহে দেশ তথা সমাজ নির্মাণৰ কাৰণে৷ শনিবাৰৰ এই অনুষ্ঠানতে ৰণজিৎ কুমাৰ দাসে দল আৰু ৰাইজৰ স্বাৰ্থত ছিপাঝাৰ সমষ্টিৰ পৰা ড৹ পৰমান্দ ৰাজবংশীক ৰাজ্যিক বিজেপিৰ ফালৰ পৰা প্ৰার্থীত্ব প্ৰদান কৰা বুলি ঘোষণা কৰে ৷ বিজেপিত যোগদান কৰি পৰমান্দ ৰাজবংশীয়ে কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অসম গণ পৰিষদৰ পাৰস্পৰিক বুজাবুজি,পৰামর্শ অনুসৰি একমাত্ৰ মিত্ৰজোঁটৰ লক্ষ্য তথা উদ্দেশ্যক সফল কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে ৷ নৰেন্দ্ৰ মোদীৰ আদর্শ,কর্মদক্ষতাৰ প্ৰতি গভীৰ আস্থা থকা বুলি প্ৰকাশ কৰি পৰমানন্দ ৰাজবংশীয়ে কয় যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতেই উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহৰ সমাধান সম্ভৱ হৈছে৷

অনুষ্ঠানত নিজৰ বক্তব্য দাঙি ধৰি ৰূপেশ্বৰ গোৱালাই কয় যে,ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ পৰিয়ালৰ অংশীদাৰ হ’বলৈ পাই তেঁও নথৈ আনন্দিত ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত অসমত সৰ্বাংগীন উন্নতি হৈছে ৷ সেইয়ে 2021 ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে নিশ্চিতভাবে 100 ৰো অধিক আসন লাভ কৰি নিজ লক্ষ্যত উপনীত হ'ব ৷ উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে আঁত ধৰা যোগদান কার্যসূচীত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি পুলক গোহাঁই, সাংসদ ভূবনেশ্বৰ কলিতা উপস্থিত আছিল ৷

লগতে পঢ়কঃৰঙাপৰা সমষ্টিত সমুখ সমৰত দুই প্ৰাক্তন আদিবাসী ছাত্ৰ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.