ETV Bharat / state

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাবে নিযুক্ত - MP Pabitra Margherita

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্ত কৰা হৈছে । মঙলবাৰে সাংসদগৰাকীক অৰ্পন কৰা হয় এই দ্বায়িত্ব ৷

MP Pabitra Margherita
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাবে নিযুক্ত
author img

By

Published : Jul 5, 2022, 3:34 PM IST

গুৱাহাটী, ৫ জুলাই: ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক(MP Pabitra Margherita) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্ত কৰা হৈছে । পূৰ্বে এই দায়িত্বত আছিল জয়ন্তমল্ল বৰুৱা । জয়ন্ত মল্ল বৰুৱাক শেহতীয়াকৈ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হয় ।

মুখ্যমন্তী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থ‍ান ল‍াভৰ পাছতে জয়ন্ত মল্ল বৰুৱাৰ দায়িত্ব বৃদ্ধি পোৱাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব দিয়া হৈছে । উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰকে ধৰি কেইবাটাও দায়িত্বত থকা সাংস্কৃতিক কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটা চলিত বৰ্ষৰ মাৰ্চ মাহত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনত জয়ী হৈছিল ।

২০১৪ চনত বিজেপি দলত যোগদান কৰি অতি কম সময়ৰ ভিতৰতে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে উচ্চ সদনলৈ যোৱাৰ সুবিধা লাভ কৰিছিল । তেওঁ জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ দায়িত্বতো আছিল । মঙলবাৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হয় (Assam CM political secretary)।

লগতে পঢ়ক: অসমত ওলট পালট হ'ব পাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটৰ অংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.