ETV Bharat / state

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় কটাক্ষ কৰিলে পি চিদাম্বৰমে ?

দেশৰ প্ৰাক্তন বিত্ত তথা গৃহমন্ত্ৰী পি চিদাম্বৰমে আওপকীয়াকৈ কটাক্ষ কৰিলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত গৈ মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাক(P Chidambaram slams Assam CM Himanta) । দিল্লীত কংগ্ৰেছৰ পুনৰ চৰকাৰ হ'লে কংগ্ৰেছৰ পৰা বিজেপিত যোৱা কংগ্ৰেছৰ নেতাসকল পুনৰ কংগ্ৰেছত আহিব বুলিও মন্তব্য চিদাম্বৰমৰ ৷

author img

By

Published : Dec 16, 2021, 7:03 PM IST

p-chidambaram-slams-assam-cm-himanta
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় কটাক্ষ কৰিলে পি চিদাম্বৰমে ?

গুৱাহাটী, 16 ডিচেম্বৰ : কংগ্ৰেছ ত্যাগ কৰি বিজেপিত গৈ মুখ্যমন্ত্ৰী হোৱা ড৹ হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ প্ৰাক্তন বিত্ত তথা গৃহমন্ত্ৰী পি চিদাম্বৰমৰ কটাক্ষ(P Chidambaram on Himanta Bishwa Sarma) । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক কটাক্ষ কৰি চিদাম্বৰমে কয়, দিল্লীত কংগ্ৰেছৰ পুনৰ চৰকাৰ হ'লে কংগ্ৰেছৰ পৰা আঁতৰি বিজেপিত যোৱা কংগ্ৰেছৰ নেতাসকল পুনৰ কংগ্ৰেছত আহিব ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটী(Assam Pradesh Congress Committee)ৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত চলি থকা দলৰ কৰ্মী সকলৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰত বৃহস্পতিবাৰে মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কংগ্ৰেছৰ প্ৰাক্তন বিত্ত তথা গৃহমন্ত্ৰী পি চিদাম্বৰমে(P Chidambaram in APCC workshop) সাংবাদিকৰ আগত কয়, '' কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোৱা নেতাসকলৰ কোনো নৈতিক আদৰ্শ নাই । তেওঁলোকৰ কোনো নিজস্ব দায়বদ্ধতা নাই ।''

পি চিদাম্বৰমে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ কয়, বহু বছৰ কংগ্ৰেছত থাকি নিশাৰ ভিতৰতে নিজৰ ৰাজনৈতিক আদৰ্শক ভৰিৰে মোহাৰি বিজেপিত গৈ এচাম লোক মুখমন্ত্ৰী হৈছে । তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় আটাইকেইখন ৰাজ্যতে কংগ্ৰেছৰ চৰকাৰ আছিল । এতিয়া বিজেপিৰ প্ৰভূত্ব বাঢ়িছে ।

উত্তৰ পূৰ্বাঞ্চলৰ বহু কংগ্ৰেছ নেতাই নিজৰ ৰাজনৈতিক আদৰ্শক ভৰিৰে মোহাৰি, দায়বদ্ধতাক জলাঞ্জলি দি বিজেপিলৈ যোৱাৰ বাবে বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰভূত্ব বাঢ়িছে । তেওঁৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক দলোবোৰে সঘনে স্থিতি সলনি কৰি থাকে, যাৰ সুযোগ বিজেপিয়ে গ্ৰহণ কৰিছে । ইয়াৰোপৰি, চিদাম্বৰমে কংগ্ৰেছৰ নেতা কৰ্মী সকলক উদ্দেশ্য কৰি কয় যে, নিৰ্বাচনত জয় বা পৰাজয় চাই নিজৰ ৰাজনৈতিক আদৰ্শক জলাঞ্জলি দিব নালাগে ।

লগতে পঢ়ক : কিয় পুনৰ কা’ বিৰোধী আন্দোলন হ’লে ভাল পায় ৰণজিৎ দাসে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.