ETV Bharat / state

Tree felling in Guwahati: কাটিছে গছ সাধিছে উন্নয়ন; গুৱাহাটীত উন্নয়নৰ নামত নিৰ্বনানীকৰণ ! - Construction in Guwahati

গুৱাহাটী উন্নয়নৰ নামত চলিছে গছ কটাৰ অঘোষিত প্ৰতিযোগিতা ৷ বিগত দুটা মাহত গুৱাহাটীত কটা হ’ল 20 জোপা গছ ৷ বিশেষকৈ উৰণীয়া সেতু নিৰ্মাণ আৰু গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ নামত কাটি পেলোৱা হৈছে শ শ জোপা গছ (Development project in Guwahati) ৷

Tree felling in Guwahati
Tree felling in Guwahati
author img

By

Published : May 2, 2023, 9:35 PM IST

উন্নয়নৰ নামত মাত্ৰ কেইটামান বছৰতে গুৱাহাটীত কটা হ’ল সাত সহস্ৰাধিক গছ

গুৱাহাটী, 2 মে’: গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী আৰু প্ৰকল্প গ্ৰহণ কৰি আহিছে চৰকাৰে ৷ ইয়াৰ ভিতৰত অন্যতম হ’ল, মহানগৰীৰ যান-জঁটৰ সমস্যাৰ পৰা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে উৰণীয়া সেতু নিৰ্মাণ কৰা (Guwahati development project) ৷ ইতিমধ্যেই মহানগৰীত বহু কেইখন উৰণীয়া সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগতে অব্যাহত আছে বহু সেতুৰ নিৰ্মাণ কাৰ্য ৷ ইয়াৰ সমান্তৰালভাৱে বহু কেইখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে পুঁজিৰ অনুমোদন দিছে চৰকাৰে ৷ কিন্তু মহানগৰীত উৰণীয়া সেতু নিৰ্মাণৰ নামত অবাধে বন বিভাগে কাটিছে গছ-গছনি ৷ ইয়াকে লৈ এতিয়া সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Felling of tress in Guwahati) ৷

প্ৰাপ্ত তথ্য অনুসৰি মহানগৰীৰ উন্নয়ন প্ৰকল্পৰ নামত বিগত কেইটামান বছৰতে কটা হৈছে প্ৰায় সাত হাজাৰ গছ ৷ পৰিৱেশ তন্ত্ৰৰ ওপৰত পৰিব পৰা প্ৰভাৱক আওকাণ কৰি গুৱাহাটীত অব্যাহত আছে গছ কটা কাৰ্য ৷ শেহতীয়াকৈ মহানগৰীৰ কেইবাটাও স্থানত কটা হ’ল বহুকেইজোপা পুৰণি গছ (Tree cutting in Guwahati) ৷

যোৱা 29 এপ্ৰিলত গুৱাহাটীৰ আৰ জি বৰুৱা পথ বহলীকৰণৰ নামত কমেও 11 জোপা গছ কটা হ’ল ৷ তদুপৰি পথটোৰ কাষত থকা অন্য 30 জোপা গছো কটা হ’ব বুলি জানিব পৰা গৈছে । আৰ জি বৰুৱা পথ বহলীকৰণৰ নামত কটা গছবোৰৰ গৰিষ্ঠ সংখ্যকে আছিলে 8-10 বছৰ বা ইয়াতকৈ পুৰণি গছ (Tree chopping in Guwahati) ৷

ইফালে জালুকবাৰী অঞ্চলটো গুৱাহাটী বিশ্ব বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ কামত আন 8 জোপা গছ কটা হ’ল ৷ অন্য 23 জোপা গছ কটাৰো অনুমতি লাভ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পূৰ্বেও গুৱাহাটী তেল শোধনাগাৰৰ সমীপত পাইপলাইন বহুৱাৰ নামত 10 জোপা গছ কটা হৈছিল (Construction in Guwahati) ৷

আনহাতে ব্ৰহ্মপুত্ৰ পাৰ উন্নয়নৰ নামত অভ্যন্তৰীণ জল পৰিবহন বিভাগে কাটিলে 29 জোপা গছ ৷ পানীখাইটি অঞ্চলতো উৰণীয়া সেতু নিৰ্মাণৰ বাবে কিছু দিন পূৰ্বে কটা হ’ল 40 জোপা গছ ৷ ব্ৰহ্মপুত্ৰৰ নদী পাৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ নামত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডেও কমেও 25 জোপা গছ কাটিলে বুলি জানিব পৰা গৈছে ৷

ইয়াৰ সমান্তৰালভাৱে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ প্ৰস্তাৱিত কাৰ্যালয় নিৰ্মাণৰ নামত ৰূপনগৰতো কটা হ’ল 31 জোপা গছ ৷ এই গছবোৰৰ গৰিষ্ঠ সংখ্যকে কমেও 20 বছৰ অধিক পুৰণি আছিল ৷ ইফালে নাৰেংগীত থকা সেনা ছাউনী এলেকাতো ইতিমধ্যে কটা হৈছে 10 জোপা গছ ৷ সেই স্থানত পুনৰ 18 জোপা গছ কটাৰ প্ৰস্তাৱ লোৱা হৈছে ৷

বন বিভাগৰ এটা সূত্ৰই সদৰী কৰা মতে, গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বিগত কেইবাবছৰত আন্তঃগাঁথনি নিৰ্মাণৰ কামৰ নামত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কমেও 7000 জোপা গছ কটা হ’ল ৷ তদুপৰি বিগত কেইটামান মাহত ব্যক্তিগত ভূমিত থকা 1000 জোপা গছ কটা হৈছে ৷ ইতিমধ্যে কটা গছবোৰ বেছিভাগে বনাঞ্চলৰ বাহিৰৰ গছ । এই গছবোৰৰ উপৰিও ধুমুহা-বৰষুণত উভালি পৰা বহু গছো কটা হৈছে । বিগত দুটা মাহত গুৱাহাটীত প্ৰায় 20 জোপা ধুমুহাত উভালি পৰা গছ কটা হৈছে ৷

আনহাতে মহানগৰীত গছ কটা কাৰ্যক লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ Save Guwahati Build Guwahati ৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই মহানগৰ উন্নয়ন প্ৰকল্পৰ নামত গছ কটাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰতিটো চৰকাৰী বিভাগক এহাজাৰ জোপাকৈ গছ ৰোপন কৰিবলৈ আহ্বান জনোৱাৰ লগতে পাহৰতো গছ ৰোপন চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক: Poor condition of bridge: এখন নৱ নিৰ্মিত দলঙে বিপাঙত পেলাইছে পথচাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.