ETV Bharat / state

HSLC Exam 2023: বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি বিৰোধীৰ প্ৰতিক্ৰিয়া - বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল

প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই বাতিল কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ পৰীক্ষা ৷ ইয়াৰ পিছতে চৰকাৰৰ সমালোচনাত সৰৱ বিৰোধী দল (Opposition reaction on question paper leaked of HSLC) ৷

Etv Bharat
Etv Bharat
author img

By

Published : Mar 13, 2023, 1:59 PM IST

বিৰোধীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 13 মাৰ্চ : পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৯ ঘন্টা পূৰ্বে অৰ্থাৎ মাজনিশা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি সোমবাৰে বিধানসভাৰ ভিতৰে বাহিৰে বিৰোধীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিধানসভাৰ বাহিৰত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ বাবে চৰকাৰ তথা শিক্ষামন্ত্ৰী জবাবদিহি হ'ব লাগিব বুলি দাবী কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ‌ ঘটনাৰ দেৱব্ৰত শইকীয়াই উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে শিক্ষা বিভাগৰ অধ্যক্ষৰ পদত্যাগৰ দাবী জনায় (HSLC Exam Question Paper Leaked)।

বিৰোধী দলপতি গৰাকীয়ে কয় যে, এই সন্দৰ্ভত শিক্ষা মন্ত্ৰীক বিধান সভাত জবাবদিহি কৰা হ’ব । কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে বিষয়টো সন্দৰ্ভত কয় যে, এই ঘটনাৰ লগত জড়িত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'ব লাগে । এনেবোৰ ঘটনাই অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত বিঘ্নিত কৰিব বুলি আশংকা প্ৰকাশ কৰে বিধায়কজনে । ইপিনে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই শাসকীয় দলটোক কটাক্ষ কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ন'বেল বঁটা পাব লাগে বুলি কয় । নিজৰ ভুলটো শিক্ষামন্ত্ৰীয়ে মানি লোৱাৰ লগতে নৈতিক দায়িত্ব স্বীকাৰ কৰি মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰিব লাগে বুলি দাবী জনায় (Opposition reaction on question paper leaked of HSLC)।

অসম চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থাক দিল্লীৰ শিক্ষা ব্যৱস্থাৰ সৈতে ৰিজাবলৈ যায় কিন্তু অসমত শিক্ষা ব্যৱস্থাৰ এয়াহে পুতৌজনক অৱস্থা । বিধায়ক অখিল গগৈয়ে পৰীক্ষা কাকত লিক হোৱাটোৱেহে গিনিছ বুক অফ ৰেকৰ্ড কৰিব পাৰে । তেতিয়া মুখ্যমন্ত্ৰীয়ে আকৌ বুকু ফিন্দাই 'আৰু এটা ৰেকৰ্ড হ'ল বুলি দম্ভালি মাৰিব পাৰিব বুলি কয় বিধায়কগৰাকীয়ে । এ আই ডি ইউ এফৰ বিধায়ক আমিনুল ইছলামে এয়া ছেবাক ধ্বংস কৰাৰ এক ষড়যন্ত্ৰ বুলি গুৰুতৰ অভিযোগ আনে । অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাক ধ্বংস কৰি ইংৰাজী মাধ্যমৰ প্ৰতি আকৃষ্ট কৰাৰ এয়া এক চৰকাৰী পৰিকল্পনা বুলি কয় (HSLC 2023 Science exam cancelled in Assam) ৷

লগতে পঢ়ক : HSLC Exam 2023: মেট্ৰিকৰ আজি হ’বলগীয়া বিজ্ঞান পৰীক্ষা বাতিল, মাজনিশা ছেবাৰ ঘোষণা

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি অনুষ্ঠিত হ'বলগীয়া বিজ্ঞানৰ পৰীক্ষালৈ কেইটামান ঘণ্টা বাকী থকা অৱস্থাতে দেওবাৰৰ মাজনিশা এই পৰীক্ষা বাতিল কৰা বুলি ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্রী ৰণোজ পেগুৱে । টুইটাৰত নিশা ১১.৪৮ বজাত ছেবাৰ এখন জাননীসহ তেওঁ প্ৰকাশ কৰে যে সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে । জাননীখনত সংবাদ মাধ্যমত প্ৰচাৰিত প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতৰিয়ে পৰীক্ষাৰ্থীৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে বাবেহে বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে বুলি ছেবা আৰু শিক্ষামন্ত্ৰী কয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.