ETV Bharat / state

Autumn session 2023: ঘেঁহু কেলেংকাৰী সন্দৰ্ভত উত্তাল বিধানসভা; চৰকাৰ মুৰ্দাবাদ ধ্বনি বিধায়ক কমলাক্ষ্যৰ - scam in assam supply department

অসম বিধানসভাৰ দ্বিতীয় দিনা যোগান বিভাগৰ ঘেঁহু কেলেংকাৰীকলৈ সদন উত্তাল ৷ কংগ্ৰেছৰ সদন‌ ত্যাগ ৷ কমলাক্ষ্য দে’ পুৰকায়স্থই অসম চৰকাৰ মুৰ্দাবাদ ধ্বনি দিয়াৰ‌ বাবে ক্ষমা খোজাৰ দাবী জনায় মন্ত্ৰী পীযুষ হাজৰীকাই ।‌

Autumn session 2023
অসম বিধানসভাৰ দ্বিতীয় দিনা উত্তাল সদন
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 2:05 PM IST

অসম বিধানসভাৰ দ্বিতীয় দিনা উত্তাল সদন

গুৱাহাটী, 12 ছেপ্টেম্বৰ: বিধানসভাৰ শীতকালীন অধিৱেশনৰ মঙলবাৰে দ্বিতীয়টো দিন । অসমৰ বিভিন্ন জিলাত যোগান বিভাগত চলি থকা অনিয়মৰ বিৰুদ্ধে বিৰোধী দল কংগ্ৰেছে সদন উত্তাল‌ কৰি তোলে । যাৰ বাবে সদনৰ কাম-কাজ 15 মিনিটৰ বাবে বিধানসভাৰ অধ্যক্ষই স্থগিত ৰাখিবলৈ বাধ্য হয় । উল্লেখ্য যে, কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই অসমৰ বিভিন্ন জিলাত যোগান বিভাগত চলি থকা অনিয়মৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ কয় যে, ৰাজ্যৰ একাংশ জিলাত জিলাৰ সংশ্লিষ্ট যোগান বিভাগৰ জৰিয়তে গ্ৰাহকক ঘেঁহু যোগান নধৰে । কিন্তু ৰাজ্য চৰকাৰৰ যোগান‌ বিভাগে ঘেঁহুৰ আৱন্টন দি আছে । লগতে জিলাসমূহত কেৰাচিন ৰেচন কাৰ্ডৰ জৰিয়তে উপভোক্তাসকলক যোগান ধৰা নহয় । বহুত জিলাত ভুৱা ঘেঁহুৰ মিল দেখুৱায় অনিয়ম সংঘটিত কৰি থকা‌ বুলিও বিধায়ক নুৰুল হুদাই বিধানসভাত প্ৰশ্ন উত্থাপন কৰে ।

এই সন্দৰ্ভত যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংশ্লিষ্ট জিলাৰ বিধায়কসকলে এই সন্দৰ্ভত অনুসন্ধান কৰি তথ্যসহ যোগান‌ বিভাগক লিখিত অভিযোগ দিয়াৰ‌ ব্যৱস্থা কৰিবলৈ কয় ।‌ তাৰ‌ পিছত এই‌ সন্দৰ্ভত বিহিত‌ ব্যৱস্থা লোৱা হ'ব বুলিও । আশ্বাস প্ৰদান কৰে ৷ এই সন্দৰ্ভত বিধানসভাত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই যোগান বিভাগত চলি থকা অনিয়মৰ বিৰুদ্ধে সমূহীয়া তদন্তৰ‌‌ বাবে যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক দাবী জনায় ।

বিধানসভাত বিধানসভাৰ অধ্যক্ষক বিষয়টো দৃষ্টিগোচৰ কৰাৰ বাবে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থৰ লগতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আহ্বান জনায় । ইয়াৰ মাজতে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই অসম চৰকাৰ মুৰ্দাবাদ ধ্বনি দিয়ে । এই সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰীকাই কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থক উভতি ধৰে ।

হাজৰীকাই কমলাক্ষ্য দে’ পুৰকায়স্থক অসম চৰকাৰ মুৰ্দাবাদ ধ্বনি দিয়াৰ‌ বাবে ক্ষমা খোজাৰ দাবী জনায় ।‌ 15 মিনিট পিছত সদনৰ কাম-কাজ পুনৰ আৰম্ভ ‌হোৱাৰ পিছত অৱশ্যে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই অসম চৰকাৰ মুৰ্দাবাদ ধ্বনি দিয়াৰ বাবে সদনত‌ ক্ষমা খোজে ।

লগতে পঢ়ক: Dibrugarh road accident: ডিব্ৰুগড়ৰ দুৰ্ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.