ETV Bharat / state

ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালীকৰণৰ দাবীত বিৰোধীৰ যৌথ আন্দোলনৰ সিদ্ধান্ত

author img

By

Published : Sep 2, 2022, 10:38 AM IST

ৰাজ্যৰ থলুৱা ভাষা-সংস্কৃতি নিঃশেষ কৰাৰ বাবে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চলোৱা ষড়যন্ত্রৰ বিৰুদ্ধে অসমৰ প্ৰায় সকলোকেইটা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধ আন্দোলনৰ পোষকতা কৰিছে (opposition parties in Assam united movement) ।

Himanta Biswa
Himanta Biswa

গুৱাহীটা, ২ ছেপ্টেম্বৰ : অসমৰ চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবোৰ ঢাপে ঢাপে বন্ধ কৰা আৰু অসমীয়া, বড়ো, ৰাভা, কাৰ্বিকে ধৰি ৰাজ্যৰ থলুৱা ভাষা-সংস্কৃতি নিঃশেষ কৰাৰ বাবে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চলোৱা ষড়যন্ত্রৰ বিৰুদ্ধে অসমৰ প্ৰায় সকলোকেইটা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধ আন্দোলনৰ পোষকতা কৰিছে (opposition parties in Assam united movement) ।

দলকেইটাই অচিৰেই যৌথ আন্দোলনৰ কৰ্মসূচী ঘোষণা কৰিব । এই উদ্দেশ্যে বৃহস্পতিবাৰে চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটীৰ কাৰ্যালয়ত আঞ্চলিক গণমৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সভাপতিত্বত বিৰোধী দলসমূহৰ এখন যৌথ সভা অনুষ্ঠিত হৈ যায় (Anchalik Gana Marcha lead all party meeting) । চি পি আই (এম)ৰ ৰাজ্যিক নেতা তথা কেন্দ্ৰীয় সমিতিৰ সদস্য ইচফাকুৰ ৰহমানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ।

সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, চি পি আইৰ ৰাজ্যিক সম্পাদক মুনীন মহন্ত আৰু নেতা বিপুল তালুকদাৰ, আম আদমী পাৰ্টীৰ নেতা আমিৰ হুছেইন আৰু শৈলেন কলিতা, ৰাইজৰ দলৰ অন্যতম মুখপাত্ৰ ৰাছেল হুছেইন, এন চি পি দলৰ সাধাৰণ সম্পাদক পৰেশ বৰুৱা, চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নিৰংকুশ নাথ, আঞ্চলিক গণমৰ্চাৰ নেতা প্ৰণৱজ্যোতি চেতিয়া প্ৰমুখ্যে নেতৃবৃন্দই অংশগ্ৰহণ কৰে (opposition parties protest against Assam Govt) ।

সভাত অংশগ্ৰহণকাৰী আটাইকেইটা দলৰ প্ৰতিনিধিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত নিজৰ অকৰ্মণ্যতা তথা সীমাহীন ব্যৰ্থতা ঢাকি ৰাখি বিভিন্ন অজুহাতত চৰকাৰী শিক্ষানুষ্ঠানবোৰ ঢাপে ঢাপে বন্ধ আৰু স্কুলীয়া পৰ্যায়তো গণিত, বিজ্ঞান আদি বিষয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা সিদ্ধান্তৰ প্ৰতিবাদ কৰাৰ লগতে চৰকাৰী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন সংগঠিত কৰাত গুৰুত্ব আৰোপ কৰে (opposition parties criticized Himanta Biswa Sarma) ।

ৰাজ্য চৰকাৰৰ জনবিৰোধী শিক্ষা নীতিৰ জৰিয়তে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰি শিক্ষাৰ বেচৰকাৰীকৰণ তথা ব্যক্তিগতকৰণক অধিক উৎসাহিত কৰাৰ উপৰি থলুৱা ভাষা-সংস্কৃতিকো নিঃশেষ কৰিব বিচৰা হৈছে বুলি আটাইকেইটা দলৰ প্ৰতিনিধিয়ে মত পোষণ কৰে । অহা পাঁচ ছেপ্টেম্বৰত দলসমূহৰ প্ৰতিনিধি পুনৰ মিলিত হৈ ঐক্যবদ্ধ আন্দোলনৰ কৰ্মসূচী নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় ।

আজিৰ সভাত অনিবাৰ্য কাৰণবশত চি পি আই (এম এল)ৰ প্ৰতিনিধি উপস্থিত থাকিব পৰা নাছিল যদিও সিদ্ধান্তসমূহৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰে আৰু ঐক্যবদ্ধ আন্দোলনৰ অংশীদাৰ হ'ব বুলি জনায় । ৰাজ্যত চৰকাৰী শিক্ষাৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ দাবীত ঐক্যবদ্ধ আন্দোলনৰ অংশীদাৰ হোৱাৰ বাবে অন্যান্য বিৰোধী আঞ্চলিক আৰু ধৰ্মনিৰপেক্ষ দল-সংগঠন আৰু শিক্ষাপ্ৰেমী জনসাধাৰণৰ প্রতিও আজিৰ সভাই আহ্বান জনায় ।

লগতে পঢ়ক :৫ ছেপ্টেম্বৰত ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.