ETV Bharat / state

Assam tableau in Delhi parade: লাচিতক হিন্দু সেনানী হিচাপে উপস্থাপনৰ প্ৰয়াস চৰকাৰৰ: দেবব্ৰত শইকীয়া - বীৰ লাচিত বৰফুকন

নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰ দেখা গ’ল হাতত হেংদাং লৈ নাৱত উঠি যুদ্ধথলীত বীৰ লাচিত বৰফুকন ৷ কাষত কেইজনমান সৈনিক ৷ তাৰ পিছতেই দেখা গ’ল মহাশক্তিধাম কামাখ্য মন্দিৰ আৰু শিৱদৌলক(Republic Day pared on Kartavya Path) ৷ এই প্ৰতীকপটক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷

Assam tableau in Delhi parade
বিৰোধী দলপতি দেবব্ৰত শইকীয়া
author img

By

Published : Jan 29, 2023, 4:33 PM IST

বিৰোধী দলপতি দেবব্ৰত শইকীয়া

গুৱাহাটী,২৯ জ‍ানুৱাৰী: গণৰাজ্য দিৱসৰ নতুন দিল্লীৰ কেন্দ্ৰীয় পেৰেডৰ অসমৰ প্ৰতীকপটত(Assam tableau in Delhi parade) মহাবীৰ লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপন কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । নতুন দিল্লীত গণৰাজ্য দিৱস‌ উদযাপন অনুষ্ঠানত অসমৰ প্ৰতীকপট হিচাপে প্ৰদৰ্শিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিক চৰকাৰৰ তৰফৰ পৰা বিকৃত আকাৰে দেখুৱাই দেশৰ জনসাধাৰণৰ মনত তেখেতক এজন হিন্দু সেনানী হিচাপে উপস্থাপনৰ প্ৰয়াস কৰা বুলি বিৰোধী দলপতি শইকীয়াই(Assam opposition leader Debabrata Saikia) অভিযোগ উত্থাপন কৰিছে ।

এই সন্দৰ্ভত তেওঁ কয় যে প্ৰতিজন অসমীয়াই জানে যে লাচিত বৰফুকনে(Heroic of historic Ahom gen Lachit barphukan) সকলো ধৰ্ম, জাতি-জনগোষ্ঠীৰ সহায়েৰে অসমৰ পৰা বিদেশী আগ্ৰাসনক বাধা দিবলৈ মাৰবান্ধি থিয় দিছিল । প্ৰতীকপট সন্দৰ্ভত তেওঁ কয় যে প্ৰতীকপটৰ সন্মূখত বিকৃত ৰূপত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে পিচফালে কামাখ্যা মন্দিৰ আৰু শিৱদৌলক উপস্থাপন কৰি এনেকুৱা দেখুওৱাব বিচৰা হ'ল যে লাচিত বৰফুকন হিন্দু ধৰ্মৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা এজন হিন্দু সৈনিক আছিল । প্ৰতীকপটত লাচিত বৰফুকনৰ বীৰত্বক দাঙি ধৰা নহ’ল বুলি তেওঁ সদৰী কৰে । তেওঁ অসমৰ ইতিহাস বিকৃত কৰাসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় ।

শৰাইঘাট ৰণত মোগলৰ বিৰুদ্ধে নৰীয়া দেহাৰে যুঁজ দি অসম আৰু অসমীয়া বীৰত্বৰ চানেকি দাঙি ধৰিছিল আহোম সেনাপতি লাচিত বৰফুকনে । দুমাহ পূর্বে নতুন দিল্লীত ৬০০ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী ৩ দিনীয়াকৈ অনুষ্ঠিত কৰি লাচিতৰ বীৰগাথা প্ৰচাৰ-প্ৰসাৰ কৰিছিল ৰাজ্য চৰকাৰে । ৪০০ বছৰীয়া জয়ন্তী পালনেৰে লাচিতৰ শৌর্য-বীর্য তথা গৌৰৱ দেশ তথা বিশ্ববাসীৰ আগত দাঙি ধৰাৰ সময়তে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ নতুন দিল্লীৰ কেন্দ্ৰীয় পেৰেডৰ অসমৰ প্ৰতীকপটত লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

উল্লেখ্য যে এইবাৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় পেৰেডত(India 74th Republic Day) অসমৰ প্ৰতীকপট হিচাপে আছিল মহাবীৰ লাচিত বৰফুকন । লাচিত বৰফুকনকে শৰাইঘাট ৰণত এখন নাওত উঠি হাতত হেংদাং লৈ সন্মুখৰ পৰা নেতৃত্ব দিয়া দেখুওৱা হৈছিল । প্ৰতীকপটত মহাবীৰ লাচিত বৰফুকনৰ লগতে শক্তিপীঠ কামাখ্যা দেৱালয় আৰু শিৱসাগৰৰ ৰংঘৰ-শিৱদৌলক উপস্থাপন কৰা হৈছিল(Republic Day pared on Kartavya Path) । প্রতীকপটৰ প্ৰথম শাৰীত লাচিত বৰফুকনৰ এটা বিশাল মূর্তি আৰু হাতত হেংদাং লৈ থকা দেখা গৈছিল । কিন্তু মহাবীৰজনৰ প্ৰতিমূৰ্তিৰ অৱয়ব আৰু হেংদাংখনক লৈ ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল । কিয়নো লাচিতৰ প্ৰতিমূৰ্তিটো বিকৃত কৰা বুলি বিভিন্নজনে অভিযোগ কৰিছিল ।

উল্লেখ যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে এই প্রতীকপটৰ বাবে বিগত ছেপ্টেম্বৰ মাহতে নিবিদা আহ্বান কৰিছিল । সেই অনুসৰি মুম্বাইৰ শুভ্ৰ এডছ নামৰ ফাৰ্মখনক প্রায় ৩৫ লাখ টকাত প্রতীকপট নির্মাণৰ ঠিকা দিয়া হৈছিল । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রণালয়ৰ তত্বাৱধানত প্ৰস্তুত কৰা প্রতীকপটৰ ডিজাইনিঙৰ দায়িত্বত আছিল মন্ত্ৰী বিমল বৰাৰ নেতৃত্বাধীন সাংস্কৃতিক বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে কেন্দ্রীয় সাংস্কৃতিক মন্ত্রণালয়ৰ ফেল’শ্বিপপ্ৰাপ্ত অসমীয়া ডিজাইনাৰ । কিন্তু এনে দায়িত্বশীল ব্যক্তি জড়িত থকাৰ পাছতো মহাবীৰ লাচিত বৰফুকনৰ দৃষ্টিকটুৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অসমক লজ্জানত কৰিবলৈ অধিকাৰ কোনে দিলে বুলিও প্রশ্ন উত্থাপন হৈছে ।

কেৱল লাচিতৰ প্ৰতিমূৰ্তিটোৱেই নহয়, লাচিত বৰফুকনে লোৱা হেংদাংখনো আহোমৰ অস্ত্ৰ নহয় বুলিও বিভিন্নজনে সমালোচনা কৰিছে । লাচিত বৰফুকনক ভুলকৈ দেশবাসীৰ ওচৰত পৰিচয় কৰি অসমক লজ্জানত কৰা দায়বদ্ধ সংশ্লিষ্ট বিষয়া আৰু ঠিকাদাৰী ফাৰ্মৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিবা ব্যৱস্থা ল’ব নে নাই, সেয়া সময়েহে ক’ব । উল্লেখ যে বিগত বৰ্ষত গণৰাজ্য দিৱসৰ প্ৰতীক পট হিচাপে স্বাধীনতা সংগ্রামী কনকলতাক নির্বাচন কৰা হৈছিল যদিও শেষ মুহূৰ্তত চৰকাৰে ধন মোকলাই নিদিয়াৰ বাবে প্ৰতীক পট প্ৰদৰ্শনৰ পৰা বঞ্চিত হৈছিল অসম ।

লগতে পঢ়ক: Assam tableau in Delhi parade: কৰ্তব্য পথত জিলিকিল বীৰ লাচিত আৰু কামাখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.