ETV Bharat / state

অমিত শ্বাহৰ অসম ভ্ৰমণ নিৰাশাজনক : দেৱব্ৰত শইকীয়া

author img

By

Published : Jul 26, 2021, 9:55 PM IST

দুদিনীয়া কাৰ্যসূচী লৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ ৷ শনিবাৰে দিল্লীৰ পৰা মেঘালয়ত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দেওবাৰে বিয়লি অসমত উপস্থিত হয় ৷ গৃহমন্ত্ৰী শ্বাহে অসমত আহি জি এম চি এইছত ৰেডিঅ' থেৰাপি ব্ল’ক উন্মোচন কৰাৰ লগতে বাক্সা জিলাৰ তামুলপুৰত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৷ গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাচতেই তেওঁৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া ৷

Opposition leader Debabrata Saikia
অমিত শ্বাহৰ অসম ভ্ৰমণ নিৰাশাজনক : দেৱব্ৰত শইকীয়া

গুৱাহাটী, ২৬ জুলাই : "কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ (Home minister Amit Shah)ৰ অসম ভ্ৰমণ অসমৰ বাবে নিৰাশাজনক" । এই মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়া(Opposition leader Debabrata Saikia)ৰ ৷ শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) দেওবাৰে অসমত উপস্থিত হয় ৷ অমিত শ্বাহৰ অসম ভ্ৰমণৰ পাচতেই তেওঁৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে বিৰোধী দলৰ দলপতি শইকীয়া ৷

দেবব্ৰত শইকীয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ সন্দৰ্ভত কয় যে, "ভাষণত তেখেতে(Amit Shah)যদিও বিজেপি দলৰ চৰকাৰখনৰ ঢাক ঢোল পিটিলে, কিন্তু অসমৰ ৰাইজে ভালকৈ জানে যে, বিগত সময়চোৱাত যদিও ৩৫ গৰাকীতকৈও অধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিলে, অসমৰ ৰাইজে তেওঁলোকৰ পৰা বিশেষ কোনো আঁচনি বা অসমত বিশেষ কোনো উন্নতি হোৱা দেখা নাপালে । যিটো সময়ত সমগ্ৰ ৰাজ্যৰে জনসাধাৰণ ক'ভিড (Covid 19)মহামাৰীৰ দুৰ্যোগত দিন অতিবাহিত কৰিবলগীয়া হৈছে, তেনে সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণে অসমলৈ কিছু আশাৰ বাতৰি আনিব বুলি ভাবিছিলো । বিশেষকৈ অন্য ৰাজ্যসমূহৰ নিচিনাকৈ আৰ্থিক পেকেজ অসমলৈ লৈ আনিব বুলি মোৰ লগতে ৰাইজেও নিশ্চয় ভাবিছিল ।

শইকীয়াই লগতে কয় যে, আমি ভাবিছিলোঁ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আহিব, বান সমস্যা সমাধান কৰাৰ বাবে নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিব ! কিন্তু মাত্ৰ তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰি কিম্বা কৰ্কট (Cancer)ৰ চিকিৎসাৰ বাবে এটা ব্ল’কৰ উদ্ধোধন কৰিলে । যিটো প্ৰকল্প আগৰে পৰাই চলি আছিল । অৰ্থাৎ, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ এতিয়া ভুৱা প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰিত হ'ল ।

বিৰোধী দলপতিগৰাকীয়ে লগতে কয় যে, ঠিক তেনেদৰেই তেখেতৰ ভাষণত যদিও ক'লে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) এজন সফল মুখ্যমন্ত্ৰী আছিল, তেন্তে তেওঁক আঁতৰালে কিয় ? যদি তেখেত সফলেই আছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছে আগৰ চৰকাৰৰ দিনত হাজাৰ কোটি টকাৰ ছিণ্ডিকেট, গৰুৰ চোৰাং সৰবৰাহ তথা অবৈধ ড্ৰাগছৰ কেলংকাৰী হৈ আছিল ।

ঠিক তেনেদৰে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কিছুদিন আগতে ৰাইজক দেখুওৱাবলৈ বাথা নামৰ এজন উগ্ৰপন্থী নেতাক আত্মসমৰ্পণ কৰাই ৱাহ ৱাহ লোৱাৰ প্ৰচেষ্টা কৰিছিল । কিন্তু তেওঁ নিজেই এক সাক্ষাৎকাৰত কৈছে যে যোৱা‌ সময়চোৱাত তেওঁক অসম পুলিচে (Assam Police)এৰি দিছিল । যিহেতু অসমত উপ-নিৰ্বাচন সমাগত, গতিকে অমিত শ্বাহৰ অসম ভ্ৰমণ তথা মুখ্যমন্ত্ৰীয়ে বৰ্তমান ৰাইজক দেখুৱাবলৈ কৰি থকা কামৰ উদ্দেশ্য এটাই আৰু সেইয়া অসমৰ ৰাইজৰ মন ভুলোৱা বুলি বিৰোধী দলপতি গৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.