ETV Bharat / state

কংগ্ৰেছৰ সংবিধান প্ৰণয়নত ভূমিকা আছে, বিজেপিয়ে কেৱল সংবিধান ভংগ কৰিব বিচাৰে !!

author img

By

Published : Nov 26, 2019, 2:41 PM IST

সংবিধান দিৱসৰ দিনটোত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

OPPOSITION LEADER DEBABRAT SAIKIA ON NRC
কংগ্ৰেছৰ সংবিধান প্ৰণয়নত ভূমিকা আছে

গুৱাহাটী,26 নৱেম্বৰ: সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে কংগ্ৰেছৰ , কিন্তু বিজেপি এনে এক দল যি সংবিধানখন ভংগ কৰিব বিচাৰে। সংবিধান দিৱসৰ দিনাই বিজেপিক তীব্ৰ সমালোচনা কৰি এই মন্তব্য কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷

দেশৰ সংবিধান প্ৰণয়ন হোৱা দিনটোত সংবিধান সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, কংগ্ৰেছে সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, কিন্তু বৰ্তমান বিজেপিয়ে কেৱল সংবিধান ভংগ কৰা কাৰ্য কৰি অহাৰ লগতে সেই সংবিধানখন সলনি কৰিবলৈ উঠি পৰি লাগিছে । ধৰ্মৰ ভিত্তিত কেতিয়াও ভাৰতত নাগৰিকত্ব দিব নোৱাৰে । কিন্তু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বিজেপি চৰকাৰে ভাৰতৰ সংবিধানক অমান্য কৰিব বিচাৰিছে । লগতে কংগ্ৰেছে বিজেপিৰ এই চক্ৰান্তক কেতিয়াও ফলপ্ৰসূ হ'বলৈ নিদিয়ে বুলি সকীয়াই দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ।

সংবিধান দিৱসৰ দিনটোত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

লগতে পঢ়ক:ভাৰতবৰ্ষৰ সংবিধান পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ: ETV BHARATৰ আছুতীয়া সাক্ষাৎকাৰত তৰুণ গগৈ

ইফালে বিজেপিৰ ১৯৫১ক ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ নতুন এন আৰ চি প্ৰস্তুত কৰাৰ সিদ্ধান্তক একেমুখে ধিক্কাৰ দিয়ে বিৰোধী দলৰ দলপতিজনে । দেৱব্ৰত শইকীয়াই স্পষ্ট ভাৱে জনাই দিয়ে যে, নতুন এন আৰ চিৰ পক্ষত নাই কংগ্ৰেছ দল । যদিহে এন আৰ চিত কিবা বিসংগতি হৈছে তেন্তে ইয়াক চৰকাৰে শুধৰণি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি মন্তব্য কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে ।

লগতে পঢ়ক:প্ৰকৃতি মাতৃলৈ প্ৰতিদানৰ বাবে প্ৰত্যাহ্বান

Intro:সংবিধান দিৱসৰ দিনাই বিজেপিক তুলাধুলা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ। কংগ্ৰেছে সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, কিন্তু এই বিজেপিয়ে সেই সংবিধান সলনি কৰিবলৈ উঠি পৰি লাগিছে। ধৰ্মৰ ভিত্তিত কেতিয়াও ভাৰতত নাগৰিকত্ব দিব নোৱাৰে। কিন্তু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি চৰকাৰে ভাৰতৰ সংবিধানক অমান্য কৰিব বিচাৰিছে। কংগ্ৰেছে বিজেপিৰ চক্ৰান্তক কেতিয়াও ফলপ্ৰসূ হ'বলৈ নিদিয়ে বুলি সকিয়াই দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। ইফালে বিজেপিৰ ১৯৫১ক ভিত্তিবৰ্ষ হিচাপে লৈ পুণৰ নতুন এন আৰ চি প্ৰস্তুত কৰাৰ সিন্ধান্তক একেমুখে ধিক্কাৰ দিয়ে শইকীয়াই। বিৰোধী দলৰ দলপতিগৰাকীৰ স্পষ্ট কথা নতুন এন আৰ চিৰ পক্ষত নাই কংগ্ৰেছ দল। যদিহে এন আৰ চিত কিবা বিসংগতি হৈছে তেন্তে ইয়াক শুধৰণি কৰাৰ ব্যৱস্থা চৰকাৰক গ্ৰহণ কৰিবলৈ দাবী জনালে বিৰোধী দলৰ দলপতিগৰাকীয়ে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.