ETV Bharat / state

Apex Bank Fraud : বিতৰ্কিত ৰাজেশ বাজাজে লোৱা ২০ কোটিৰ ঋণৰ তদন্তৰ দাবী বিৰোধী দলপতিৰ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 6:24 PM IST

ৰাজেশ বাজাজ নামৰ বিতৰ্কিত ব্যৱসায়ীজনে এপেক্স বেংকৰ পৰা ২০.৩০ কোটি টকাৰ ঋণ লোৱাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপিত হৈছে ৷ বেংকটোৰ অধ্যক্ষৰ দায়িত্বত আছে বিজেপি বিধায়ক বিশ্বজিৎ ফুকন ৷ গাইড লাইন অনুসৰি ১ কোটি টকাৰ অধিক ঋণ হ’লে ৰিজিঅ’নেল মেনেজাৰৰ অনুমতি ল’ব লাগে ।

Apex Bank Fraud
ৰাজেশ বাজাজে লোৱা ২০ কোটিৰ ঋণৰ সন্দ্ৰভত দেৱব্ৰত শইকীয়া

গুৱাহাটী, ১৮ অক্টোবৰ : অসম কো-অপাৰেটিভ এপেক্স বেংকৰ কোটি কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ ৰাজেশ বাজাজ নামৰ এজন বিতৰ্কিত ব্যৱসায়ীয়ে ২০.৩০ কোটি টকা অসৎ উপায়েৰে বেংকটোৰ পৰা আদায় কৰি নিয়ে । এই সমগ্ৰ কেলেংকাৰীক লৈ চি এম ভিজিলেন্স নাইবা অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ যোগেদি উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে বিৰোধীৰ দলগতি দেৱব্ৰত শইকীয়াই । ইয়াৰোপৰি অভিযোগৰ আঙুলি তুলি বেংকটোৰ পৰিচালন মণ্ডলীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আহ্বান জনাইছে দেৱব্ৰত শইকীয়াই ৷

বিৰোধী দলপতি শইকীয়াই কয়- “যিহেতু বেংকটোত অসমৰ জনগণৰ কষ্টোপাৰ্জিত ধন জমা থাকে ৷ সেয়ে অসম চৰকাৰে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে ৷ বেংকটোৰ পৰিচালন মণ্ডলীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিব লাগে ৷ যাতে সোধপোচ কৰি দোষীক কৰায়ত্ত কৰিব পৰা যায় ৷ ”

উল্লেখ্য যে বেংকটোৰ অধ্যক্ষৰ দায়িত্বত আছে বিজেপি বিধায়ক বিশ্বজিৎ ফুকন ৷ জালিয়াতিত জড়িত ৰাজেশ বাজাজৰ সৈতে বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠতাৰ বাবেই ২০ কোটিৰো অধিক ধন উলিয়াই নিবলৈ সক্ষম হ’ল নেকি বুলিও চৰ্চা হোৱাৰ লগতে বাতৰিও পৰিৱেশিত হৈছে ৷ লগতে ইমান বিশাল কেলেংকাৰী পোহৰলৈ অহাৰ পাছতো বেংকটোৰ জালিয়াতিক লৈ কেৱল এজন ব্ৰাঞ্চ মেনেজাৰক নিলম্বন কৰাৰ বাহিৰে কোন পদক্ষেপ নোলোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই ৷

এই প্ৰসংগত কংগ্ৰেছ নেতা শইকীয়াই কয়- “যিটো ব্যৱস্থাৰ গইনা লৈ এই বিত্তীয় কেলেংকাৰী কৰিলে সেই ব্যৱস্থা নেট বেংকিং হোৱাৰ পাছত ৰিজাৰ্ভ বেংকে বন্ধ কৰি দিছে । যিটো আইন সংগত নহয় এতিয়া । ব্ৰাঞ্চ মেনেজাৰৰ ২০ কোটি টকা আদায় দিয়াৰ কোনো ক্ষমতা নাথাকে ৷ কোনো বেংকতে এই ব্যৱস্থা নাই ৷ ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াৰ গাইড লাইন অনুসৰি ১ কোটি টকাৰ অধিক ঋণ হ’লে ৰিজিঅ’ নেল মেনেজাৰৰ অনুমতি ল’ব লাগে । পৰিচালন মণ্ডলীৰ সহযোগিতা নাথাকিলে এজন ব্ৰাঞ্চ মেনেজাৰে ২০ কোটি টকা দিয়াৰ ৰিক্স ল’ব নোৱাৰে ৷”

সেয়ে চিএম ভিজিলেন্স, অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা নাইবা এনফ’ৰ্চমেণ্টৰ দ্বাৰা তদন্ত দাবী কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । গৃহ বিভাগক তেওঁ আহ্বান জনাই যে এক উচ্চ পৰ্যায়ৰ তদন্ত কমিটিৰ দ্বাৰা বিষয়টোৰ তদন্ত কৰোৱা হওঁক ৷

লগতে পঢ়ক: Apex bank fraud: বিজেপি বিধায়কৰ ঘনিষ্ঠৰ কোটি টকীয়া বেংক জালিয়াতি পোহৰলৈ; বিধায়ক মৃণাল শইকীয়াৰ বিশেষ টুইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.