ETV Bharat / state

ভৰলুমুখত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন লোক

author img

By

Published : Jul 29, 2020, 3:18 PM IST

চোলাপাৰাৰ কালাচিনি এপাৰ্টমেণ্টত বৃহৎ পৰিমাণৰ ধনসহ গ্ৰেপ্তাৰ হোৱা অভিযুক্ত মহিলা ড্ৰাগছ ব্যৱসায়ী গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত চলোৱা এক অভিযানত বুধবাৰে,ভৰলুমুখৰ 6নং গেট অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰীসহ আৰক্ষীয়ে আটক কৰে দুজন লোকক ৷

ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন লোক
ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন লোক

গুৱাহাটী, 29 জুলাই: মহানগৰ অপৰাধ শাখা আৰু ভৰলু আৰক্ষীৰ জোৱানসকলে চৱোলা এক যুটীয়া অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ নগদ ধন আৰু অলংকাৰৰ লগতে বহু সামগ্ৰী ৷ বিশেষ সুত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে ভৰলুমুখৰ 6 নং গেট অঞ্চলত অভিযান চলাই প্ৰায় 21 গ্ৰাম ওজনৰ নিচাজাতীয় সামগ্ৰী,2 লাখ 58 হাজাৰ নগদ ধন, কিছু পৰিমাণৰ আপত্তিজনক নথি-পত্ৰসহ কেইবাবিধো সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে এগৰাকী মহিলাসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ উল্লেখ যে,আটকাধীন লোক দুজন ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কথা উল্লেখ কৰে আৰক্ষীয়ে ৷

ভৰলুমুখত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন লোক

আনহাতে মঙলবাৰে নিশা গুৱাহাটীৰ চোলাপাৰাৰ কালাচিনি এপাৰ্টমেণ্টত বৃহৎ পৰিমাণৰ ধনসহ গ্ৰেপ্তাৰ হৈছিল মণিপুৰৰ এগৰাকী অভিযুক্ত মহিলা ড্ৰাগছ ব্যৱসায়ী ৷ গ্ৰেপ্তাৰ হোৱা অভিযুক্ত মহিলা সংগীতা ৰাণী লাইচাংবামৰ স্বীকাৰোক্তিৰ ভিত্তিতেই চলোৱা হৈছিল এই অভিযান ৷

গ্ৰেপ্তাৰ দুজন লোক
গ্ৰেপ্তাৰ দুজন লোক

লগতে পঢ়ক: মহানগৰীত বৃহৎ পৰিমানৰ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.