ETV Bharat / state

পৰিত্যক্ত ৰাজহুৱা প্ৰস্ৰাৱগাৰেৰে কেনেকৈ সম্ভৱ স্মাৰ্ট গুৱাহাটী !

author img

By

Published : Mar 4, 2020, 8:09 PM IST

Updated : Mar 4, 2020, 9:18 PM IST

ৰাজহুৱা প্ৰস্ৰাৱগাৰ নোহোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে গুৱাহাটীবাসী । গুৱাহাটী পৌৰ নিগমে ৰাইজৰ সুবিধাৰ্থে মহানগৰীত বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ কথা উল্লেখ কৰে যদিয়ো সেয়া বাস্তৱত ফুটুকাৰ ফেনত পৰিণত হৈছে । তাৰে জ্বলন্ত ছবি দেখা গৈছে গুৱাহাটীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এলেকা দিশপুৰত স্থাপন কৰা ৰাজহুৱা প্ৰস্ৰাৱগাৰত ৷

Open Public Toilet System at guwahati
গুৱাহাটীৰ পৰিত্যক্ত ৰূপ

গুৱাহাটী,4 মাৰ্চঃ ৰাজহুৱা প্ৰস্ৰাৱগাৰ নোহোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে গুৱাহাটীবাসী । গুৱাহাটী পৌৰ নিগমে ৰাইজৰ সুবিধাৰ্থে মহানগৰীত বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ কথা উল্লেখ কৰে যদিয়ো সেয়া বাস্তৱত ফুটুকাৰ ফেনত পৰিণত হৈছে । তাৰে জ্বলন্ত ছবি দেখা গৈছে গুৱাহাটীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এলেকা দিশপুৰত স্থাপন কৰা ৰাজহুৱা প্ৰস্ৰাৱগাৰত ৷ সম্প্ৰতি কদৰ্য ৰূপলৈ পৰিণত হোৱা ৰাজহুৱা প্ৰস্ৰাৱগাৰটো নিৰ্মাণৰ কিছুদিন পিছৰে পৰা ব্যৱহাৰৰ অনুপযুক্ত হৈ পৰি আছে ৷ যাৰ বাবে পথৰ য’তে-ত’তে প্ৰস্ৰাৱ কৰিবলৈ বাধ্য হৈছে সাধাৰণ ৰাইজে । এই সমস্যাৰ ফলত বিশেষকৈ পথচাৰী মহিলাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

Open Public Toilet System at guwahati
গুৱাহাটীৰ পৰিত্যক্ত ৰূপ

ইপিনে, প্ৰস্ৰাৱগাৰৰ বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দি আহিছে যদিয়ো বিষয়টোত কোনো কাণসাৰ দিয়া নাই গুৱাহাটী পৌৰ নিগমে । বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া ক্ষোভ ব্যক্ত কৰিছে একাংশ লোকে । লগতে শীঘ্ৰে ৰাইজৰ অসুবিধাৰ প্ৰতি চকু দিবলৈ আহ্বান জনাইছে স্থানীয় লোকসকলে ।

স্মাৰ্ট গুৱাহাটীৰ নমুনা

লগতে চাওকঃঅখিল গগৈৰ চিকিৎসাৰ দাবীত সচেতন নাগৰিক সমাজৰ প্ৰতিবাদ

Last Updated : Mar 4, 2020, 9:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.