ETV Bharat / state

ৰাজ্যত মুকলি হ'ল নিয়োগ কেন্দ্ৰৰ অনলাইন পঞ্জীয়ন ব্যৱস্থা

author img

By

Published : Sep 27, 2021, 7:16 PM IST

এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণী কৰিলে নিয়োগ কেন্দ্ৰৰ (employment exchanges)অনলাইন পঞ্জীয়ন ব্যৱস্থা, যোৰহাট-মাজুলী ফেৰী সেৱাৰ ই টিকেটিং ব্যৱস্থা ৷ এতিয়াৰ পৰা নিৱনুৱা যুৱক-যুৱতীয়ে নিয়োগ কেন্দ্ৰৰ (employment exchanges) নহাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ এপৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব ।

Online registration system of employment exchanges opened in Assam
ৰাজ্যত মুকলি হ'ল নিয়োগ কেন্দ্ৰৰ(employment exchanges)অনলাইন পঞ্জীয়ন ব্যৱস্থা

গুৱাহাটী, ২৭ আগষ্ট: খানাপাৰা ষ্টাফ কলেজত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণী কৰিলে নিয়োগ কেন্দ্ৰৰ (employment exchanges)অনলাইন পঞ্জীয়ন ব্যৱস্থা, যোৰহাট-মাজুলী ফেৰী সেৱাৰ ই টিকেটিং ব্যৱস্থা ৷ লগতে ল'ক ডাউনৰ সময়ত আৰ্থিকভাৱে ক্ষতি হোৱা গাড়ীচালক, হেন্দিমেন, কণ্ডাক্টৰসকললৈ এককালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে এটা এপ মুকলি কৰাৰ লগতে বাঁহ শিল্পীসকলকো অত্যাধুনিক(Tool kites) কীট প্ৰদান কৰা হয় অনুষ্ঠানত ।

মুখ্যমন্ত্ৰী গৰাকীয়ে এপ কেইটা মুকলি কৰি সংবাদ মাধ্যমৰ আগত কয় যে, নিৱনুৱা যুৱক-যুৱতীয়ে নিয়োগ কেন্দ্ৰৰ (employment exchanges) নহাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ এপৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব । এই সেৱা সোমবাৰৰ পৰা উপলব্ধ কৰা হৈছে । ২৪ ঘণ্টাই পঞ্জীয়ন কৰি পাৰিব । আধাৰ থকা সকলে আধাৰ লিংক কৰি পঞ্জীয়ন কৰি এই সেৱা গ্ৰহণ কৰিব পাৰিব । আধাৰ নথকা সকলে নিয়োগ কেন্দ্ৰত অফলাইন পঞ্জীয়ন কৰিব পাৰিব । এই অফলাইন সেৱা অহা ৩১ মাৰ্চ ২০২২ লৈকে উপলব্ধ থাকিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

তদুপৰি মাজুলী আৰু যোৰহাটৰ মাজত যাতায়তৰ বাবে যাত্ৰীসকলে ঘৰত বহি ফেৰীৰ অনলাইন টিকট কাটিব পাৰিব ৷ যাৰ বাবে সোনবাৰে এটা এপ মুকলি কৰিছে অসম চৰকাৰে ৷ ইপিনে, ক'ভিডৰ সময়ছোৱাত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হোৱা বাছ চালক হেণ্ডিমেন, কণ্ডাক্টৰক আৰ্থিক সাহাৰ্য দিয়াৰ বাবে এটা এপ মুকলি কৰা হৈছে । এপটোত বাছৰ মালিকসকলে তেওঁলোকৰ কৰ্মচাৰীৰ নাম ঠিকনা একাউন্ট নম্বৰ দি আবেদন কৰিব পাৰিব । ৩১ ডিচেম্বৰৰ ভিতৰত তেওঁলোকক সাহাৰ্য দিয়া হ'ব জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: বিপদজনক: বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান বাইহাটা চাৰিআলি উপ-সংমণ্ডলৰ

উল্লেখ্য যে, ৰাজ্যত 52 টা নিয়োগ কেন্দ্ৰ আছে । ৰাজ্যত 21 লাখ নিবনুৱাৰ নাম পঞ্জীয়ন হৈ আছে ৰাজ্যৰ নিয়োগ দক্ষতা বিভাগত । এই অনলাইন পদ্ধতিৰ জৰিয়তে কি কি চৰকাৰীৰ ক্ষেত্ৰত কোন প্ৰাৰ্থীৰ যোগ্যতা আছে সেই কথা জানিব পৰা যাব । আনহাতে এটা সপ্তাহ বা ১৫ দিনৰ ভিতৰত গুৱাহাটীত ফেৰী সেৱাত অনলাইন সেৱাৰ ব্যৱস্থা মুকলি কৰা হ'ব । ৭৭২ গৰাকী বাঁহ শিল্পীক অত্যাধুনিক সঁজুলি প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে । প্ৰথম পৰ্যায়ত অনুসূচিত জাতি আৰু জনজাতিসকলক প্ৰদান কৰা হৈছে এই সঁজুলিসমূহ । অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত ব্যৱসায় ভাল হৈছে আজমলৰ : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.