ETV Bharat / state

অনলাইন ঔষধ বিক্ৰী আইন বিৰোধী: বিৰেন্দ্ৰ কুমাৰ বৰ্মন

author img

By

Published : Jun 11, 2022, 6:55 PM IST

ঔষধৰ অনলাইন বিক্ৰী আৰু দাম বৃদ্ধিৰ (Online drug price rise) বিৰুদ্ধে সৰৱ জইণ্ট একচন ফৰাম ৷ যাৰ বিৰোধিতাৰে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত জইণ্ট একচন ফৰামে আয়োজন কৰে এক সংবাদমেলৰ (Press Conference of Joint Action Forum) ৷

Principles of Medical law
অনলাইন ঔষধ বিক্ৰী আইন বিৰোধী : বিৰেন্দ্ৰ কুমাৰ বৰ্মন

গুৱাহাটী, 11 জুন : ঔষধৰ অনলাইন বিক্ৰী আৰু দাম বৃদ্ধিৰ বিৰুদ্ধে সৰৱ কেমিষ্টছ এণ্ড ড্ৰাগিষ্টছ এছোচিয়েচন অফ অসম (CDAA), চেণ্টাৰ অৱ মেডিকেল এণ্ড চেল্‌চ ৰিপ্ৰেজেণ্টেটিভচ ইউনিয়ন উত্তৰ-পূৱ (CRU-NER), এছোচিয়েচন অৱ এড্‌ভান্স ফার্মাচী প্ৰেক্টিচনাৰ (AAPP), অসম ফার্মাচিউটিকেল এছোচিয়েচন (APA)ৰ যৌথ মঞ্চ জইণ্ট একচন ফৰাম । যাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে আয়োজন কৰা হয় এক সংবাদমেলৰ (Press Conference of Joint Action Forum) ৷

এছোচিয়েচন অৱ এড্‌ভান্স ফার্মাচী প্ৰেক্টিচনাৰৰ সভাপতি বিৰেন্দ্ৰ কুমাৰ বৰ্মনে কয় যে, ভাৰতবৰ্ষৰ যি প্ৰচলিত আইন Drug and Cosmetic Act 1940 আৰু ইয়াৰ আধাৰত প্ৰণয়ন কৰা নীতি-নিৰ্দেশনা 1945 ৰ সম্পূৰ্ণ উলংঘা কৰি বৰ্তমান ভাৰতবৰ্ষত ‘অনলাইন' মাধ্যমেৰে ঔষধৰ বিক্ৰী আৰম্ভ হৈছে ।

জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত হ'ব পৰা ক্ষতিৰ কথা বিবেচনা কৰি 2018 চনৰ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায়দানেৰে সংশ্লিষ্ট সকলো চৰকাৰৰ লগতে সকলো পক্ষকে এই বিক্ৰীৰ ব্যৱস্থা বন্ধৰ বাবে বাধা আৰোপ কৰিছিল । পৰিতাপৰ কথা যে, এই ৰায়দান আইনৰ সুৰুঙাৰে উলংঘা কৰি আছে ।

ভাৰতবৰ্ষৰ ডাক্তৰসকলৰ অগ্ৰণী সেৱা সংগঠন ইণ্ডিয়ান মেডিকেল এছচিয়েন (IMA) য়ে 2022 চনত 'অনলাইন' ঔষধ বিক্ৰীৰ সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰি উলিয়াইছে । এই অগ্ৰণী সংস্থাৰ মতে 'অনলাইন'যোগে ঔষধ বিক্ৰী আইন বিৰোধী (Online drug sales against law)৷ তদুপৰি ইয়াৰ দ্বাৰা চিকিৎসা শাস্ত্ৰৰ নীতি (Principles of Medical law) পদ্ধতিৰ ওপৰত মোক্ষম আঘাত বুলি অভিহিত কৰে এছোচিয়েচন অৱ এড্‌ভান্স ফার্মাচী প্ৰেক্টিচনাৰৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : মিজোৰামত ৬ খন আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

IMAৰ মতে 'অনলাইন' ঔষধ বিক্ৰীৰ ফলত ঔষধৰ অপব্যৱহাৰ আৰু ব্যৱহাৰ বৃদ্ধি পাব ৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে এনে ব্যৱস্থাই জনসাধাৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত কু-প্ৰভাৱ, ভয়ংকৰ ক্ষতি আনকি জীৱন হানিকাৰক হৈ পৰিব । ইয়াৰোপৰি ভাৰতবৰ্ষৰ প্ৰচলিত ড্ৰাগচ্ এণ্ড কচমেটিক আইন 1940 য়ে অনুমতি নিদিয়া ঔষধৰ প্ৰস্তুতকৰণ আৰু বিক্ৰীৰ মাত্ৰাও বাঢ়িব ।

‘আনলাইন ঔষধ বিক্ৰীৰ অন্যতম চিন্তনীয় বিষয় হৈছে ডাক্তৰ, ৰোগী, ঔষধ বিক্ৰেতাৰ মাজত থকা বিশ্বাস, প্ৰত্যয়ৰ ব্যৱস্থাটো ভাঙি পেলাব । ‘আনলাইন ব্যৱস্থাৰে' কম দামত ঔষধ বিক্ৰী কৰা, নিৰ্ধাৰিত মূল্যতকৈ 30% শতাংত পর্যন্ত বিশেষ ৰেহাই দি সৰ্বসাধাৰণক প্ৰলোভিত কৰাৰ বাবে বাতৰি কাগজ আৰু বৈদ্যুতিন মাধ্যমক বহুলভাৱে ব্যৱহাৰ কৰি আছে ।

বৰ্তমান প্ৰচলিত ব্যৱস্থামতে ঔষধৰ পাইকাৰী বিক্ৰেতাৰ বাবে গড়ে 4% আৰু খুচুৰা ব্যৱসায়ী ফাৰ্মাচীৰ বাবে 18-20% শতাংশ নিৰ্ধাৰণ কৰা নিৰিখ চলি আছে । এতিয়া প্ৰশ্ন হয়, বর্তমান সঘনাই বিজ্ঞাপন দিয়া ‘অনলাইন'ৰ বিতৰকসকলে কেনেকৈ বজাৰৰ নিৰ্ধাৰিত নিৰিখতকৈ বেছি দিব পাৰিছে ?

উল্লেখযোগ্য যে, উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থা আৰু নিৰীক্ষণৰ অভাৱত ইতিমধ্যে মাজে সময়ে 'নিম্নমানৰ আৰু নকল' ঔষধ যোগানৰ যি ঘটনা ঘটি আছে, অনলাইন ব্যৱস্থাত ই লেকামহীন হৈ বহুলভাৱে প্ৰচলন হ'ব বুলি ডাক্তৰ আৰু ঔষধৰ লগত জড়িত সংগঠনসমূহে আংশকা ব্যক্ত কৰিছে । নেটমেড, ফার্মইজি, এপলো, মার্গ,ৰিলায়েঞ্চ, আমাজন, কিমেড লিমিটেড, ইস্কুৱাৰ, ইজিচ'ল, উদ্দান আদি ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানে অনলাইনত ঔষধ বিক্ৰীৰ কাৰ্য আৰম্ভ কৰিছে ৷

ইয়াৰোপৰি আৰু বহুতো নামী, বেনামী এনে ঔষধ বিতৰক ভাৰতবৰ্ষৰ বজাৰত সোমাই পৰিছে । তথ্য মতে, ইতিমধ্যে ভাৰতবৰ্ষৰ ঔষধ শিল্পৰ উৎপাদন আৰু বজাৰৰ প্ৰায় 14-15 শতাংশ এই অনলাইন ব্যৱস্থাৰ আওতাত সোমাই পৰিছে । ইয়াৰ পৰিমাণ টকাৰ হিচাপত প্ৰায় বছৰি 15,000 কোটি টকাৰ সীমা চেৰাই গৈছে ।

লগতে পঢ়ক : সংস্কাৰ ৰুৰেল চচিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিৱিৰ

তথ্য অনুসৰি, ভাৰতবৰ্ষৰ ঔষধ শিল্প শিল্পভিত্তিক বিবেচনাত চতুর্থ বৃহৎ শিল্প হিচাপে পৰিগণিত হোৱাৰ লগতে সংখ্যাৰ হিচাপত গোটেই বিশ্বত ভাৰতবৰ্ষ ঔষধ প্ৰস্তুতকর্তা দেশৰূপে 11 নম্বৰ স্থানত আছে । ঔষধ শিল্পৰ এই চমকপ্ৰদ প্ৰসাৰৰ মূলতে হ'ল বৰ্তমানৰ বিতৰণ ব্যৱস্থাটো ৷ প্ৰায় 18-20 লাখ খুচুৰা ব্যৱসায়ী, 6-8 লাখ পাইকাৰী বিক্ৰেতাৰ লগতে কোম্পানীৰ স্থানীয় বিতৰক (C&F Depot) আদিয়ে দেশৰ সকলো প্ৰান্ততে ঔষধ বিতৰণৰ কাম কৰি আহিছে আৰু প্ৰাকৃতিক কাৰণগত অসুবিধা নহ'লে কোনো ঠাইতে ঔষধৰ নাটনি হোৱা নাই ।

আনহাতে, ফার্মাচী অনুশীলন নিয়ামক বিধি 2015 (Pharmacy Practice Regulation 2015) মতে, কোনো ঔষধৰ ৰেহাই বা কমিচনৰ বিষয়ে বিজ্ঞাপন দিব নোৱাৰিব । দেখা গৈছে এইবোৰ পদে পদে উলংঘা হৈছে । ভাৰতবৰ্ষৰ কেবাটাও অগ্ৰণী সংগঠন ভাৰতীয় চিকিৎসা সংস্থা (IMA), ফার্মাচী কাউন্সিল অৱ ইণ্ডিয়া (PCI), কেইট (CAIT Confederation of all India Traders), অল ইণ্ডিয়া ওর্গানাইজেচন অৱ কেমিষ্ট আৰু ড্ৰাৰাগিষ্ট (AIOCD), ফেডাৰেচন অৱ মেডিকেল এণ্ড চেল্‌চ বিপ্ৰেজেন্টটেটিভ এছোচিয়েচন (FMRAI) আদিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ।

লগতে পঢ়ক : চৰাইদেউত ৰ'দ-বৰষুণৰ ফলত নষ্ট হৈছে বহু মূল্যবান ঔষধ

এই সংগঠনসমূহৰ মতে অনলাইন ব্যৱস্থাই ভাৰতবৰ্ষৰ চিকিৎসা ব্যৱস্থা, জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত সাংঘাতিকভাৱে ভাবুকিৰ সৃষ্টি কৰিছে ৷ লগতে এই শিল্পৰ বিতৰণ ব্যৱস্থাৰ লগত জড়িত সকলো ব্যৱসায়ী, কর্মচাৰীৰ জীৱিকাৰ নিশ্চয়তাৰ ক্ষেত্ৰতো ভাবুকি আহিছে । শনিবাৰে আয়োজন কৰা এই সংবাদ মেলৰ জৰিয়তে জইণ্ট একচন ফৰামে দেশৰ চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক ঔষধৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে, যোৱা এপ্ৰিলৰ পৰা প্ৰয়োজনীয় ঔষধৰ তালিকাভুক্ত (NLEM) প্ৰায় 800 বিধ ঔষধৰ দাম 10% বৃদ্ধি কৰা হৈছে । এই বৃদ্ধিয়ে অন্যান্য প্ৰয়োজনীয় বয়-বস্তুৰ দাম বৃদ্ধিয়ে ইতিমধ্যে বিপন্ন হোৱা জনসাধাৰণক আৰু বেছি ক্ষতিগ্ৰস্ত কৰিছে । ঔষধৰ দাম খুচুৰা বিক্ৰীৰ নিৰ্ধাৰিত মূল্যত কমোৱাৰ দাবীৰ লগতে সেৱা কৰ (GST), নিৰিখ আদি কম কৰি অথবা বিলোপ কৰি জনসাধাৰণক সকাহ দিবলৈ আহ্বান জনায় ।

ভাৰতবৰ্ষৰ ঔষধ প্ৰস্তুতকৰণ আৰু ৰপ্তানিত যি পাৰদৰ্শিতা দেখুৱাইছে তাৰ আধাৰত দেশীয় বজাৰৰ মূল্য নিম্নগামী কৰি জনসাধাৰণক সকাহ দিবলৈ সংবাদমেল যোগে আহ্বান জনায় ৷

লগতে পঢ়ক : কোনবোৰ ঔষধ আপুনি একেলগে গ্ৰহণ কৰিলে বৃক্কৰ ক্ষতি হ'ব পাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.